নিয়মীয়া বাৰ্তা, ১৪ জুন : হোজাইৰ লামডিং সংৰক্ষিত বনাঞ্চলৰ নিকটৱৰ্তী লংকা শিক্ষাখণ্ডৰ অন্তগৰ্ত গোসাঁইগাওঁ শ্ৰীশ্ৰীশংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে আক্ৰমন কৰি বিস্তৰ ক্ষতি কৰে৷ উল্লেখ্য যে, বছৰটোৰ ভিতৰত বিদ্যালয় খনত বনৰীয়া হাতীৰ এয়া তৃতীয়টো আক্ৰমণ৷ যোৱা নিশা সংঘটিত বন্যহস্তীৰ আক্ৰমণত বিদ্যালয়ৰ পকীৱাল, লোৰ খিৰিকী, বিদ্যালয় চৌহদৰ টিনপাতৰ বেৰা ইত্যাদিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বিদ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ ,ৰেজিষ্টাৰ ফালি দলিয়াই পেলোৱা লগতে আৰু দুটা পানী ফিল্টাৰ ভাঙি পেলায়৷ বিগত সময়ছোৱাত বিদ্যালয় খনত সঘনাই বনৰীয়া হাতীৰ আক্ৰমণ চলি থকাৰ পৰিপ্ৰেক্ষিতত স্হানীয় ৰাইজে নিজ ছাত্ৰছাত্ৰী সকলক বিদ্যালয় খনত নামভৰ্তি কৰাটো কমি আহিছে৷ বিগত গুনোৎসৱ সমূহত প্ৰতিবাৰেই এ প্লাছ গ্ৰেড লাভ কৰিবলৈ সক্ষমহোৱা এই বিদ্যালয় খনতে প্ৰাথমিক শিক্ষা গ্ৰহন কৰি বিভিন্নজন আজি সুপ্ৰতিষ্ঠিত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে উচ্চতৰ মাধ্যমিকৰ কলা শাখাত প্ৰথম স্থান অধিকাৰ কৰিবলৈও সক্ষম হোৱা ছাত্ৰছাত্ৰীৰ উদাহৰণ আছে৷ বনবিভাগক খবৰ দিয়া সত্বেও বিভাগীয় লোক উপস্থিত নোহোৱা কাৰ্যত স্হানীয় ৰাইজে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰা লগতে বিদ্যালয় খনক সুৰক্ষিত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে৷
প্ৰেৰক কিশলয় দেৱগোস্বামী