নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পলাশবাৰীত বন্যহস্তীৰ উপদ্ৰৱত ৰাইজৰ নিদ্ৰাহৰণ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰ : পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ তথা পলাশবাৰী সমষ্টিৰ অন্তৰ্গত ৰঙামাটি, তিনিআলি, পাৰাকুছি, মিৰ্জা অঞ্চলটোত কেইবাবছৰ ধৰি চলা খাদ্যৰ সংকটত ভোগা বন্যহস্তীৰ উপদ্ৰৱে ৰাইজৰ নিদ্ৰাহৰণ কৰাই নহয়, বন্যহস্তীয়ে অঞ্চলটোৰ মানুহৰ বস্তিৰ শস্য আদি খাই অনিষ্টসাধন কৰাৰ লগতে ধাননি পথাৰ তহিলং কৰি আহিছে। বৰ্তমান এই বন্যহস্তীৰ জাকে খাদ্যৰ সংকটত ভূগি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত নহিৰা, কুলডুং, বটীয়াপাৰা,সোণতলা,জামৰতল, কান্দুপুৰ, মেনাপাৰা,সৰপাৰা আদি বিভিন্ন অঞ্চলত নিশা কিয় দিনৰ পোহৰতে এক প্ৰকাৰ সন্ত্ৰাস চলাই গৈছে। ইয়াৰ ভিতৰত ৰঙামাটিৰ বিভিন্ন অঞ্চলৰ খেতি পথাৰত পকিবলৈ ধৰা শালিধান কৃষক ৰাইজে কাটিবলৈ আৰম্ভ কৰাৰ সময়তে বন্যহস্তীয়ে খাই অনিষ্টসাধন কৰিছে। খাদ্যৰ সন্ধানত ওলাই অহা আঠ-নজনীয়া বন্যহস্তীৰ জাকে প্ৰায় ৩০ বিঘাৰো অধিক শালি ধান গছকি নষ্ট কৰিছে। আনকি দিনৰ ভাগতে কেবাটাও বন্যহস্তীক পথাৰত ঘূৰি থকা প্ৰত্যক্ষ কৰি ৰাইজে এই বন্যহস্তীৰ আক্ৰমণৰ আশংকাত চিন্তিত হৈ পৰিছে। ইতিমধ্যেই এই বন্যহস্তীৰ জাকটোৱে অঞ্চলটোৰ কমলা শৰ্মা, দীপক শৰ্মা, ভূপেন মালী, কৈলাশ মালীকে ধৰি কেবাজনো বাসিন্দাৰ ঘৰৰ চৌহদত বেৰ ভাঙি সোমাই কিছু ক্ষতিসাধন কৰিছে। কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা ৰঙামাটিৰ দৰে জনবহুল অঞ্চলৰ পৰা  বন্যহস্তী কেইটা যদি খেদি পঠিয়াবলৈ বন বিভাগে স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে আগত দিনত অঞ্চলটোত হাতী-মানুহৰ সংঘাত হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে। এনে ঘটনাৰ বাবে কৃষিজীৱী ৰাইজে মূৰেকপালে হাত দিছে। এইক্ষেত্ৰত বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয় যদিও বিশেষ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।উল্লেখ্য যে,খাদ্য সংকটত ভূগি এই বন্যহস্তীৰ জাকে অঞ্চলটোত চলোৱা ধাৰাবাহিক উপদ্ৰৱৰ কাৰণে ৰঙামাটিৰ ৰাইজে পথ অৱৰোধ কৰিছিল। এই প্ৰতিবাদত ৰঙামাটিত উপস্থিত হৈ বিধায়ক হেমাংগ ঠাকুৰীয়া, পলাশবাৰী ৰাজহ চক্ৰ বিষয়া, পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকসহ কুলশী আৰু লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটি দলে ৰাইজক বন্যহস্তীৰ উপদ্ৰৱ ৰোধ বাবে ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল যদিও কোনো কামত নাহিল। এই হাতী মানুহৰ সংঘাতৰ ঘটনাই অঞ্চলটোত ভয়াবহ খাদ্য সমস্যাৰ সৃষ্টি কৰিব বুলি মত প্ৰকাশ কৰে ভূক্তভোগী লোকে। এই বন্যহস্তীৰ জাকটোয়ে খাদ্যৰ সন্ধানত নিশা কিয় দিনৰ ভাগতে বাটে পথে,ঘৰে বাৰীয়ে ঘূৰি ফুৰি ৰাইজৰ মাজত এক সন্ত্ৰাস চলাই গৈছে। কিন্তু কাণসাৰ নাই পশ্চিম কামৰূপ বন সংমণ্ডলৰ প্ৰাধিকৰী বিষয়া সুবোধ তালুকদাৰ,লোহাৰঘাটৰ বন বিষয়া নয়নজ্যোতি দাস,স্থানীয় বিধায়ক হেমাংগ ঠাকুৰীয়াৰ। আনকি অঞ্চলটোৰ ৰাইজক বন বিভাগ, বিধায়ক হেমাংগ ঠাকুৰীয়াই কিছু ক্ষতিপূৰণ দিয়াৰ আশ্বাস প্ৰদান কৰিছিল যদিও আজিলৈ কোনো ক্ষতিপূৰণ নাপালে। ফলত ৰাইজ ক্ষুব্ধ হৈ পৰিছে। মামূলি কামত ধন খৰচ কৰা বনবিভাগ,বিধায়ক হেমাংগ ঠাকুৰীয়াৰ ৰাইজৰ এই জলন্ত সমস্যাৰ খবৰ ৰাখিবলৈ কিন্তু সময় নথকাত ৰাইজে বিধায়ক ঠাকুৰীয়াৰ লগতে বনবিভাগৰ কোনো কাম নাই বুলি দোহাৰে।

You might also like