অক্টোবৰত আছুৰ অধিৱেশন: নতুন নেতৃত্বত কোন?
নিয়মীয়া বাৰ্তা, ৯ আগষ্ট: অহা অক্টোবৰ মাহৰ শেষত দুলীয়াজানত অনুষ্ঠিত হ’ব সদৌ অসম ছাত্র সন্থাৰ অধিৱেশন৷ আছুৰ উদ্যোগত নতুন ৰাজনৈতিক দল গঠনৰ চর্চা অব্যাহত থকাৰ মাজতে এই অধিৱেশনখন কেইবাটাও দিশৰ পৰা গুৰুত্বপূর্ণ হৈ পৰিছে৷ কিয়নো ৰাজনৈতিক দল গঠনক লৈ বর্তমানৰ আছু নেতৃত্ব এতিয়াও সর্বসন্মত সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷
আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে নতুন এটা আঞ্চলিক দল গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে যদিও সংগঠনটোৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই নিজকে এনে প্রচেষ্টাৰ পৰা নিলগাই ৰাখিছে৷ এনে পৰিস্থিতিত নতুন দল গঠন কৰিলেও দীপাংক নাথ বা লুৰিণজ্যোতি গগৈয়ে আছুত নিজৰ প্রভাৱ থকাটো বিচাৰিব৷ সেই বাবেই আছুৰ পৰৱর্তী সভাপতি–সম্পাদক পদত তেওঁলোকে নিজৰ পছন্দৰ নেতাক বহুৱাব বিচাৰিব৷ একেদৰে ড০ সমুজ্জ্বল ভট্টাচার্যয়ো তেওঁৰ প্রতি আনুগত্যশীল নেতাক পৰৱর্তী নেতা হিচাপে প্রক্ষেপ কৰি আছুত নিজৰ হেৰুওৱা কর্তৃত্ব স্থাপন কৰিব বিচাৰিব৷ গতিকে দুয়োটা শিবিৰৰ বাবেই আগন্তুক দুলীয়াজান অধিৱেশন হ’ব অত্যন্ত গুৰুত্বপূর্ণ৷ এনে পৰিস্থিতিত আছুৰ সম্ভাব্য সভাপতি–সাধাৰণ সম্পাদকক লৈ সংগঠনটোৰ ভিতৰে–বাহিৰে ব্যাপক চর্চা চলিছে৷ চর্চা অনুসৰি, সদৌ অসম ছাত্র সন্থাৰ বর্তমানৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ প্রক্ষেপিত নেতাদ্বয় হ’ল শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈ আৰু মৰিগাঁৱৰ উৎপল শর্মা৷ দুয়োগৰাকী উচ্চ শিক্ষিত যুৱকৰ আছুৰ তৰুণ চামটোৰ মাজত আছে বিশেষ গ্রহণযোগ্যতা৷ শিৱসাগৰৰ যুৱক উদ্দীপজ্যোতি গগৈ দীর্ঘদিন ধৰি অধ্যয়নসূত্রে ডিব্রুগড় বিশ্ববিদ্যালয়তে আছে৷ ছাত্র–ছাত্রীসকলৰ লগত তেওঁৰ প্রত্যক্ষ সম্পর্ক আছে৷ সেই সূত্রে উজনি অসমৰ ছাত্র সমাজ গগৈৰ পক্ষতে থাকিব৷ একেদৰে মৰিগাঁৱৰ যুৱক উৎপল শর্মাৰ নামো আছুৰ মজিয়াত পৰৱর্তী নেতৃত্বৰ বাবে সৰৱ ৰূপত চর্চিত হৈছে৷
আইনৰ উচ্চ শিক্ষা সমাপ্ত কৰা উৎপল শর্মাক দীপাংক কুমাৰ নাথ আৰু লুৰিণজ্যোতি গগৈয়ে সমর্থন জনোৱা বুলি জানিব পৰা গৈছে৷ ইফালে, আছুৰ পৰৱর্তী সভাপতি–সাধাৰণ সম্পাদক পদৰ বাবে উচ্চাৰিত হৈছে গহপুৰৰ প্রজ্ঞান ভূঞা আৰু নলবাৰীৰ ভৱজিৎ বেজবৰুৱাৰ নামো৷ তেওঁলোক দুয়োগৰাকী ড০ সমুজ্জ্বল ভট্টাচার্যৰ ঘনিষ্ঠ৷ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষাগ্রহণ কৰা প্রজ্ঞান ভূঞা কলেজীয়া দিনৰে পৰা আছুৰ লগত সক্রিয়ভাৱে জড়িত৷ মুখ্য উপদেষ্টা ড০ ভট্টাচার্যৰ গুডবুকত আছে প্রজ্ঞান ভূঞাৰ নাম৷ সেই বাবেই সভাপতি বা সাধাৰণ সম্পাদক যিকোনো এটা পদৰ বাবে প্রক্ষেপ কৰা হ’ব প্রজ্ঞান ভূঞাক৷ একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শিক্ষা গ্রহণ কৰা ভৱজিৎ বেজবৰুৱাৰ নামো নামনি অসমৰ প্রতিনিধি হিচাপে শীর্ষ নেতৃত্বৰ তালিকাত অন্তর্ভুক্ত হ’ব পাৰে৷ লক্ষণীয় বিষয়টো হ’ল সদৌ অসম ছাত্র সন্থাৰ পৰৱর্তী নেতৃত্বৰ বাবে যুৱ নেতাসকলৰ নামহে ব্যাপক ৰূপত চর্চিত হৈছে৷ এনে প্রেক্ষাপটত শীর্ষ পদবীৰ বাবে দীর্ঘদিন ধৰি আশাৰে বাট চাই থকা একাংশ প্রবীণ নেতা অসন্তুষ্ট হৈ পৰিছে৷ অসন্তুষ্ট নেতাসকলে আছুৰ উদ্যোগত গঠন হ’বলগীয়া দললৈ বাট নাচাই শাসকীয় দলত যোগদান কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷