বিশেষ বাৰ্তা, ১৭ জানুৱাৰী : কেন্দ্ৰীয় চৰকাৰৰ জল জীৱন মিচনৰ অধীনত আঁচনি স্থাপনৰ নামত নাওবৈচা অঞ্চলত একাংশ ঠিকাদাৰে ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অনিয়ম দুৰ্নীতিৰ সন্দৰ্ভত শেহতীয়াকৈ নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থা বিভাগটোৰ বিৰুদ্ধে গৰজি উঠিছে।নিৰ্মাণৰ এটা বছৰ সম্পূৰ্ণ নহতেই কৰবাত যদি আঁচনিৰ পানীৰ পাইপ ফাটি পানী ওলাইছে আন কৰবাত আঁচনিৰ দেৱালত মেলিছে ফাঁট। ইফালে আঁচনি সমূহৰ পাইপ স্থাপনৰ নামত একাংশ ঠিকাদাৰে লোক নিৰ্মান পথ অথবা গ্ৰাম্য পথসমূহ বিধ্বস্ত কৰি শোচনীয় কৰি তুলিছে। পাইপ ইস্থাপনৰ নামত অঞ্চলটোৰ বিভিন্ন এলেকাত গাঁতসমূহ খান্দি সেই গাঁত সমূহ তেনেকৈ এৰিছে ঠিকাদাৰে। যাৰ ফলত এজাক বৰষুণ দিলেই ৰাস্তাসমূহ কদৰ্য হৈ পৰাৰ লগতে ভয়ানক দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকট হৈ পৰিছে। এই সন্দৰ্ভত নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া অভিযন্তাক বাৰম্বাৰ অৱগত কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। দুৰ্নীতিগ্রস্ত এই সকল ঠিকাদাৰক নাকী লগোৱাত ব্যৰ্থ হৈছে অভিযন্তাসকল। এই বিষয়সমূহত দৃষ্টি নিক্ষেপ কৰি ঠিকাদাৰ সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নৱ নিযুক্ত জিলা আয়ুক্ত গৰাকীক নাওবৈচা আঞ্চলিক ছাত্ৰ সন্থাই দাবী জনাইছে । অন্যথা বিভাগটোৰ বিৰুদ্ধে ৰাজপথলৈ ওলায় আহি তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও ছাত্ৰ সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে।
প্ৰেৰক নিতুল বৰা