🔹 উজাগৰী নিশা কটাইছে নদী কাষৰীয়া গঞা, চৰ-চাপৰিবাসীয়ে
নিয়মীয়া বাৰ্তা, ৩ নৱেম্বৰ : যোৱা এমাহ দিন ধৰি বন্যহস্তীৰ এশজনীয়া দলে উজনি মাজুলীৰ মথাউৰিৰ বাহিৰত চৰ-চাপৰিত সন্ত্ৰাস সৃষ্টি কৰি আহিছে । উল্লেখ্য যে ব্ৰহ্মপুত্ৰৰ চৰ-চাপৰিসমূহত বৰ্তমান হাতীয়ে খাব পৰা কোনো খাদ্য নথকা বাবে বন্যহস্তীৰ জাকটোৱে মথাউৰিৰ ভিতৰলৈ সোমাই ধান, কলগছ আদি খোৱাৰ চেষ্টা চলাই আহিছে। দিনৰ ভাগত ব্ৰহ্মপুত্ৰ নদীৰ জলাশয় অঞ্চলত থাকি সন্ধিয়া হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত অনাই-বনাই ঘূৰি ফুৰা হাতীৰ জাকটোৰ পৰা আঁতৰি আহি এটা হাতী মথাউৰি পাৰ হৈ কঁঠালখোৱা গাঁৱৰ শালি ধানৰ পথাৰত সোমাই বহু বিঘা মাটিৰ ধান খাই তহিলং কৰে। এই বনৰীয়া হাতী জাকে খাদ্যৰ সন্ধানত চাপৰিৰ পশুপালকসকলৰ গোহালি ঘৰবোৰ ভাঙি পেলোৱাৰ লগতে বাৰীৰ শাক-পাচলিৰ অনিষ্ট কৰে । ইতিমধ্যে উজনি মাজুলীৰ চৰ-চাপৰিৰ ধাননি পথাৰ শূন্য কৰি পেলোৱাৰ লগতে মাহ খেতি খাই শেষ কৰিছে । কৃষক ৰাইজে জানিবলৈ দিয়া মতে, হাতীজাক ইয়াৰ পৰা খেদি নপঠালে সৰিয়হৰ খেতি কৰিব নোৱাৰিব উজনি মাজুলীৰ কৃষকে ৷ বৰ্তমানলৈকে এই হাতীৰ জাকটোৱে উজনি মাজুলী অঞ্চলৰ ৯জন ব্যক্তিক হত্যা কৰিছে । উজনি মাজুলীৰ সচেতন মহলে মাজুলী জিলা প্ৰশাসনক অধীক বনকৰ্মী নিয়োগ কৰি বনৰীয়া হাতীজাকক অন্য ঠাইলৈ খেদি পঠাবলৈ দাবী জনাইছে ।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড