নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাহৰকটীয়াত বন্যহস্তীৰ উপদ্ৰৱ : বাসগৃহ ভাঙি লণ্ডভণ্ড

বিশেষ বাৰ্তা, ১৫ ডিচেম্বৰ : এচাম লোকৰ অবাধ বন ধ্বংসৰ পৰিণতিত হাতী মানুহৰ সংঘাতৰ চৰম পৰিণতি স্বৰূপে বন্যহস্তীৰ আক্ৰমণত বিধ্বস্ত হয় তিনিটাকৈ বাসগৃহ। আনহাতে কথমপি প্ৰাণৰক্ষা কণমানি শিশুসহ পৰিয়ালৰ। এই ঘটনা নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰ কমাৰ গাঁৱৰ। উল্লেখযোগ্য যে বুধবাৰে নিশা অহা এটি বন্যহস্তীৰ জাকে নাহৰকটীয়া জয়পুৰৰ ১নং কমাৰ গাওঁ আৰু কাকজান হাবিগাওঁৰ তিনিটাকৈ বাসগৃহ বিস্তৰ ক্ষতিসাধন কৰে। নিশা হাতীৰ জাকটোৱে প্ৰথমে কাকজান হাবি গাওঁৰ পাহাৰ ভূমিজ নামৰ ব্যক্তিজনৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি লণ্ড ভণ্ড কৰে। অৱশ্যে পাহৰ সিং ভূমিজ নামৰ ব্যক্তিজনে বৃদ্ধ পত্নীক লৈ পলায়ন কৰাত প্ৰাণ ৰক্ষা পৰে। ইয়াৰ পিছতেই হাতীৰ জাকটোৱে ২নং কমাৰ গাওঁ অজয় মানকিৰ ঘৰত আক্ৰমণ চলায় যদিও পত্নী আৰু কণমানিসহ ঘৰৰ পৰা পলায়ন কৰি ৰক্ষা পৰে অজয় মানকিৰ পৰিয়াল। অৱশ্যে হাতীৰ জাকটোৱে অজয় মানকিৰ বাসগৃহটো লণ্ড ভণ্ড কৰে। ইয়াৰ পিছত হাতীৰ জাকটোৱে একে গাওঁৰে দিগন্ত বৰুৱাৰ বাসগৃহ ধ্বংস কৰে।তদুপৰি দিগন্ত বৰুৱাৰ বাসগৃহত হাতীৰ জাকটোৱে প্ৰায় ডেৰ কুইন্টল ধান ভক্ষণ কৰাৰ লগতে বহু পৰিমাণৰ ধান বিনষ্ট কৰে।সৌভাগ্যক্ৰমে হাতী জাকটোৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে দিগন্ত বৰুৱাৰ পৰিয়ালটো। মন কৰিবলগীয়া যে দিগন্ত বৰুৱাৰ ঘৰৰ পকী দেৱালৰো ক্ষতি সাধন কৰে হাতীৰ জাকটোৱে। উল্লেখ্য যে বিগত এটা পষেক ধৰি জয়পুৰ কমাৰ গাওঁ কছাৰী পথাৰ আদিৰ অঞ্চলত বিচৰণ কৰি উপদ্ৰৱ চলাই আহিছে যদিও বন বিভাগে হাতীৰ জাকটোক বনাঞ্চলত খেদি পঠায়।পিছে নিশা হলে পুনৰ জনাঞ্চলত প্ৰৱেশ কৰি বন্যহস্তীৰ জাকটোৱে গাওঁখনত এইদৰে চলাই গৈছে উপদ্ৰৱ।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like