নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰী : ৰাজ্যৰ চৌপাশে উৰুকাৰ বাবে প্ৰস্তুতি চলি থকাৰ সময়তে ১৩ জানুৱাৰীৰ নিশা বিহালী সমষ্টিৰ অন্তৰ্গত কমাৰপুখুৰী আৰু চেনিমাৰী গাঁৱত বনৰীয়া হাতী ৪টাকৈ বাসগৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। প্ৰাপ্ত তথ্য মতেস ৰাতি ২ মান বজাত ২টা বনৰীয়া হাতীয়ে গাঁওখনত প্ৰৱেশ কৰি চাৰিটা ঘৰ ভাঙি অনিষ্ট কৰাৰ উপৰি আলু খেতি গচকি নষ্ট কৰে। শনিবাৰে ৰাতি ২ মান বজাত কাজিৰঙা ষষ্ঠ সংযোজনাৰ পৰা ওলাই অহা ২টা বনৰীয়া হাতীয়ে গোটেই কমাৰপুখুৰী গাঁওখনত ত্ৰাসৰ সৃষ্টি কৰে। পিছত বনৰীয়া হাতী দুটাই ৰমেন ওৰাং, ধন বাহাদুৰ ছেত্ৰী, ৰাধেশ্যাম কান আৰু ৰণ্জন মুৰাৰ ঘৰ ভঙাৰ উপৰি বেণু ভুজেলৰ আলু খেতি গচকি অনিষ্ট কৰে। ধন বাহাদুৰ ছেত্ৰীৰ কথমপি প্ৰাণৰক্ষা পৰে।
প্ৰেৰক ভুবন লুইটেল