নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছে কিয় নেতা ধৰি ৰাখিব নোৱাৰে

মামুন ইমদাদুল হক চৌধুৰী

 

প্রথমতে ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে আৰম্ভ হৈ পিছলৈ বহুবাৰ বহুধাবিভক্ত হোৱা ‘কংগ্রেছ’ নামৰ দলটোৱে কংগ্রেছ (ৰুলিং)ৰে পাৰ হৈ কংগ্রেছ (ইন্দিৰা) নাম লৈ পুনৰ ভাৰতীয় জাতীয় কংগ্রেছ নামেৰে চলি আছে৷ বয়স আৰু শাসন ক্ষমতাৰ অভিজ্ঞতা–এই দুয়োটা দিশৰ পৰাই দলটো সবাতোকৈ পুৰণা আৰু অভিজ্ঞ৷ তেন্তে আজি দলৰ এই নিশকতীয়া অৱস্থা কিয়?

কিয় গোৱাত একক সংখ্যাগৰিষ্ঠতা পোৱাৰ পিছতো দলটো ক্ষমতাত অধিষ্ঠিত হ’ব নোৱাৰে? মণিপুৰত সর্বাধিক আসন পায়ো কিয় বিৰোধীৰ আসনত বহিব লগা হয়? কর্ণাটকত জনতা দল (ধর্মনিৰপেক্ষ)ৰে চৰকাৰ কৰাৰ পিছত কিয় নিজ দলৰ চৰকাৰ বর্তাই ৰাখিব নোৱাৰে? কিয় মধ্য প্রদেশত দলটোৰ আত্মকলহৰ বাবে চকী হেৰুৱাব লগা হয়?

এসময়ত লোকসভাত ৪১৫খন আসন দখলেৰে সর্বকালৰ বাবে ইতিহাস ৰচনা কৰিব পৰা দলটো বর্তমানে ৫২খন আসনতে কিয় সীমিত হ’বলগীয়া হয়? এই কথাবোৰ জটিল৷ গভীৰলৈ নগৈ যদি একেবাৰে সহজ ভাষাত চোৱা যায় বা কোৱা যায়, তেন্তে দেখা যাব কংগ্রেছে নিজে জন্ম দিয়া নেতা ধৰি ৰাখিব নোৱাৰাৰ বাবে এনে হৈছে৷ অৱশ্যে এয়া একমাত্র কাৰণ নহ’লেও ই এটা মুখ্য কাৰণ৷

কংগ্রেছৰ কোনোবা জ্যেষ্ঠ নেতাই দল ত্যাগ কৰাৰ ঘটনা এতিয়া যে আৰম্ভ হৈছে এনে নহয়৷ দলটো ১৮৮৫ত গঠন হোৱাৰে পৰা এনে ঘটনা চলি আহিছে৷ পণ্ডিত মদন মোহন মালব্য, নেতাজী সুভাষ চন্দ্র বসুৰ দৰে সভাপতিৰ পদ অলংকৃত কৰা মহান নেতাসকলেও দলটো এৰি যোৱাৰ ঘটনাবোৰ দলটোৰ একো একো খণ্ড ইতিহাস৷ এইবোৰ বাৰু স্বাধীনতাৰ আগৰ

স্বাধীনতাৰ পিছত?

যিটো দলৰ নেতৃত্বত ভাৰতৰ স্বাধীনতাপ্রাপ্তি হ’ল, সেইটো দলে স্বাধীনতাৰ বহুতো মূল কাণ্ডাৰীক কিয় দলটোত ধৰি ৰাখিব নোৱাৰিলে? ব্রিটিছে ভাৰতলৈ ক্ষমতা হস্তান্তৰ কৰা সময়ত কংগ্রেছৰ সভাপতি আছিল জীৱতৰাম কৃপালিনী৷ যিগৰাকীক সকলোৱে আচার্য কৃপালিনী বুলি জানে৷ সভাপতি হোৱাৰ পূর্বে তেওঁ দলটোৰ ১০ বছৰকাল সাধাৰণ সম্পাদক আছিল৷ মহাত্মা গান্ধীৰ লোণ সত্যাগ্রহৰ এজন মূল সংগঠক আছিল এইগৰাকী মহান মনীষী৷ ভাৰত ত্যাগ আন্দোলনৰ এগৰাকী আগশাৰীৰ নেতা আছিল তেওঁ৷ ভাৰতৰ স্বাধীনতাপ্রাপ্তিৰ পিছত অনুষ্ঠিত হোৱা প্রথমটো সাধাৰণ নির্বাচনৰ পূর্বে ১৯৫১ত তেওঁ কিয় দলটোৰ পৰা আঁতৰি আহিবলগা হ’ল?

ভাৰতৰ প্রথমগৰাকী গৱর্নৰ জেনেৰেল আছিল চক্রৱর্তী ৰাজা গোপালাচাৰী৷ তেওঁ ১৯৫৬ত দলটোৰ পৰা আঁতৰি আহিল৷ স্বাধীনতাৰ সময়ৰ দক্ষিণ ভাৰতৰ জ্যেষ্ঠ কংগ্রেছ নেতা এন জি ৰাংগা ১৯৫১ত কংগ্রেছৰ পৰা আঁতৰি আহিল৷ একেটা বছৰতে দক্ষিণ ভাৰতৰ আন এগৰাকী জ্যেষ্ঠ নেতা নৰছিভাই ধানিয়ায়ো আঁতৰি আহিছিল দলটোৰ পৰা৷ কেৰালাৰ এজন দক্ষ প্রভাৱশালী কংগ্রেছ নেতা কে এম জর্জ৷ যিগৰাকী অবিহনে কেৰালাৰ কংগ্রেছৰ ইতিহাস অসম্পূর্ণ৷ তেওঁ আঁতৰি আহিল দলটোৰ পৰা ১৯৬৪ চনত৷ দুবাৰকৈ ওড়িশাৰ মুখ্যমন্ত্রী হোৱা হৰেকৃষ্ণ মাহতাব৷ তেৱোঁ আঁতৰি আহিছিল ১৯৬৬ত৷ চৌধুৰী চৰণ সিঙৰ কথা নক’লোৱেই৷ তেওঁ আঁতৰি অহাৰ পিছত ১৯৬৭ চনত উত্তৰ ভাৰতত কংগ্রেছৰ যি বিপর্যয় হৈছিল, সেয়া ভাৰতীয় ৰাজনীতিৰ এক এৰাব নোৱাৰা ইতিহাস৷ সেইবাৰ কংগ্রেছে হিন্দীবলয়ৰ ৮খনকৈ ৰাজ্যত ক্ষমতা হেৰুৱাব লগা হৈছিল৷ নির্বাচনী ৰাজনীতিত সেয়াই আছিল কংগ্রেছৰ প্রথম বিপর্যয়৷

পশ্চিমবংগৰ অজয় মুখার্জীও আঁতৰি আহিছিল দলটোৰ পৰা৷ সেয়াও ১৯৬৭ চনৰ কথা৷ পিছত তেওঁ প্রদেশখনৰ মুখ্যমন্ত্রীও হৈছিল৷ মণিপুৰৰ দুবাৰকৈ মুখ্যমন্ত্রী আলিমুদ্দিনো আঁতৰি আহিছিল দলটোৰ পৰা ১৯৬৮ চনত৷

১৯৬৯ চনৰ কংগ্রেছৰ কলহ কোনে নাজানে? লালবাহাদুৰ শাস্ত্রীৰ মৃত্যুৰ পিছত তদানীন্তন কংগ্রেছৰ সভাপতি কে কামৰাজ প্রধানমন্ত্রী হোৱাটো একপ্রকাৰ খাটাং আছিল৷ কিন্তু তেওঁ প্রধানমন্ত্রিত্বৰ পদ গ্রহণ নকৰি সভাপতি হৈয়ে ৰ’ল৷ নিজ হাতেৰে প্রধানমন্ত্রী পাতিলে তেতিয়াৰ ‘গুংগী গুৰিয়া’ ইন্দিৰা গান্ধীক৷ ইন্দিৰা গান্ধীৰ ৰাজনৈতিক পৰিচয়েই বা কি আছিল তেতিয়া জৱাহৰলাল নেহৰুৰ পুত্রী আৰু প্রশাসনিক অভিজ্ঞতা? শাস্ত্রী মন্ত্রীসভাৰ তথ্য আৰু সম্প্রচাৰ বিভাগৰ ৰাজ্যিক মন্ত্রী মাত্র৷ কেবিনেটো নহয়৷ ভাৰতীয় ৰাজনীতিৰ বিশেষকৈ কংগ্রেছী ৰাজনীতিৰ বিখ্যাত কামৰাজ প্লেনৰ প্রৱর্তক এই কামৰাজো টিকিব নোৱাৰিলে দলটোত৷ ওলাই আহিল ১৯৬৯ চনত৷ তাকো মাত্র ৫ বছৰ পূর্বে নিজে পতা প্রধানমন্ত্রী ইন্দিৰা গান্ধীৰ সৈতে হোৱা সংঘাতৰ বাবে৷

বিজু পাটনায়কৰ অৱদান অবিহনে ভাৰতীয় ৰাজনীতিৰ ইতিহাস অসম্পূর্ণ৷ ১৯৪৭ত ভাৰত–পাক যুদ্ধৰ সময়ত দক্ষ পাইলট, কলিংগ এয়াৰলাইন্সৰ প্রতিষ্ঠাপক বিজু পাটনায়কে নিজে বিমান চলাই ভাৰতীয় সেনা জোৱানক কাশ্মীৰত অৱতৰণ কৰাইছিল৷ তেওঁৰ সাহসী পদক্ষেপৰ বাবে কাশ্মীৰ আজি ভাৰতৰ অংগ৷ অবিচ্ছেদ্য অংগ৷ ওড়িশাৰ মুখ্যমন্ত্রিত্ব চম্ভালাজনো থাকিব নোৱাৰিলে দলটোত, ওলাই আহিল৷ ১৯৬৯ চনত তেওঁৰ সুযোগ্য সন্তান নবীন পাটনায়কো বিগত কুৰি বছৰে ওড়িশাৰ মুখ্যমন্ত্রী হৈ আছে৷ ই কিন্তু কম ডাঙৰ কথা নহয়৷ এনেহেন পৰিয়ালক ধৰি ৰাখিব নোৱাৰিলে কংগ্রেছে৷

অবিভক্ত অন্ধ্রৰ ইতিহাস মাৰী চেন্না ৰেড্ডী ব্যতিৰেকে অসম্পূর্ণ৷ পিছলৈ চাৰিখনকৈ ৰাজ্যৰ ৰাজ্যপাল, অন্ধ্রৰ মুখ্যমন্ত্রী আদি হ’বলৈ সক্ষম হোৱা ব্যক্তিজনো এসময়ত ওলাই আহিছিল কংগ্রেছৰ পৰা৷ সেয়া ১৯৬৯ চনৰ কথা৷ ১৯৪৬ৰ অবিভক্ত ভাৰতৰ নেহৰু নেতৃত্বাধীন অস্থায়ী চৰকাৰৰ আটাইতকৈ কম বয়সীয়া মন্ত্রীজন আছিল দলিত নেতা জগজীৱন ৰাম৷ ভাৰতৰ প্রথমগৰাকী শ্রমমন্ত্রী তেওঁ৷ ১৯৭১ৰ ভাৰত–পাক যুদ্ধৰ সময়ত প্রতিৰক্ষা মন্ত্রী আছিল তেওঁ৷ তেওঁ ওলাই আহিছিল দলটোৰ পৰা ১৯৭৭ত৷ কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী দেৱৰাজ আর্চৰ অবিহনে কংগ্রেছৰ সাংগঠনিক ইতিহাস আধৰুৱা–সম্পূর্ণ৷ তেৱোঁ ওলাই আহিছিল দলটোৰ পৰা ১৯৭৯ চনত৷ এ কে এণ্টনী সম্প্রতি কংগ্রেছৰ জ্যেষ্ঠ নেতা৷ চাৰিবাৰকৈ কেৰালাৰ মুখ্যমন্ত্রী পদত বহা ব্যক্তি তেওঁ৷ কিন্তু, তেৱোঁ এসময়ত দলটোৰ পৰা ওলাই আহিছিল৷ সেয়া ১৯৮০ চনৰ কথা৷ একেই কথা খাটে পূর্বৰ ৰাষ্ট্রপতি প্রণৱ মুখার্জী আৰু পূর্বৰ গৃহ আৰু বিত্তমন্ত্রী পি চিদাম্বৰমৰ ক্ষেত্রতো৷ এই দুয়োগৰাকী নেতা কংগ্রেছ ত্যাগী৷ পুনৰ দললৈ উভতি অহা৷

ভাৰতীয় ৰাজনীতি মানেই শাৰদ পাৱাৰৰ নাম আহে৷ মাৰাঠা ষ্ট্রংমেন বুলি সকলোৱে তেওঁক জানে৷ তেৱোঁ ওলাই আহিবলগা হৈছিল দলটোৰ পৰা৷ এবাৰ নহয়, কেইবাবাৰো৷ প্রথমে ১৯৭৮ত, পিছত ১৯৮১ত আৰু একেবাৰে শেষত ১৯৯৯ত৷ অর্থাৎ দল ত্যাগ কৰি পুনৰ উভতি আহিলেও তেওঁ দলত থাকিব নোৱাৰিলে৷ যিগৰাকীৰ ইছাৰত মহাৰাষ্ট্রৰ ৰাজনীতি চলে, তেওঁক কংগ্রেছে ৰাখিব নোৱাৰিলে৷

দক্ষিণ ভাৰতত চিৰ সেউজ অভিনেতা শিৱাজী গণেশনৰ নাম নুশুনা লোক আছে জানো৷ এসময়ত তেওঁ কংগ্রেছ নেতা আছিল৷ এসময়ত হাৰিয়ানাৰ ৰাজনীতি মানেই আছিল বংশীলাল আৰু ভজনলাল৷ তেওঁলোক দুয়োৰে কোনো এজনো থাকিব নোৱাৰিলে দলটোত৷ দুয়ো ওলাই আহিছিল কংগ্রেছৰ পৰা৷

১৯৯৪ চনত নাৰায়ণ দত্ত তিৱাৰী, অর্জন সিং, কে নেটৱাৰ সিং, ৰংগাৰাজন, পি আৰ কুমাৰ মংগলম, শীলা দীক্ষিত আদি প্রায় ভালেসংখ্যক আগশাৰীৰ নেতা ওলাই আহিছিল দলটোৰ পৰা৷ অৱশ্যে প্রায় সকলোৱেই পুনৰ উভতি আহিছিল যদিও ১৯৯৬ৰ নির্বাচনত কংগ্রেছক বিধ্বস্ত কৰাৰ পিছতহে৷

১৯৯৪ত তামিলনাডুৰ ৰাজপডী ৰামামূর্তি, কর্ণাটকৰ কে বাংগাৰাপ্পা, ১৯৯৬ত অৰুণাচলৰ গেগং আপং, মধ্য প্রদেশৰ মাধৱৰাও সিন্ধিয়া, তামিলনাডুৰ জি কে মুপানৰ, ১৯৯৭ত পশ্চিমবংগৰ মমতা বেনার্জী, হিমাচল প্রদেশৰ সুখৰাম, মণিপুৰৰ ৱাহিংবম নিপামচা সিং, ১৯৯৮ত গোৱাৰ ফ্রান্সিছ ডিছুজা, অৰুণাচলৰ মুকুট মিথি, ৰাজস্থানৰ শিশৰাম ওলা, মহাৰাষ্ট্রৰ সুৰেশ কালমাদী, ১৯৯৯ত বিহাৰৰ জগন্নাথ মিশ্র, জম্মু–কাশ্মীৰৰ মুফতি মহম্মদ ছয়ীদ, ২০০০ চনত গোৱাৰ ফ্রান্সিছ কো ছার্ডিনহা, ২০০১ত পণ্ডিচেৰীৰ পি কান্নান, ২০০২ত মহাৰাষ্ট্রৰ জাম্বুৱান্ত ৰাও, গুজৰাটৰ চিবলদাছ মেহতা, ২০০৩ত অৰুণাচলৰ কামেং দল, নাগালেণ্ডৰ নেফি’ ৰি’, ২০০৫ত কেৰালাৰ কে কৰুণাকৰণ, ২০০৭ হাৰিয়ানাৰ কুলদীপ সিং বিষ্ণয়, ২০০৮ত পশ্চিমবংগৰ সোমেন মিত্র, ২০১১ত অন্ধ্রৰ ৱাই এছ জগমোহন ৰেড্ডী, পণ্ডিচেৰীৰ এন ৰাংগাস্বামী, ২০১৪ত অন্ধ্রৰ এন কিৰণ কুমাৰ ৰেড্ডী, তামিলনাডুৰ জি কে ভাছান, ২০১৬ত ছত্তিশগড়ৰ অজিত যোগী আদি অলেখ নেতা কংগ্রেছ এৰি গুচি গৈছে৷ এই নামবোৰ কেৱল নাম নহয়, তেওঁলোক নিজে নিজেই এক অনুষ্ঠান৷ ইয়াৰে সুৰেশ কালমাদী বা মাধৱৰাও সিন্ধিয়াৰ দৰে দুই–এজন নেতা পিছত কংগ্রেছলৈ ঘূৰি আহিল যদিও সৰহসংখ্যকেই নিজে দল গঠন কৰি নিজ নিজ ৰাজ্যত হয়তো পৃথক দল চলাই আছে বা চৰকাৰ চলাই আছে৷

কংগ্রেছৰ পৰা ওলাই যোৱাৰ তালিকা ইমানতে শেষনে? ওঁহো নহয়৷ আৰু বহুত দীঘলীয়া৷ মাত্র ২০১৪ চনৰ পৰা যদি এই দলত্যাগীসকলৰ তালিকাত চকু ফুৰোৱা হয়, তেন্তে নাম ওলাব জয়ন্তী নটৰাজন, কৃষ্ণ তিৰথ, চৌধুৰী বীৰেন্দ্র সিং, দত্ত মেঘে, জগমিত সিং ব্রাৰাৰ, অৱতাৰ সিং বান্দ্রা, ৰঞ্জিত দেশমুখ, মংগতৰাম শর্মা, ৰাও ইন্দ্রজিত, সিং, এছ এম কৃষ্ণ, এন বীৰেন সিং, জগদম্বিকা পাল, সত্যপাল মহাৰাজ, ডি পণ্ডুশ্বেৰী, জাছা বাৰাদ, শংকৰ সিং বাঘেলা, ৰাজেন্দ্র চাবাদ,  ৰীতা বহুগুণা মোশী, বিজয় বহুগুণা, ড০ হিমন্ত বিশ্ব শর্মা আদি বহুতো৷ এওঁলোক কোনো এলাপেচা লোক নহয়৷ একো একোখন প্রদেশৰ এওঁলোক একো একোজন হেভিৱেট নেতা৷ দল আৰু চৰকাৰ উভয় ক্ষেত্রতেই অপাৰ অভিজ্ঞতাৰে উপলব্ধ এওঁলোক৷ এওঁলোকক নেতা বনাইছে কংগ্রেছেই৷ কিন্তু আফচোচ কংগ্রেছে এওঁলোকক ধৰি ৰাখিব পৰা নাই৷

শেষ নোহোৱা এই তালিকাখনত আকৌ সৌ সিদিনা যোগ হ’ল মধ্য প্রদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম৷ অকলে তেওঁ যে কংগ্রেছ এৰি গৈছে এনে নহয়৷ মধ্য প্রদেশত নিজে বনোৱা চৰকাৰৰ পতন ঘটাই সংগঠন খহাই গৈছে৷

অৱশ্যে ইয়াত আচৰিত হ’বলগা একো নাই৷ যি কংগ্রেছে মাত্র ৩৯ বছৰ বয়সত সভাপতিত্ব অর্জন কৰিব পৰা দক্ষতা থকা সুভাষ চন্দ্র বসুক ধৰি ৰাখিব নোৱাৰে, যি কংগ্রেছে চক্রৱর্তী ৰাজা গোপালাচাৰীৰ দৰে গান্ধীবাদীক ৰাখিব নোৱাৰে, যি কংগ্রেছে আচার্য কৃপালিনীৰ লেখীয়া সমাজবাদীক ধৰি ৰাখিব নোৱাৰে, সেই কংগ্রেছে জ্যোতিৰাদিত্য সিন্ধিয়া, ড০ হিমন্ত বিশ্ব শর্মাক ৰাখিব নোৱাৰাটো স্বাভাৱিক কথা৷

প্রকৃতার্থত হৈছে কি কংগ্রেছৰ? এই কথাবোৰ দকৈ কংগ্রেছ নেতৃত্বই উপলব্ধি কৰা উচিত৷ এজন আঁতৰি গ’লে অকল এজন নেতাই আঁতৰি যোৱাটো নুবুজায়৷ এজন নেতাৰ সৈতে এটা ছেটআপ থাকে৷ হাজাৰ হাজাৰ সমর্থক থাকে৷ নেতা এজন আঁতৰি যোৱাৰ লগে লগে এই নেটৱর্ক আপোনা–আপুনি আঁতৰি যায়৷ যাৰবাবে আজি কংগ্রেছ সংকটত৷ গভীৰ সংকটত৷

কংগ্রেছে পূর্বৰ ভুলৰ শুধৰণি কৰি আত্মবিশ্লেষণ কৰাৰ এয়াই উপযুক্ত সময়৷ নেতাই দল এৰি যোৱাৰ প্রৱণতা ৰোধ কৰিব লাগিব৷ অন্যথা এই ঐতিহাসিক দলটো নিজে নিজেই ইতিহাস হৈ যাব৷