নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰ : বিহালী বটিয়ামাৰী উদয় চুবুৰিত বন্যহস্তীৰ সন্ত্ৰাস অব্যাহত আছে। পথাৰৰ ধান খেতি তহিলং কৰাৰ উপৰি এটা বাসগৃহ ভাঙি ক্ষতিসাধন কৰে। তথ্য মতে, শুকুৰবাৰে পুৱতি নিশা ৪ মান বজাত এটা প্ৰায় ৫০ জনীয়া বনৰীয়া হাতীৰ জাকে ব্ৰহ্মপুত্ৰৰ কাজিৰঙা ষষ্ঠ সংযোজনৰ পৰা ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰি ৰাইজৰ গছ-গছনি, ধান খেতি তহিলং কৰাৰ উপৰি হেমৰাজ গড়তুলাৰ বাসগৃহ, খেমৰাজ প্ৰসাদৰ গছ-গছনি, ধান খেতি আদি খাই-গচকি বিস্তৰ ক্ষতিসাধন কৰে। ৰাইজে হাতীৰ জাকটোক ৬ মান বজাত কাজিৰঙা ষষ্ঠ সংযোজনৰ দিশে খেদি পঠাবলৈ সক্ষম হয়।
প্ৰেৰক ভুবন লুইটেল