নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ৰ কাৰাগাৰত খালিস্তানী সমৰ্থক দলজিতক সাক্ষাৎ পত্নী-পুত্ৰৰ

বিশেষ বাৰ্তা, ২০ এপ্ৰিলঃ ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ৱাৰিচ পাঞ্জাৱ ডেৰ অন্যতম সদস্য,উগ্ৰ খালিস্তানী সমৰ্থক তথা মুৰব্বী অমৃতপাল সিঙৰ সহযোগী দলজিৎ সিঙক আজি তেওঁৰ পৰিবাৰ আৰু পুত্ৰই সাক্ষাৎ কৰে। প্ৰাপ্ত তথ্য অনুসৰি দলজিত সিং কালচিৰ পত্নী নাৰিন্দৰ কৌৰ (নিৰু কালচি)লগতে পুত্ৰ ছিমাৰজিৎ কালচি (ছানী) ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত আজি পুৱা প্ৰায় ১০:২০ বজাত আহি উপস্থিত হৈ প্ৰায় চাৰি ঘণ্টাৰো অধিক সময় কাৰাগাৰ চৌহদৰ ভিতৰত থাকি দুপৰীয়া ২.৪০ বজাত বাহিৰলৈ আহে।জেলৰ চৌহদৰ পৰা ওলাই অহাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নাৰিন্দৰ কৌৰে কয় যে তেওঁ আৰু তেওঁৰ পুত্ৰক, স্বামীক এঘণ্টাৰ বাবে লগ কৰিবলৈ দিয়া হৈছিল।ইয়াৰ পূৰ্বে কৌৰে, পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত স্বামীক অসমৰ ‘অবৈধ জিম্মা’ৰ পৰা মুক্তি বিচাৰি হাবিয়াছ কৰ্পাছ আবেদন দাখিল কৰিছিল।তেওঁৰ আবেদনত নাৰিন্দৰ কৌৰে ১৯৮০ চনৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত পঞ্জাৱ চৰকাৰৰ অনুৰোধত জিলা দণ্ডাধীশে গৃহীত কৰা ডিটেনচন আদেশ বাতিল কৰিবলৈ বিচাৰিছিল।আদালতৰ নিৰ্দেশ অনুযায়ী নিৰ্ধাৰিত এক ঘন্টা সময় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ ভিতৰত বাৰ্তালাপ কৰে দলজিত সিং কালচিৰ সৈতে পত্নী পুত্ৰই।পত্নী নাৰিন্দৰ কৌৰৰ মতে, তেওঁলোক কাৰাগাৰৰ ভিতৰত বেছ আৰামত আছে, কাৰাগাৰৰ ভিতৰত বিচৰা মতেই প্ৰতিটো খাদ্য আৰু সুবিধা প্ৰদান কৰা হৈছে।কোনো সমস্যা হোৱা নাই।যি বিচাৰিছে সেয়া তেওঁলোকক প্ৰদান কৰা হৈছে বুলি অতি বিনম্ৰতাৰে নাৰিন্দৰ কৌৰে প্ৰকাশ কৰে। উল্লেখ্য যে আজি ডিব্ৰুগড়ৰ কেন্দ্রীয় কাৰাগাৰত স্বামীক সাক্ষাৎ কৰি নাৰিন্দৰ কৌৰে পুনৰাই কয়– ‘তেওঁলোক জেলৰ ভিতৰত সুকলমে আছে।বিচৰা মতেই খাদ্য আৰু আন সকলো সুবিধা প্ৰদান কৰা হৈছে।তেওঁলোকে কোনো ভুল কাম কৰা নাই। সংবাদ মাধ্যমে যি ধৰণে দেখাই আছে সেয়া সকলো ভুল,সকলোবোৰ অভিযোগ ভুল।তেওঁলোকৰ ফালৰ পৰা কোনো ভুল কৰা নাই।ন্যায়ালয়ৰ আগন্তুক যি ব্যৱস্থা হ’ব সেয়াই হ’ব।জেল, ন্যায়ালয়ে তেওঁলোকক সুন্দৰকৈ ৰাখিছে বুলি সদৰী কৰি তেওঁ পুনৰ কয় যে প্ৰত্যেকটো অভিযোগ ভুল,তেওঁলোকে কোনো ভুল কাম কৰা নাই, মাত্র পন্থ(আধ্যাত্মিক মাৰ্গ)ৰ বাবে কাম কৰি আছে।কি ভুল কৰিলে তেওঁলোকে ? অমৃত পালে ভুল কৰিলে কি ? যি সকলে ড্ৰাগ্‌চ সেৱন কৰি আছিল তেওঁলোকক ড্ৰাগছৰ পৰা আঁতৰ কৰিলে।লোক সকলক নিজৰ আধ্যাত্মিক মাৰ্গৰ সৈতে সংযোগ হ’বলৈ ক’লে, ইয়াত কি ভুল আছিল বুলিও সজোৰে প্ৰশ্ন কৰে।যদি অমৃত পালক গ্ৰেপ্তাৰ কৰিবই আছিল, তেন্তে যেতিয়া তেওঁ ঘৰত নিশা ৮/৯ বজা লৈকে আছিল;তেতিয়া তেওঁক কিয় গ্ৰেপ্তাৰ নকৰিলে? মাত্র তেওঁক সমাজত বদনাম কৰিবলৈ,মিছা অপযশৰে নাম বেয়া কৰিবৰ বাবেই,মানুহক দেখাবলৈ যে তেওঁক আমি খেদাইছো,দৌৰাইছো।মাত্র তেওঁৰ নাম বেয়া কৰিবলৈ এয়া কৰা হ’ল বুলি অতি ক্ষোভৰে ব্যক্ত কৰি জেলৰ ভিতৰত থকা আন সতীৰ্থ সকলৰ বিষয়ত কয় যে তেওঁলোকৰ কিহৰ অভিযুক্ত আছিল? ইয়াৰ আগলৈকে অৰ্থাৎ গ্ৰেপ্তাৰ হোৱাৰ আগলৈকে তেওঁলোকৰ ওপৰত কিবা অভিযোগ আছিল নে ? একোতো অভিযোগতো নাছিল ?তেওঁলোকে আধ্যাত্মিক মাৰ্গৰ কাৰণে কাম কৰি আছে।পঞ্জাৱৰ উত্তৰণৰ কাৰণে কাম কৰি আছে। সেই কাৰণেই তেওঁলোকক কাৰাবন্দী কৰা হ’ল। কিন্তু সোণকালেই তেওঁলোক বাহিৰলৈ ওলাই আহিব।কাৰণ তেওঁলোকৰ বিৰুদ্ধে একো তথ্য নাই। চৰকাৰক কিবা আহ্বান কৰিব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্নত নাৰিন্দৰ কৌৰে কয় যে এতিয়া যি ন্যায়িক প্ৰক্ৰিয়া চলি আছে সেয়া তেওঁলোকৰ অধিবক্তাই চলাই নিব। উল্লেখ কৰিব পাৰি যে জনপ্ৰিয় পাঞ্জাবী অভিনেতা দলজীত সিং কালছী, ৱাৰিছ পঞ্জাব দেৰ মুখ্য নেতা অমৃতপাল সিঙৰ ঘনিষ্ঠ সহায়ক আৰু বিত্তীয় সহায়ক বুলি কোৱা হয়।ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱাৰ পিছত যোৱা ১৯ মাৰ্চৰ পৰা ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ আছে। ইফালে যোৱা ১০ এপ্ৰিলত জ্যেষ্ঠ অধিবক্তা ভগৱন্ত সিং চিয়ালকাৰ নেতৃত্বত পঞ্জাৱৰ শিৰোমণি গুৰদ্বাৰা প্ৰবন্ধক সমিতিৰ ৩ জনীয়া অধিবক্তাৰ প্ৰতিনিধি দলে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত আবদ্ধ হৈ থকা ৱাৰিছ পঞ্জাৱ দে সদস্যসকলক সাক্ষাৎ কৰিছিল।ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা সমীৰ কুমাৰ টোডীৰ সহযোগত ভগৱন্ত সিং ছিয়ালকা, মনদ্বীপ সিং সিদ্ধু (ৱাৰিছ পঞ্জাৱ দেৰ প্ৰতিষ্ঠাপক তথা প্ৰয়াত দীপ সিদ্ধুৰ কনিষ্ঠ ভাতৃ) আৰু ডিব্ৰুগড়ৰ জ্যেষ্ঠ অধিবক্তা সমীৰ কুমাৰ টোডীৰ সহযোগত ৰোহিত শৰ্মাৰে গঠিত অধিবক্তা দলটোৱে কয়দীসকলক সাক্ষাৎ কৰি গৈছিল।আনহাতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন(এন এছ এ)ৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি হোৱা ৱাৰিছ পঞ্জাৱ দেৰ ৯ জন সদস্যৰ গোচৰ পুনৰীক্ষণৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গঠন কৰা পৰামৰ্শদাতা ব’ৰ্ডৰ পাঁচজনীয়া এটা বিশেষ দলেও ১৯ এপ্ৰিলত আহিছিল ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ।উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ শ্ববিউল হাছনেইন (অধ্যক্ষ)ৰ নেতৃত্বত গঠিত দলটোত সুবীৰ শেওকন্দ (সদস্য), দিবংশু জৈন (সদস্য), ৰাকেশ আগৰৱাল, আই জি পি পঞ্জাৱ আৰক্ষী আৰু পঞ্জাৱ আৰক্ষীৰ আৰক্ষী অধীক্ষক ৰূপিন্দৰ কৌৰ ভট্টি আছিল।প্ৰায় ৩-৩০ ঘণ্টা পৰ্যন্ত কাৰাগাৰৰ বিষয়া আৰু অন্যান্য চৰকাৰী বিষয়াৰ সৈতে বৈঠক মিলিত হৈছিল ।এন এছ এৰ অধীনত গঠন কৰা পৰামৰ্শদাতা ব’ৰ্ডক কাৰাবন্দী হৈ থকা ৱাৰিছ পাঞ্জাৱ দেৰ সদস্য সকলক চৰকাৰে আগবঢ়োৱা সকলো সামগ্ৰী পৰীক্ষা কৰাৰ লগতে খাদ্যবস্তুৰো হিচাপ সংগ্ৰহ কৰিছিল বুলি জানিব পৰা গৈছে।আনহাতে সংশ্লিষ্ট ব্যক্তি কেইজনৰ প্ৰতিবেদন আটক কৰাৰ তাৰিখৰ পৰা সাত সপ্তাহৰ ভিতৰত ব’ৰ্ডে চৰকাৰে দাখিল কৰিব লাগিব বুলিও জানিব পৰা গৈছে।বৰ্তমান ৱাৰিছ পঞ্জাৱ ডেৰ ৯ জন সদস্য ক্ৰমে – দলজিৎ সিং কালসী, পাপলপ্ৰীত সিং, কুলৱন্ত সিং ধলিৱাল, ৱৰিন্দৰ সিং জোহল, গুৰমীত সিং বুক্কানৱালা, হৰজিৎ সিং, ভগৱন্ত সিং, বসন্ত সিং আৰু গুৰিন্দৰপাল সিং আউজলা-ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত ভৰ্তি হৈ আছে।

প্ৰেৰক বিভাস দুৱৰা

You might also like