নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ হাহিমত বনৰীয়া হাতীৰ উপদ্ৰৱ, ধ্বংস শ শ বিঘা কৃষিভূমি

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰ : পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকৰণ বিষয়া কাৰ্যালয়ৰ অধীনস্থ শিংৰা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বকোৰ হাহিম অঞ্চলত বিগত দুদিন ধৰি বনৰীয়া হাতীৰ বৃহৎ জাক এটাই চলাইছে উপদ্ৰৱ। বিগত সময়ছোৱাত বনৰীয়া হাতীয়ে বকোৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই সন্ত্ৰাস সৃষ্টি কৰি বহুতৰে ঘৰ-দুৱাৰ, কৃষিভূমিৰ ক্ষতি কৰাৰ লগতে হাতীৰ গচকত বহুতৰে মৃত্যু হৈছে। ইয়াৰ পিছত কেতিয়াবা নিশা বা কেতিয়াবা দিনৰ ভাগতো খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক ওলাই অহা পৰিলক্ষিত হয়। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৭ বজাৰ পৰা বনৰীয়া হাতীৰ প্ৰায় ৩০-৪০ জনীয়া বৃহৎ জাক এটাই হাহিমৰ খেতিপথাৰত উপদ্ৰৱ চলায়। বনৰীয়া হাতীৰ জাকটোৱে বিগত দুদিনত হাহিম অঞ্চলৰ খেতিপথাৰৰ শ শ বিঘা কৃষিভূমিৰ বিস্তৰ ক্ষতিসাধন কৰে। হাতীৰ জাকটোক বনাঞ্চললৈ খেদি পঠিওৱাৰ বাবে হাহিমৰ বনৰক্ষীৰ দল আৰু স্থানীয় ৰাইজ ওলাই আহি বিভিন্ন প্ৰকাৰে চেষ্টা কৰি শুকুৰবাৰে পুৱতি নিশা প্ৰায় ২ মান বজাত কাষৰীয়া চুকুনীয়াপাৰা বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয়। বনৰীয়া হাতীৰ দিনে-নিশাই চলা এনে উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ স্থানীয় ৰাইজে পশ্চিম কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া ডিম্পী বৰাক অতি সোনকালে ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ জনাইছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like