নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত : ঘৰ-দুৱাৰ ভাঙি তাণ্ডৱ

বিশেষ বাৰ্তা, ১৭ অক্টোবৰঃ মৰিয়নিত হাতী মানুহৰ সংঘাতে দিনে দিনে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই অহা ৫০-৬০জনীয়া হাতীৰ এটা বৃহৎ জাকে বিভিন্ন ঠাইত উপদ্ৰৱ চলাই ঘৰ দুৱাৰ ভাঙি- খেতি পথাৰ তহিলং কৰি বিধ্বস্ত কৰি পেলাইছে। শেহতীয়াকৈ হাতীৰ এই বৃহৎ জাকটো কাটনীবাৰী চাহ বাগিচাৰ এডোখৰ হাবিতলীয়া ঠাইত বিগত কিছুদিন ধৰি আশ্ৰয় গ্ৰহণ কৰি আছে। দিনৰ ভাগত উক্ত হাবিত সোমাই থকা হাতীৰ জাকটো আন্ধাৰ নামি আহিলেই হাবিৰ পৰা ওলাই জনবসতিপূৰ্ণ এলেকাত প্ৰৱেশ কৰে আৰু লগে লগেই আৰম্ভ হয় হাতী মানুহৰ খেদাখেদি । ইফালে, ৯ অক্টোবৰৰ নিশা খৰিকটীয়া অঞ্চলত তীব্ৰ বেগী ৰে’লৰ খুন্দাত তিনিটাকৈ হাতীৰ মৃত্যু হোৱাৰ পিছত হাতীজাক অধিক আক্ৰমণাত্মক হৈ পৰা পৰিলক্ষিত হৈছে। বিগত কেইদিনত হাতীৰ জাকটোৱে চৈকটা, নগা পথাৰ, খৰিকটীয়া, হাতীপটী, বিজয়পুৰ, আনন্দপুৰ, গঞ্জু গাঁও, নগাধুলি আদি অঞ্চলত একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। যোৱানিশা হাতীৰ জাকটোৱে বিজয়পুৰত কেবাটাও ঘৰৰ অনিষ্টসাধন কৰে। ইয়াৰে উপেন তামুলীৰ ঘৰ সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ লগতে আচবাব সমূহ নষ্ট কৰি পেলায়। আজি এই সন্দৰ্ভত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিয়ে বনৰীয়া হাতীৰ উপদ্ৰৱত ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীত যোৰহাটৰ সংমাণ্ডলিক বন প্ৰাধিকাৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ যোগেদি প্ৰদান কৰা এই স্মাৰক পত্ৰত ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিয়াৰ লগতে হাতীয়ে সততে অনিষ্ট সাধন কৰা অঞ্চলসমূহত বন বিভাগৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিবলৈ দাবী জনাইছে। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ মৰিয়নি আঞ্চলিক সমিতিৰ সভাপতি বিতুল বৰা আৰু সম্পাদক নবীন সন্দিকৈয়ে প্ৰদান কৰা এই স্মাৰক পত্ৰত হাতীজাকৰ উপদ্ৰুত অঞ্চল হিচাপে চিহ্নিত অঞ্চলসমূহৰ ৰাইজক বিনামূলীয়াকৈ টৰ্চ লাইট আৰু ফটকা আদি প্ৰদান কৰিবলৈ দাবী জনায়। আনহাতে, হাতীৰ উপদ্ৰুত অঞ্চলসমূহত সৌৰশক্তি সম্পন্ন লাইটৰ ব্যৱস্থা কৰাৰো দাবী জনাইছে । বনৰীয়া হাতীজাকৰ উপদ্ৰৱৰ পৰা জনসাধাৰণক ৰক্ষা দিবৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈও বন বিভাগৰ প্ৰতি সংগঠনটোৰ নেতৃত্বই আহ্বান জনাইছে। অন্যথা প্ৰতিবাদী কাৰ্য্যসূচী গ্ৰহণ কৰাৰো সকিয়নি প্ৰদান কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like