নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তান চৰকাৰৰ পৰা দৰমহা লৈছিল সাংসদ গৌৰৱ গগৈ -ৰ পত্নীয়ে

🔹 গৌৰৱ গগৈ -ৰ হৈ চাফাই গাবলৈ গৈ ৰিপুণ বৰাৰ স্বীকাৰোক্তি

বিশেষ বাৰ্তা, ২৬ মে’ : সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্রমণক লৈ স্পষ্ট উত্তৰ নাই অসম প্রদেশ কংগ্রেছ কমিটীৰ ওচৰতো৷ বৰঞ্চ সাংসদগৰাকীৰ হৈ চাফাই গাবলৈ এখন সংবাদ মেল সম্বোধন কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰিপুণ বৰাই উত্থাপিত অভিযোগ সন্দর্ভত কেতবোৰ বিস্ফোৰক স্বীকাৰোক্তিহে প্রদান কৰে৷ গৌৰৱ গগৈৰ সপক্ষে যুক্তি প্রদর্শন কৰিবলৈ গৈ বৰাই স্বীকাৰ কৰে যে সাংসদগৰাকীৰ পত্নী এলিজাবেথ কলবার্নে পাকিস্তান চৰকাৰৰ পৰা দৰমহা লাভ কৰিছিল৷

সেই সন্দর্ভত তেওঁ কয়– ‘পেছাগতভাৱে এজন মানুহে এনজিঅ’ত চাকৰি কৰিব পাৰে৷ গৌৰৱ গগৈৰ পত্নী এটা আন্তঃৰাষ্ট্রীয় এনজিঅ’ৰ কর্মচাৰী৷ সেয়ে চাকৰিসূত্রে তেওঁ পাকিস্তানত কাম কৰিছে৷ এনজিঅ’ৰ কাম কৰিবলৈ গৈছে৷ পাক চৰকাৰৰ পৰা দৰমহা লৈছে৷ সেইবুলি তেওঁ এজেণ্ট হৈ গ’ল নেকি? বিধিসন্মতভাৱে যদি দৰমহা লয় কোনেও একো কৰিব নোৱাৰে৷ গৌৰৱ গগৈৰ পত্নী এলিজাবেথেই নহয়, ভাৰতৰ বহু মানুহে পাকিস্তানত চাকৰি কৰি আছে৷ গৌৰৱ গগৈৰ পত্নী এই এনজিঅ’ৰ সূত্রেই পাকিস্তানৰ উপৰি বিশ্বৰ বেলেগ বেলেগ দেশ ভ্রমণ কৰিছে৷ কর্মসূত্রে তেওঁ একাধিকবাৰ পাকিস্তানলৈ গৈছে৷ সেইবাবেই তেওঁৰ দেশপ্রেমক সন্দেহ কৰাৰ কি যুক্তি আছে? এনেধৰণে গৌৰৱ গগৈ কিয়, বহু ভাৰতীয় ৰাজনৈতিক নেতা, আমোলা, ব্যৱসায়ীৰ পৰিয়ালৰ লোকে পাকিস্তানত আৰু ঠিক সেইদৰে বহু পাকিস্তানী নাগৰিকে ভাৰতত বিধিসন্মতভাৱে চাকৰি বা ব্যৱসায় কৰি আছে৷’

একে সময়তে সাংসদ গগৈৰ পত্নীৰ ব্রিটিছ নাগৰিকত্বক লৈ উঠা অভিযোগ সন্দর্ভতো ৰিপুণ বৰাই স্থিতি স্পষ্ট কৰিছে৷ ইয়াৰ সপক্ষে যুক্তি প্রদর্শন কৰিবলৈ গৈ প্রদেশ কংগ্রেছৰ নেতাজনে কয় যে ব্রিটিছ পাছপ’ৰ্ট শক্তিশালী বাবেহে গগৈৰ পত্নীয়ে সেই পাছপ’ৰ্ট লগত ৰাখিছে৷ এই সন্দর্ভত বৰাই কয়– ‘ব্রিটিছ পাছপ’ৰ্ট এলিজাবেথে ৰাখি থৈছে৷ তেওঁ সঘনাই বিভিন্ন দেশলৈ গৈ থাকিব লাগে৷ বাৰে বাৰে ভিছাৰ বাবে দূতাৱাসত গৈ সাক্ষাৎকাৰ দিয়া, শাৰী পতা বহুত অসুবিধাজনক৷ ব্রিটিছ পাছপ’ৰ্ট থাকিলে ভিছাৰ কোনো দৰকাৰ নাই৷ এইটো এটা সুবিধা৷ ইমান শক্তিশালী হৈছে ব্রিটিছ পাছপ’ৰ্ট৷ সেই কাৰণে তেওঁ লগত ৰাখিছে৷ ভাৰতীয়ৰ লগত বিয়া হোৱা এগৰাকী ব্রিটিছ নাগৰিকে ব্রিটিছ নাগৰিকত্ব আৰু ব্রিটিছ পাছপ’ৰ্ট ৰখাটো কোনো আইনবিৰুদ্ধ নহয়৷’

ইয়াৰ সমান্তৰালভাৱে বৰাই সাংসদ গগৈৰ দুই সন্তান সন্দর্ভতো স্থিতি স্পষ্ট কৰি কয় যে ৰাজনীতিসূত্রে গৌৰৱ গগৈ সঘনাই অসমলৈ আহি থাকিব লাগে, দেশৰ যিকোনো ৰাজ্যলৈ অহা–যোৱা কৰিব লাগে৷ এনেস্থলত তেওঁৰ সৰু সৰু ল’ৰা–ছোৱালীহাল কোনে চাব? স্বাভাৱিকতে মাকে চাব লাগিব৷ গতিকে মাকৰ তত্ত্বাৱধানত থাকিবৰ বাবেই তেওঁলোকক এতিয়াও মাকৰ নাগৰিকত্বতে ৰাখিছে৷ অৱশ্যে বিভিন্ন অভিযোগ সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰিলেও গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই অথবা তাত ১৫ দিন আছিল নে নাই, সেই সন্দর্ভত নিৰুত্তৰ প্রদেশ কংগ্রেছ৷ বৰঞ্চ এই সন্দর্ভত বৰাই সংবাদ মেলত কয় যে আমাৰ দেশৰ আইন অনুসৰি যিকোনো অভিযোগ যদি কোনোবাই আনে, সেই অভিযোগ প্রমাণ কৰাৰ দায়িত্ব অভিযোগকাৰীৰ৷

গৌৰৱ গগৈক পাকিস্তান ভ্রমণ সন্দর্ভত স্পষ্টীকৰণ বিচৰাসকললৈ প্রশ্ণ উত্থাপন কৰি বৰাই কয়– ‘গৌৰৱ গগৈক সুধিবলৈ তেওঁলোক কোন? তেওঁলোকে সুধিলেই গৌৰৱ গগৈয়ে কিয় ক’ব? তোমালোকৰ প্রমাণ কৰাটো দায়িত্ব৷ যদি সঁচাকৈয়ে গৌৰৱ গগৈয়ে চোৰাংকৈ পাকিস্তানলৈ গৈ তাত ভাৰতবিৰোধী কামত লিপ্ত হৈছে তাৰ প্রমাণ তেওঁলোকৰ হাতত আছে, তাক সদৰী কৰাৰ দায়িত্বও তেওঁলোকৰে৷ গৌৰৱ গগৈৰ সাংসদ বাদ দিয়ক, কোনো সাধাৰণ মানুহো ভাৰতৰ পৰা বিদেশী ৰাষ্ট্রলৈ পাছপ’ৰ্ট বা ভিছা নোহোৱাকৈ যাব নোৱাৰে৷’

ইফালে, সাংসদ গগৈৰ পাকিস্তান ভ্রমণ সন্দর্ভত এছআইটি গঠন কৰা প্রসংগতো ৰিপুণ বৰা সৰৱ হৈ পৰে৷ সংবাদ মেলত তেওঁ কয় যে অসম আৰক্ষীয়ে কংগ্রেছ কর্মী আৰু গৌৰৱ গগৈক ভয় খুৱাবলৈ এছআইটি গঠন কৰিছে৷ অসম আৰক্ষীয়ে গঠন কৰা এছআইটিৰ কর্তৃত্ব কেৱল অসমৰ ভৌগোলিক চাৰিসীমাৰ ভিতৰত৷ এই এছআইটি বাহিৰলৈ যাওক, বুঢ়া আঙুলি দেখুৱাই দিব৷ পাকিস্তান উচ্চায়ুক্তলৈ এছআইটি গৈছে বুলি কৈছে৷ কিন্তু পাকিস্তান উচ্চায়ুক্তই তথ্য দিব নেকি? এছআইটিক ‘গেট আউট’ কৰি দিব৷ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ লগত যোগাযোগ কৰি এই বিষয়ত মান্তি কৰাব পাৰিলেহে এছআইটিয়ে কিবা তথ্য পাব পাৰে৷ অন্যথা অসম আৰক্ষীৰ এছআইটি এই বিষয়ত তদন্ত কৰিবৰ বাবে দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তৰ কার্যালয় অথবা পাকিস্তানলৈ গ’লে তাত তেওঁলোকক কোনেও নোপোচে৷ এনেস্থলত অভিযোগবোৰৰ যদি সত্যতা আছে তেন্তে ভাৰত চৰকাৰে আজিপর্যন্ত অভিযোগবোৰৰ ওপৰত কিয় নিজাববীয়াকৈ তদন্তৰ ব্যৱস্থা কৰা নাই? সেয়েহে অভিযোগৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ এছআইটি গঠন কৰি ৰাইজক আভুৱা–ভাঁৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে৷

You might also like