নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাছনিত কোন? ৰাজ্যসভাৰ এখন আসনৰ বাবে বিজেপিত ১৩জনৰ আবেদন

ৰাজ্যত ৰাজ্যসভাৰ বিজেপিৰ এখন আসনৰ বাবে ১২জনৰ আবেদন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৪ জুন : ১৯ জুনত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই, প্ৰাক্তন লোকসভা সাংসদ কুইন ওজা আৰু ৰাজদ্বীপ ৰায়কে ধৰি ১৪ জুনত কাৰ্যকাল সমাপ্ত হোৱা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ মিছন ৰঞ্জন দাসকে ধৰি বিজেপিৰ তেৰজন ৰাজনীতিবিদে আবেদন প্ৰেৰণ কৰিছে।

বৰ্তমানৰ সাংসদ বিজেপিৰ মিছন ৰঞ্জন দাস আৰু অগপৰ বীৰেন বৈশ্যৰ কাৰ্যকাল ১৪ জুনত ম্যাদ উকলি যোৱাৰ বাবে খালী হৈ পৰা অসমৰ পৰা ৰাজ্যসভাৰ দুখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

মঙলবাৰে অসম বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া আৰু ৰাজ্যিক নিৰ্বাচনী সমিতিৰ সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত হয়। ৰাজ্যসভাৰ আসন দুখন মনোনয়নৰ বাবে কমিটীয়ে ১৩খন আবেদন লাভ কৰে।

এই তালিকাত আছে ড০ সুনীতা চাংকাকতি, ড০ প্ৰদীপ ঠাকুৰীয়া, ড০ দয়ানন্দ বৰগোহাঁই, ড০ বিজয় কুমাৰ গুপ্তা, ভাস্কৰ দাহাল, কনৰাড পুৰকায়স্থ, মৃদুলা বৰকাকতি, বিশ্বৰূপ ভট্টাচাৰ্য, কুইন ওজা, ৰাজদ্বীপ ৰায়, মিছন ৰঞ্জন দাস আৰু ৰাজেন গোহাঁই।

দেশৰ উচ্চ সদনত অসমৰ ৭খন আসন আছে, ইয়াৰে ৬খন আসন এন ডি এ (বিজেপি ৪, ইউ পি পি এল ১, অগপ ১)ৰ দখলত আছে, এখন আসন নিৰ্দলীয়ৰ হাতত আছে।

You might also like