নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৈকটা চাহ বাগিচাত বনহস্তীৰ তাণ্ডৱ : দহটাৰো অধিক ঘৰ ধ্বংস

বিশেষ বাৰ্তা, ১ নৱেম্বৰঃ মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা ওলাই যোৱা বনৰীয়া হাতীৰ এটা দলে বিভিন্ন অঞ্চলত দৈনিক উপদ্ৰৱ চলাই আহিছে। শেহতীয়াকৈ হাতীৰ জাকটো দিনৰ ভাগত চৈকটা চাহ বাগিচা, চেঁ‌চা সত্ৰ, বৰ চৈকটা আদি অঞ্চলত আশ্ৰয় লৈ আন্ধাৰ হ’লেই উপদ্ৰৱ আৰম্ভ কৰিছে। কালি চৈকটা, ঔ গুৰি আদি অঞ্চলত তাণ্ডৱ চলাই দহটাৰো অধিক ঘৰৰ ক্ষতিসাধন কৰে। উল্লেখযোগ্য যে, পঞ্চাশটাৰো অধিক হাতী থকা বৃহৎ জাকটো কালি দুটা ভাগত বিভক্ত হৈ এটা ভাগ চৈকটা চাহ বাগিচাৰ পুৰনা লাইনৰ সমীপৰ এখন সৰু হাবিত দিনৰ ভাগত আশ্ৰয় লয়। আনহাতে, আনটো ভাগ চেঁচা সত্ৰৰ সমীপৰ বৰচৈকটা অঞ্চলৰ আন এডৰা হাবিত আশ্ৰয় লয়। ইয়াৰ চৈকটা চাহ বাগিচাত আশ্ৰয় লৈ থকা জাকটোক স্থানীয় একাংশ উদণ্ড প্ৰকৃতিৰ লোকে বিভিন্ন ধৰণেৰে ব্যতিব্যস্ত কৰি তোলে । সন্ধিয়া হোৱাৰ আগে আগে জাকটো হাবিখনৰ পৰা ওলাই চাহ বাগিচাৰ মাজেৰে আহি পুৰণা লাইনৰ কাষেৰে পাৰ হৈ যাব খোজে যদিও একাংশ উদণ্ড যুৱকে হাতীজাকক কেটেপা মাৰি, শিলগুটি, ফটকা আদি দলিয়াই হাতীজাকৰ অশান্ত কৰি তোলে। ইয়াৰ পিছতেই জাকটো পুৰণ উভতি আহে আৰু দহটাকৈ ঘৰৰ এফালৰ পৰা মহতিয়াই যায়। ফলত ঘৰ কেইটাৰ বিস্তৰ ক্ষতিসাধান হয় । পুৰণা লাইনৰ গীতা কৰ্মকাৰ, দুলেশ্বৰী গঞ্জু, পলিনা মুণ্ডা, অজয় মুণ্ডা, বিজয় মুণ্ডা, জোনালী কৰ্মকাৰ, আশীষ মুণ্ডা আদিৰ ঘৰ হাতীজাকে ধ্বংস কৰে। ইয়াৰে গীতা কৰ্মকাৰ হাতীৰ আক্ৰমণৰ সময়ত ঘৰৰ ভিতৰতেই আছিল আৰু হাতীৰ আক্ৰমণৰ পৰা কোনোমতেই ৰক্ষা পৰিছিল। আনহাতে, জোনালী কৰ্মকাৰৰ ঘৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি থৈ হাতীজাকে। কোলাৰ কেঁ‌চুৱা লৈ কোনোমতে পলাই সাৰে জোনালী কৰ্মকাৰ। আজি উক্ত স্থানলৈ যাওঁতে জোনালী কৰ্মকাৰে কোলাত কেঁ‌চুৱা লৈ ধ্বংসপ্ৰাপ্ত ঘৰৰ সন্মুখত ৰৈ আশ্ৰুসিক্ত চকুৰে ভঙা ঘৰটোলৈ চাই থকা দৃশ্যই তাত থকা সকলোকে ভবাই তুলিছিল। তাৰোপৰি হাতীজাকে তামোল গছৰ লগতে কেবাজোপাও বৃহৎ গছ বগৰাই পেলায়। ইয়াৰ পৰাই অনুমান কৰিব পাৰি হাতীজাক যথেষ্ট খঙত আছিল। ঔগুৰি অঞ্চলটো হাতীয়ে কেবাটাও ঘৰ ভঙাৰ বাতৰি পোৱা গৈছে। ইফালে, হাতীজাক হাবিৰ পৰা ওলাই অহাৰ পিছতেই মৰিয়নিৰ বন বিভাগক স্থানীয় ৰাইজে অৱগত কৰিছিল যদিও হাতীজাকে ঘৰ দুৱাৰ ভাঙি তহিলং কৰাৰ পিছতহে বন বিভাগৰ কেইজনমান লোক ঘটনাস্থলীত উপস্থিত হয়গৈ। স্বাভাবিকতে স্থানীয় ৰাইজ বন বিভাগৰ ওপৰত ক্ষুব্ধ হৈ পৰে । স্থানীয় লোকৰ মতে, সময়মতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা হ’লে হাতীজাকে ইমান অনিষ্ট কৰিব নোৱাৰিলেহেঁতেন। বনৰীয়া হাতীজাকৰ তাণ্ডৱৰ বাবেই পুৰণা লাইনৰ লোকসকলে দীপাৱলী বুলি এগছি চাকিও জ্বলাব নোৱাৰিলে। বাতৰি লিখাৰ পৰত হাতীজাক চেঁচা সত্ৰৰ সমীপৰ এখন হাবিতলীয়া ঠাইত আশ্ৰয় লৈ থকা বুলি জানিব পৰা গৈছে। আনহাতেদি, একাংশ উদণ্ড যুৱকে হাতীজাকক লক্ষ্য কৰি কেটেপা মৰা, শিলগুটি দলিওৱা আৰু ফটকা ফুটুৱা কাম কৰিছিল সেইকেইজন যুৱকৰ তেনে কৰ্মৰ বাবেই হাতীজাক উভতি আহি ঘৰ দুৱাৰ ধ্বংস কৰে বুলিও অঞ্চলটোৰ ৰাইজে অভিযোগ ডাঙি ধৰিছে। উক্ত যুৱককেইজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী তুলিছে। ইয়াৰে এজন যুৱকক স্থানীয় লোকে কৰায়ত্ব কৰি কিছু উত্তম মাধ্যম শোধাই বুলিও জানিব পৰা গৈছে। ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত চাঞ্চল্যৰ লগতে উত্তেজনাৰো সৃষ্টি হৈছে। আৰক্ষীয়ে অঞ্চলটোৰ ওপৰত চোকা নজৰ ৰাখিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like