নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাৰিদুৱাৰৰ সোণাই মিৰিত বন্যহস্তীয়ে ভাঙিলে দুটাকৈ বাসগৃহ

নিয়মীয়া বাৰ্তা, ৭ জুন : শোণিতপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বিভিন্ন অঞ্চলত বন্যহস্তী-মানৱৰ সংঘাত বৃদ্ধি পাবলৈ ধৰিছে। দিনে-নিশাই বন্যহস্তীৰ উপদ্ৰৱত গঞা ৰাইজ অতীষ্ঠ হৈ পৰা পৰিলক্ষিত হৈছে। অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ মাজতে আজি পুৱা সোণাই মিৰি গাঁৱত বালিপৰা সংৰক্ষিত বনাঞ্চলৰপৰা বন্যহস্তীৰ জাক এটা প্ৰৱেশ কৰি গাঁওখনৰ দুজনকৈ লোকৰ বাসগৃহ ভাঙি তহিলং কৰে। জানিব পৰা মতে, পুৱা ৫:০০ বজাত হাতীৰ জাকটো প্ৰৱেশ কৰি গাঁওখনৰ ক্ৰমে এম বাহাদুৰ থাপা আৰু গণেশ ছেত্ৰী নামৰ লোকজনৰ বাসগৃহ, ভঁৰাল গৃহ ভাঙি বিস্তৰ ক্ষতিসাধন কৰে। পিছত গঞা ৰাইজে নিজা প্ৰচেষ্টাত হাতীৰ জাকটোক পুনৰ বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে সোণাই মিৰি অঞ্চলত বিগত কেইদিনমান ধৰি জাক জাক বন্যহস্তীয়ে গঞা ৰাইজৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে ভঁৰালৰ ধান, বাৰীৰ খাদ্য শস্য খাই, বাৰীৰ পকা আনাৰস, কুঁহিয়াৰ খাই অনিষ্ট সাধন কৰি আহিছে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like