নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্ৰেছে ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয় : মুখ্যমন্ত্ৰী

📌 কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্হিতি উত্তপ্ত কৰিব বিচাৰিছে
নিয়মীয়া বাৰ্তা, ৫ নৱেম্বৰ : কোন বাংলাদেশী, কোন বিদেশী সেয়া কংগ্ৰেছে কেনেকৈ ক’ব।বাংলাদেশী চিনাক্ত কৰা বিজেপিৰ কাম। কংগ্ৰেছে পুনৰ বাংলাদেশী বিষয় উত্থাপন কৰি ৰাজ্যত পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে। ধলাইৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হিচাপে কংগ্ৰেছৰ অভিযোগ সন্দৰ্ভত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । তেওঁ কয়, বাংলাদেশী কোনে তৈয়াৰ কৰিছিল। কংগ্ৰেছে  বাংলাদেশী সৃষ্টি কৰিছে। কংগ্ৰেছে দেশ বিভাজন কৰিছিল। কংগ্ৰেছৰ ছোনিয়া গান্ধীক কিয় ইটালিয়ান বুলি নকয়। কংগ্ৰেছে বাঙালী লোকক বাংলাদেশী কয়, বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বাংলাদেশী হ’লে ছোনিয়া গান্ধী ইটালিয়ান। তেওঁ কয়, ১৯৭১ চনৰ আগতে যিসকলে ইয়ালৈ আহিছিল তেওঁলোকে অত্যাচাৰিত হৈ আহিছিল। বৰ্তমান বাংলাদেশত হিন্দুৰ ওপৰত নিৰ্যাতন চলিছে। আজি ধলাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ হৈ দুখন নিৰ্বাচনী সভাত অংশ গ্ৰহণ কৰি বিজেপি প্ৰাৰ্থীৰ হৈ তীব্ৰ প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বি এন এম পি হাইস্কুল আৰু পালংঘাটৰ চিচি জে চি হাইস্কুলৰ খেলপথাৰত আয়োজিত দুখন বিশাল নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি প্ৰচাৰ চলায় মুখ্যমন্ত্ৰীয়ে। সভাত অংশগ্ৰহণ কৰি প্ৰথমৰ পৰাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰে ড০ শৰ্মাই। কংগ্রেছৰ হাতত বিজেপিৰ বিৰুদ্ধে কোনো ইছ্যু নাই বাবেই নীহাৰ ৰঞ্জন দাসক বাংলাদেশী বুলি সজাই অসমৰ পৰিস্থিতি উত্তপ্ত কৰিব বিচাৰিছে। বাংলাদেশী  কোন হয়, সেয়া চোৱাৰ দায়িত্ব কংগ্ৰেছৰ নহয়। সেই দায়িত্ব চৰকাৰৰ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছক গাখীৰ নিদিয়া গৰুৰ লগত তুলনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ হল এনে গৰু, যিয়ে দানা খোৱাৰ পিচতো গাখীৰ নিদিয়ে। ইয়াৰ বিপৰীতে বিজেপিক গাখীৰ দিয়া জাৰ্চি গৰু বুলি অভিহিত কৰে মুখ্যমন্ত্ৰীয়ে। ধলাইৰ বাবে কেবাটাও পথ, সেতু, কলেজসহ বিভিন্ন উন্নয়নমুলক কামৰ প্ৰতিশ্ৰতি দিয়ে। বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ ৰাইজক কৰযোৰে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। ইফালে, ৰাজ‌্যত অনুষ্ঠিত হব লগা পাচটা সমষ্টিৰ উপ নিৰ্বাচনত চাৰিটা সমষ্টিত বিজেপিৰ জয় নিশ্চিত যদিও এটা সমষ্টিত বিজেপিৰ বাবে কষ্টকৰ হব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ডঃ শৰ্মাই ভাষণত কয়, কংগ্ৰেছ এটা গাখীৰ নিদিয়া গাই গৰু। যিমানেই দানা খুৱাব গাখীৰ নিদিয়ে। কিন্তু বিজেপি হ’ল জাৰ্চি গৰু। দানা খুৱালে ষোল্ল লিটাৰ গাখীৰ দিব। কংগ্ৰেছক ভোট দিলে কোনো কাম নহয়। কংগ্ৰেছ মতা গৰুৰ দৰে। সেয়েহে যিমানেই ভোট দিব কাম কৰিব নোৱাৰিব। কংগ্ৰেছৰ বৰ্তমান কোনো ইছ্যু নাই। কংগ্ৰেছে ৰাইজক একো দিব নোৱাৰিব। অৰুণোদয়, নিযুত মইনা, ৰেচন কাৰ্ড, স্কুল -ৰাস্তা একো দিব নোৱাৰিব। কিয়নো দিছপুৰ আৰু দিল্লীত বিজেপি চৰকাৰ আছে। বিজেপি অসমত ৫০ বছৰ থাকিব। তেতিয়ালৈ কংগ্ৰেছৰ চিনচাব নোহোৱা হৈ যাব। মুখ্যমন্ত্ৰীয়ে কয়, বৰ্তমান বৰাক আৰু ব্ৰহ্মপুত্ৰ আদি কোনো বিভেদ নাই। বৰাক উপত্যকাত নতুনকৈ কৰিমগঞ্জত মেডিকেল কলেজ হাস্পতাল নিৰ্মাণ হ’ব। ধলাইত বিজেপিৰ উন্নয়নমূলক কাৰ্যসূচীৰ বাবে অসীম লাভৱান হৈছে।  উচ্চ শিক্ষাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে সমষ্টিটোত আহি আছে এখন আদৰ্শ ডিগ্ৰী মহাবিদ্যালয়। নতুনকৈ ধলাইৰ ৰাস্তাৰ বাবে ৫০ কোটি টকা দিয়া হৈছে। বৰজালেঙ্গা আৰু নৰসিংপুৰত এখন কলেজ হ’ব। মুখ্যমন্ত্ৰীয়ে কয়, পালংঘাটত প্ৰথম আহিছে। পালংঘাটত ২০ কোটি টকাৰ মিনি ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব। ২০ ২৬ চনৰ নিৰ্বাচনৰ পূৰ্বে ষ্টেডিয়াম নিৰ্মাণ হ’ব । আমড়াঘাটে বৰাক নদীৰ ওপৰ সেতু নিৰ্মাণ কৰা হ’ব। যোৱা ৩ অক্টোবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলা আৰু অসমীয়া ভাষাকে ধ্ৰুপদী ভাষা হিচাপে ঘোষণা কৰে। ইয়াৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছো। নীহাৰ ৰঞ্জন দাসক ভোট দি জয়ী কৰিলে ধলাইৰ উন্নয়নৰ দায়িত্ব তেওঁৰ বুলি উল্লেখ কৰে তেওঁ। এইদিনা ভাষণত মুখ্যমন্ত্ৰীয়ে কয়, ফ্ৰেব্ৰুৱাৰী ভিতৰত লাখ লাখ মহিলাই পাব ১০ হাজাৰ টকা।ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। আধাৰকাৰ্ডৰ সমস্যা শেষ হৈছে। সভাত সাংসদ পৰিমল শুক্লবৈদ্যই কয়, কংগ্ৰেছৰ অভিযোগ বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাস বিদেশী। কংগ্ৰেছে দেশক দ্বিখণ্ডিত কৰিছে। অখণ্ড ভাৰতক বিখন্ডিত কৰিছে। কংগ্ৰেছে কেনেকৈ কব পাৰে বিদেশী আৰু স্বদেশী। নীহাৰ ৰঞ্জন দাসৰ ৰতনপুৰ চাহ বাগিচাত ঘৰ। আইৰংমাৰা স্কুলত পঢ়া-শুনা। শিক্ষক হিচাপে কৰ্মৰত আছিল। ৰতনপুৰ চাহ বাগিচাত ম্যানেজাৰ হিচাপে কাম কৰিছিল। পাকিস্তানৰ মানুহে‌ বিদেশী আৰু স্বদেশী কয়। এইদিনা মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ উন্নমূলক কাম-কাজৰ প্ৰশংসা কৰে তেওঁ। কংগ্ৰেছৰ সভাত পাঁচশো মানুহ হোৱা নাই। ৰাহুল গান্ধীক আনিলে এক হাজাৰ মানুহ নহ’ব। ধলাইত বিজেপি বহু শক্তিশালী। ইয়াত কংগ্ৰেছে সমাবেশ কৰি কোনো লাভ নহ’ব বুলি উল্লেখ কৰে তেওঁ। সভাত বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসে কয়, নিষ্ঠা আৰু সততাৰ পুৰস্কাৰ লাভ কৰিছে। ২০০০ চনত বিজেপিত যোগদান কৰিছিল। এছচি বোৰ্ডেৰ চেয়াৰমেন হিচাপে কাছাৰত ৪৫টা শিবিৰ কৰি অনুসূচিত জাতিৰ চাৰ্টিফিকেট বিতৰণ কৰে। ধলাইত ১২টা শিবিৰ পাতি চাৰ্টিফিকেট বিতৰণ‌ কৰে। ৪০ হাজাৰ মানুহক এছ চি চাৰ্টিফিকেট প্ৰদান কৰিছে। এন আৰ চিৰ সময়ত দলীয় নিৰ্দেশত ৰাইজৰ কাম কাজ কৰিছিল। তেওঁ কয়, প্ৰতিজন দলীয় কৰ্মী সদস্য আৰু ৰাইজক লগত লৈ ধলাইৰ উন্নয়নত ভোট দি জয়যুক্ত কৰক। বিজয় সংকল্প সমাবেশত উপস্থিত আছিল মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, সাংসদ পৰিমল শুক্লবৈদ্য, সাংসদ কৃপানাথ মাল্লা, প্ৰাক্তন সাংসদ ডাঃ ৰাজদ্বীপ ৰয়, বিধায়ক কৌশিক ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, বিধায়ক মিহিৰ কান্তি সোম, বিধায়ক কৃষ্ণেন্দু পাল, বিধায়ক বিজয় মালাকাৰ, জিলা সভাপতি বিমলেন্দু ৰয়, কাছাৰ জিলাৰ প্ৰভাৰী বিশ্বৰূপ ভট্টাচাৰ্য, কংগ্ৰেছ সম্পাদক কণাদ পুৰকায়স্থ, মহিলা নেত্ৰী শিপ্ৰা গুণ,অনুপমা ৰয়।
প্ৰেৰক গৌতম তালুকদাৰ
You might also like