নিয়মীয়া বাৰ্তা, ২৮ জুলাই : জামুগুৰিহাটৰ উত্তৰাঞ্চলত অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস ৷ জাক জাক বনৰীয়া হাতীয়ে অঞ্চলটোৰ খকনবস্তি, মঙ্গলবৰীয়া, বৰদিকৰাই, মিলনপুৰকে ধৰি একাধিক অঞ্চলত গাঁওবাসীৰ ঘৰ-দুৱাৰ ভাঙি তহিলং কৰাৰ লগতে খেতি খাই অনিষ্ট কৰি আহিছে। নামেৰী বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এজাক বনৰীয়া হাতীয়ে ২নং বৰদিকৰাইৰ ঠগীমায়া কাৰ্কী নামৰ মহিলাগৰাকীৰ বাসগৃহ ভাঙি তহিলং কৰে ৷ ইফালে, ইটাখোলাৰ স্থানীয় ৰাইজৰ তৎপৰতাত মানুহগৰাকীৰ প্ৰাণৰক্ষা পৰে যদিও ওৰে নিশা বৰদিকৰাই অঞ্চলত তাণ্ডৱ সৃষ্টি কৰে বনৰীয়া হাতীয়ে ৷ স্থানীয় ৰাইজে বনৰীয়া হাতীৰ উপদ্ৰৱ বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাৱে বন বিভাগ আৰু চৰকাৰক দাবী জনাইছে ৷
প্ৰেৰক শিবু মজুমদাৰ