নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰিত বনৰীয়া হাতীৰ তাণ্ডৱ

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰী : চৰাইদেউ জিলাৰ বিভিন্ন স্থানত প্ৰায়ে সংঘটিত হৈ আহিছে হাতী-মানুহৰ সংঘাত। বনৰীয়া হাতীয়ে ইতিপূৰ্বে বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰিছে। যোৱানিশা সোণাৰিৰ জানেকী পথাৰত বনৰীয়া হাতীয়ে তাণ্ডৱ চলায়। ৰিণ্টু মুণ্ডাৰ ঘৰত অভয়পুৰ বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতীৰ জাকে উপদ্ৰৱ চলায়।

হাতীয়ে লোকজনৰ সম্পূৰ্ণ ঘৰ ভাঙি ঘৰৰ ভিতৰৰ সামগ্ৰী লণ্ডভণ্ড কৰে। বন বিভাগক খবৰ দিয়াৰ পিছতো  বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে। উল্লেখযোগ্য যে বিগত বৰ্ষতো বনৰীয়া হাতীয়ে এই অঞ্চলসমূহত বহু বাসগৃহ ভাঙি তহিলং কৰিছে। ইফালে, একে অঞ্চলৰ মধু মুড়া, নেনা মুণ্ডাৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে।

প্ৰেৰক আব্দুল জাব্বাৰ

You might also like