নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰছলাত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

বিশেষ বাৰ্তা, ৭ নৱেম্বৰঃ ঢেকিয়াজুলি ৰাজহ চক্ৰ এলেকাৰ বৰছলাৰ বৰভগীয়া গাঁৱত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে বৃহত্তৰ অঞ্চলটোত। বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তীটোৰ কাষত এটা পোৱালী হাতীয়ে কান্দোনত চিৎকাৰ কৰি থকা হৃদয়বিদাৰক দৃশ্যই মৰ্মাহত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীসকলক৷ উল্লেখযোগ্য যে ঢেকিয়াজুলি সমষ্টিৰ বৰছলাৰ বৰভগীয়া গাঁৱৰ খেতিপথাৰত কাষৰীয়া ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত উলাই অহা এটা বন্যহস্তী বিদ্যুৎস্পৃষ্ট হৈ কৰুণভাৱে মৃত্যুক সাৱটি লয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নিচেই কাষৰীয়া গাওঁখনৰ খেতিপথাৰত বন্যহস্তীটো বিদ্যুৎস্পৃষ্ট হৈ সকৰুণভাৱে মৃত্যু হোৱাৰ পিছতে বন্যহস্তীটোৰ কাষতে এটা হাতী পোৱালীয়ে মৰণকাতৰ চিৎকাৰ কৰি বিচৰণ কৰি থকা দৃশ্যই সকলোকে ব্যথিত কৰি তুলিছে। ঘটনা সন্দৰ্ভত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক-১ প্ৰাণজিৎ ডেকা আৰু ঢেকিয়াজুলি বনাঞ্চলিক বিষয়া পল্লৱী দাসে সংবাদমাধ্যমত জনায় যে বৰভগীয়া গাঁৱৰ কেশৱ বাহাদুৰ ছেত্ৰী নামৰ লোকজনে নিজ গৃহৰ কাষতে অৱস্থিত খেতিপথাৰত বন্যহস্তী সোমাব নোৱাৰাকৈ বিদ্যুৎ সংযোগ কৰাৰ পিছতে কালি নিশা ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত উলাই আহি পকা ধাননি পথাৰত বন্যহস্তীটোৱে এটা পোৱালীৰে সৈতে প্ৰৱেশ কৰাত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীটোৱে কৰুণভাৱে মৃত্যুক আকোঁৱালি লয়। আনহাতে পোৱালী হাতীপোৱালীটোৱে মৃত হাতীটোৰ কাষতে চিৎকাৰ কৰি থাকে। ঘটনা সন্দৰ্ভত ধাননি পথাৰত বিদ্যুত সংযোগ কৰা কেশৱ বাহাদুৰ ছেত্ৰী নামৰ লোকজনক সোধপোছৰ বাবে বিচৰা হৈছিল যদিও পৰিয়ালবৰ্গৰ সৈতে লোকজনে ঘৰৰ পৰা পলায়ন কৰে। ধাননি পথাৰত বিদ্যুত সংযোগ কৰা কেশৱ বাহাদুৰ ছেত্ৰী নামৰ লোকজনৰ বিৰুদ্ধে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনায় বনবিষয়া দুগৰাকীয়ে। আনহাতে মৃত বন্যহস্তীটোৰ কাষত থকা ৪ বছৰীয়া হাতীপোৱালীটোৰ নাম জানমণি৷ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বনৰক্ষী বাহিনীৰ পোহনীয়া হাতী চিত্ৰাংগদা নামৰ মাইকী হাতীজনীৰ পোৱালি হৈছে জানমণি নামৰ হাতী পোৱালীটো। কালি নিশা চিত্ৰাংগদাক ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন শিবিৰত বান্ধি থোৱাৰ পিছতে মুকলিভাৱে বিচৰণ কৰা জানমণি নামৰ হাতী পোৱালীজনীক মাজনিশা উক্ত মখনা বন্যহস্তীটোৱে লগত লৈ খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহাৰ পিছতে বৰভগীয়া গাঁৱত বন্যহস্তীটোৱে এনেদৰে অতি কৰুণভাৱে মৃত্যুক আকোঁৱালি লয় বুলি জনায় ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বনপালক-১ প্ৰাণজিৎ ডেকাই । ইফালে জানমণি নামৰ পোৱালী হাতীটোক ট্ৰেংকুইলাইজ কৰাৰ বাবে বন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। হাতীপোৱালীটিক ট্ৰেংকুইলাইজ কৰাৰ পিছতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হ’ব বুলি জনায় বনবিষয়াগৰাকীয়ে।

প্ৰেৰক কল্পজ্যোতি নাথ

You might also like