নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগ্ৰীজুলিত নিশা বনৰীয়া হাতীৰ তাণ্ডৱ

🔹 লণ্ডভণ্ড কৰিলে ১০টাকৈ পৰিয়ালৰ ঘৰ-দুৱাৰ
নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰ : তামুলপুৰ জিলাৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ লগতে সমগ্ৰ ভাৰত-ভূটান সীমান্তত অব্যাহত আছে হাতী-মানুহৰ সংঘাত। বনাঞ্চলৰ অবাধ ধ্বংস যজ্ঞৰ ফলত বনাঞ্চল সংকুচিত হোৱাত তীব্ৰ খাদ্য সংকটত ভোগা বনৰীয়া হাতীৰ বৃহৎ বৃহৎ জাক ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি আহি জনবসতিপূৰ্ণ অঞ্চলত প্ৰৱেশ কৰি জীৱশ্ৰেষ্ঠ মানুহৰ লগত সংঘাতত লিপ্ত হৈ আহিছে। কালি নিশাৰ ভাগত বৃহৎ বনৰীয়া হাতীৰ জাক এটাই পাহাৰৰ পৰা নামি আহি নাগ্ৰীজুলি চাহ বাগিচাত প্ৰৱেশ কৰে আৰু সমগ্ৰ চাহ বাগিচাখনত আতংকময় পৰিৱেশৰ সৃষ্টি কৰে। বনৰীয়া হাতীৰ জাকটোৱে গোটেই নিশা আতংকময় পৰিৱেশৰ সৃষ্টি কৰি পুৱতি নিশা নাগ্ৰীজুলি চাহ বাগিচাৰ ১২ নম্বৰ শ্ৰমিক লাইনত প্ৰৱেশ কৰে আৰু অজয় মুণ্ডাৰ দোকান ঘৰ ভাঙি দোকানৰ বয়-বস্তু খাই তহিলং কৰাৰ উপৰি বীণা কুজুৰ, প্ৰদীপ গোৱালা, বিৰু কৰ্মকাৰ, বলো চবৰ, বৈদ্যনাথ মুণ্ডা, সীতা মুণ্ডা, প্ৰবীণ কৰ্মকাৰ, অমৰজিৎ গুঞ্জ, বিবিয়া কুৱাৰী চবৰৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ উপৰি ঘৰৰ ভিতৰত থকা ধান-চাউল আদি খাই তহিলং কৰে। কথমপি পৰিয়ালৰ লোকসকলে নিজৰ প্ৰাণৰক্ষা কৰিবলৈ সক্ষম হয়। খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পুৱাৰ ভাগত হাতীৰ জাকটোক খেদি পঠিয়াবলৈ সক্ষম হয়। বনৰীয়া হাতীৰ উপদ্ৰৱত কেইবালাখ টকাৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।
প্ৰেৰক ৰজনী বৰ্মন
You might also like