নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিংৰোডৰ দাঁতিকাষৰীয়া ভূমিত চকু ৰখা মহানগৰীৰ পৰা অহা কোন এই দালাল ? 

মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে সচেতন মহলে 

ৰিংৰোডৰ দাঁতিকাষৰীয়া ভূমিত চকু ৰখা মহানগৰীৰ পৰা অহা কোন এই দালাল ?

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰতম পদক্ষেপৰ ফলত  ৰাজ্যজুৰি ত্ৰস্তমান  হৈ পৰিছিল বেআইনীৰে ভূমি ক্ৰয়-বিক্ৰয়ত জড়িত দালালসকল। কিয়নো এনে দালালসকলক নাকী লগোৱাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত বহু মাটিৰ দালাল ইতিমধ্যে অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেলৰ আলহী হবলগা হৈছিল।

একাংশই আকৌ গ্ৰেপ্তাৰৰ ভয়ত আত্মগোপনো কৰিছিল। আনকি এনে এক পৰিস্থিতি আহি পৰাৰ বাবেই বহুদিনলৈ মাটিৰ দালালসকল আয়ুক্ত কাৰ্যালয় অথবা চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ যোৱাৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে যেন লাজ ভাগিল দালাল সকলৰ। পুনৰ উঠিপৰি লাগিছে এইসকল দালাল।

লক্ষণীয় যে ৰাজধানী চহৰৰেই উপকণ্ঠ উত্তৰ কামৰূপত এতিয়াও ভূমিৰ দালালি অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে। অভিযোগমতে আনকি ইয়াৰে এচামে বিভিন্ন মহলৰে ঘনিষ্ঠতা থকাৰ সূত্ৰেই এই দালালৰাজ চলাই যোৱাৰো ফিটাহি মাৰিবলৈ কুণ্ঠাবোধ নকৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব গ্ৰহন কৰাৰ পিছতে ভূ-মাফিয়া তথা ভূমিৰ দালালৰ বিৰুদ্ধে তৎপৰ হৈ পৰাত উত্তৰ কামৰূপতো ভূ-মাফিয়া তথা ভূমিৰ দালাল স্তব্ধ আৰু নিষ্ক্ৰিয় হৈ পৰিছিল।

ব্যাপক জনসমৰ্থন লাভ কৰা মুখ্যমন্ত্ৰীৰ এই ভূমিকাৰ ফলত চাংসাৰি, কমলপুৰ, হাজো, বাইহাটা চাৰিআলিকে ধৰি উত্তৰ কামৰূপৰ প্ৰান্তে প্ৰান্তে ভূ-মাফিয়াৰ মাফিয়াগিৰী,গুণ্ডাগিৰী প্ৰায় বন্ধ হৈ পৰিছিল।

কিন্তু ইয়াৰ বিপৰীতে কিছুদিন পিছৰে পৰা ইয়াৰে বাইহাটা চাৰিআলি থানা, চাংসাৰি থানা, কমলপুৰ থানা, উত্তৰ গুৱাহাটী আৰক্ষী চকী এলেকাত মাটিৰ দালাল পুণৰ সক্ৰিয় হৈ পৰাৰ লগতে দপদপনিও অব্যাহত ৰাখে। দালালৰ অতপালিত নিজৰ পৈতৃক সম্পতি হিচাপে থকা একমাত্ৰ ভূমিখিনিও চক্ৰটোৱে বিভিন্ন জালিয়াতি সংঘটিত কৰি বনিয়াৰ হাতত কেনেকৈ বিক্ৰী কৰি কমিচন লব পাৰি তাৰেই যেন ষড়যন্ত্ৰত থাকে এই সকল চক্ৰটো।

শেহতীয়াকৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিকে ধৰি কৰৰা মুক্তাপুৰৰ লগতে বৰহাটা, ননৰা, মাজগাঁও আদি এলেকাত প্ৰস্তাৱিত ৰিংৰোডৰ কাষৰ ভূমিতো এনে এচাম দালালৰ লোলুপ দৃষ্টি পৰাৰ অভিযোগ উঠিছে। খৱৰমতে ৰিংৰোডৰ কাষৰ ভূমি কুক্ষিগত কৰাৰ বাবে এতিয়া স্থানীয় দুই এজন লোকক ধনী হোৱাৰ পাঠ পঢ়াই মহানগৰীৰো এচাম দালাল জপিয়াই পৰিছে। অভিযোগমতে, ৰিংৰোড হোৱাৰ পিছত স্বাভাৱিকতে ইয়াৰ আশ-পাশৰ ভূমিৰ মূল্য বহুলাংশে বৃদ্ধি হোৱাটো নিশ্চিত যদিও এচাম দালালে এতিয়াই নানান চাতুৰালি,প্ৰলোভন, প্ৰৰোচনা আদিৰে কম মূল্যত ইয়াৰ কৃষিভূমিৰ চুক্তি কৰি অধিক মূল্যত বহিৰাগত বণিকগোষ্ঠীক হস্তান্তৰ কৰিবলৈ উঠি-পৰি লাগিছে।

কাজেই মধ্যস্থতাকাৰীৰূপী এই সকল দালালৰ প্ৰকোপত ভূমিৰ প্ৰকৃতগৰাকীয়ে বিক্ৰী মূল্যৰ ৩০/৪০ শতাংশ পৰ্যন্ত হেৰুৱাৱ লগা হয়। অকল এয়াই নহয়,যাৱতীয় কাম-কাজৰ ক্ষেত্ৰতো ক্ৰয়-বিক্ৰয় হোৱা ভূমিৰ ন্যূনতম চৰকাৰী মূল্য দেখুৱাই চৰকাৰক ৰাজহ ফাঁকি দি আহিছে। গতিকে সমগ্ৰ বিষয় সন্দৰ্ভত সচেতন মহলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক এই সন্দৰ্ভত পুনৰ তৎপৰ হোৱাৰ বাবে আহ্বান জনাইছে।

নিয়মীয়া বাৰ্তা, চাংসাৰি। Date of Published – 25-06-2025

You might also like