নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ? চাওক সবিশেষ

আজি কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্য স্পৰ্শকাতৰ এলেকাৰ বাসিন্দাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ।

সেই কথা ৰাখি আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোকসেৱা ভৱনত আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ প’ৰ্টেল মুকলি কৰে। এই সেৱা সেতু প’ৰ্টেলৰ জৰিয়তে আৱেদন কৰা লোকক অনুজ্ঞাপত্ৰ প্ৰদান কৰিব ৰাজ্য চৰকাৰে।

কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ
আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ লাভ কৰিবলৈ ৰাজ্য চৰকাৰে বান্ধি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ চৰ্ত।

আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব

আৱেদনকাৰীৰ বয়স ২১ বছৰ হ’ব লাগিব

আৱেদনকাৰী অসমৰ স্পৰ্শকাতৰ এলেকাৰ বাসিন্দা হ’ব

আৱেদনকাৰী মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব

আৱেদনকাৰীৰ বৈধ অস্ত্ৰচালনাৰ প্ৰশিক্ষণৰ পত্ৰ থাকিব লাগিব

আৱেদনকাৰী অসমত তিনিটা প্ৰজন্ম থকা হব লাগিব

আৱেদনকাৰীয়ে সেৱা সেতু প’ৰ্টেলযোগে আবেদন কৰিব পাৰিব

আৰু অৱশেষত জিলা আয়ুক্ত কাৰ্যালয়ে প্ৰদান কৰিব অনুজ্ঞাপত্ৰ।

Niyomiya Barta Desk, 14 August, 2025

You might also like