নিয়মীয়া বাৰ্তা, ১৭ মে’ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয় তথা বিজয়নগৰ নিৰীক্ষণ চকীৰ অন্তৰ্গত ৰঙামাটিত বন্যহস্তীৰ আক্ৰমণত এজন লোক নিহত হোৱাক লৈ অঞ্চলটোত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
কিয়নো বন্যহস্তীৰ আক্ৰমণত অশোক দাস(৫৯) নামৰ এজন লোক নিহত হোৱাৰ কেইবাঘণ্টা পিচতো ঘটনাস্থলীত বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হবলৈ সক্ষম নহ’ল। অৱশ্যে পিচত ঘটনাস্থলীত লোহাৰঘাটৰ বন বিভাগৰ পৰা এটি মহিলা বনকৰ্মীৰ দলক ৰঙামাটিলৈ পঠিয়াই দিয়াত পুনৰ ৰাইজে প্ৰচণ্ড ক্ষোভ প্ৰকাশ ৰঙামাটি হাইস্কুল খেলপথাৰৰ পথত আৱদ্ধ কৰি ৰাখি প্ৰতিবাদ জনায়।
ৰাইজে বনবিভাগৰ লোক কিয় অহা নাই বুলি আৰক্ষীলৈ বিভিন্ন প্ৰশ্নৰে থকাসৰকা কৰে। আনকি বনমন্ত্ৰী কোন আজিও ৰাইজে নাজানে বুলিও কতাক্ষ কৰে। আনকি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী পদত্যাগ কৰক, বিধায়ক হেমাংগ ঠাকুৰীয়াৰ কি কাম আছে বুলি কতাক্ষ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ সভাপতি মদন দাস আৰু সম্পাদক বিনোদ কলিতাই।
লগতে এই নিহতৰ পৰিয়ালবৰ্গক কোনো চৰকাৰী সংস্থাপন বা ক্ষতিপূৰণ দিয়াৰো দাবী উত্থাপন কৰে। লগতে অঞ্চলটোত চলা হাতী মানুহৰ সংঘাতৰ অৱসান কৰিবলৈ বনবিভাগলৈ দাবী উত্থাপন কৰে।