নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ অসমৰ কেতবোৰ বিশেষ বিশেষ অঞ্চলত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই জনজীৱন ব্যতিব্যস্ত কৰি তোলাৰ দৰে ভাৰত-ভূটান সীমান্তৰ বাক্সা আৰু ওদালগুৰি জিলাৰ উত্তৰাঞ্চলৰ জনবসতি অঞ্চলসমুহতো উন্মত্ত বনৰীয়া হাতীয়ে আক্ৰমণ চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি জনজীৱন বিপৰ্যস্ত কৰি তুলিছে ৷ ইয়াৰ ফলত অঞ্চল সমুহৰ ৰাইজে নিৰাপত্তাহীনতাত ভূগি সংকটময় পৰিস্থিৰে দিন কটাব লগা হৈছে ৷ নিজৰ লগতে পৰিয়ালৰ নিৰাপত্তাৰ বিষয়টোৱেও ৰাইজক শ’লঠেকত পেলাইছে ৷ বনৰীয়া হাতীয়ে কোন মুহুৰ্তত আহি আক্ৰমণ চলায় এই চিন্তাতে ৰাইজ সততে উজাগৰী নিশা পাৰ কৰিবলগীয়া হৈছে ৷ পথাৰৰ খেতি চপোৱাৰ সময়ত ৰাইজে সদাজাগ্ৰত হৈ খেতিপথাৰৰ শইচৰ লগতে নিজৰ ঘৰ -বাৰী হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা কৰিবলৈ হাতীৰ লগত যুঁজিবলৈ ব্যস্ত হৈ থাকিব লাগে ৷ অস্ত্ৰ হিচাপে জুই,টিন,যাঠি আদি ব্যৱহাৰ কৰি হাতী খেদাৰ চেষ্টা চলাই ৷ কিন্তু সভ্য মানুহৰ চতুৰালি বুজি পোৱা হাতীয়ে ইয়াকো কেৰেপ নকৰি খেতি পথাৰৰ শইচ নষ্ট কৰাৰ লগতে ঘৰ-দুৱাৰ আদি ভাঙি-ছিঙি তহিলং কৰিছে ৷ বাক্সা জিলাৰ পূৱ বাঙালীপাৰা,উপৰখুটি, দেউচুঙা, শান্তিপুৰ, বৰনদী, বৰনদীপাৰ, বৰনদীঝাৰ, দাওৰাঝাৰ, বগামাটি, দোঙাৰগাঁও আৰু ওদালগুৰি জিলাৰ আটাৰীখাট, নাওবান্ধা, শুক্লাই, ৰজাগড়, শুৱলা, নালাপাৰা, ডিমাকুছি, বগৰীটল, বাদলাপাৰা, বামুনজুলি, ঔৰাংজুলি, গৰুৱাঝাৰ, ননৈপাৰা,নোনাইখুটি, ভূটিয়াচাং,বৰমুকলি,মাজুলী,ঘাগ্ৰা, কোৰামোৰ, টেংকিবস্তী, বৰঙাজুলি, ভোলাটাৰ ,নাচনশালী আদি অঞ্চলসমুহত বনৰীয়া হাতীয়ে প্ৰতিবছৰে সন্তাস চলাই অহাত ৰাইজে ত্ৰাহিমধুসূদন দেখিব লগা অৱস্থা হৈছে৷ অৰণ্য ধ্বংসযজ্ঞ অব্যাহত থকাৰ ফলত খাদ্যৰ অভাৱত আৰু বাসভূমিৰ পৰিৱেশ সলনিত নিৰাপত্তাহীন হৈ উন্মাদ হৈ পৰা বনৰীয়া হাতীয়ে বসতিস্থল ,খেতি-বাতিৰ পথাৰত প্ৰবেশ কৰি আৰম্ভ কৰে অত্যাচাৰ ৷ বৰনদী অভায়াৰণ্য আৰু সালিংদুৱাৰ বনাঞ্চল কাষৰীয়া ভূটান আৰু অৰুণাচলৰ অৰণ্যসমুহ প্ৰায় লঠঙা হৈ পৰাত সেই অৰণ্যসমূহৰ পৰা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত ভ্ৰমি ফুৰিব লগা হৈছে ৷ প্ৰাকৃতিক আশ্ৰয়স্থল বনাঞ্চলসমূহ ধ্বংসৰ কবলত পৰাৰ ফলত দিশহাৰা হৈ পৰি এই অঞ্চলসমূহত প্ৰৱেশ হ’লেই হাতী আৰু মানুহৰ মাজত আৰম্ভ হয় সংঘাত ৷ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ এই অঞ্চলসমূহৰ অনেক লোকে চাংঘৰ আৰু গছত টঙি সাজি হাতী খেদাৰ চেষ্টা কৰে ৷ তাতো কেতিয়াবা হাতীয়ে আক্ৰমণ চলাই বিপদাপন্ন কৰি তোলে জীৱন ৷ চলিত বৰ্ষত ওদালগুৰি জিলাত প্ৰায় ১২ জন লোকে বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাৰ বিপৰীতে বন্যহস্তীৰো প্ৰায় ১০টা মৃত্যু হৈছে ৷ আনহাতে প্ৰায় ৫০০ টা পৰিয়ালৰ বাসগৃহ ধ্বংস কৰে বনৰীয়া হাতীয়ে ৷ বৰ্তমান বাক্সা- ওদালগুৰিৰ উত্তৰাঞ্চলৰ ভূটান সীমান্ত এলেকাসমূহত জনজীৱন বিপৰ্যস্ত কৰি অহা বনৰীয়া হাতীৰ মুক্ত বিচৰণে এই বনাঞ্চলসমূহৰ বনৰীয়া হাতী যে সুৰক্ষিত নহয় তাক প্ৰতিয়মান কৰাইছে ৷ ৰাইজে হাতী-মানুৰ সংঘাতৰ স্থানীয় ভাৱে সমাধান কৰিবলৈ বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দাবী জনায় ৷ সমগ্ৰ ৰাইজৰ বাবে জ্বলন্ত সমস্যা হৈ পৰা বনৰীয়া হাতীৰ পৰা ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে চৰকাৰে অসমত হাতীৰ বাবে সংৰক্ষিত কৰা বিশেষ বনাঞ্চলসমূহত বন্যপ্ৰাণী বিধি অনুযায়ী বিশ্বৰ এই দূৰ্লভ বনৰীয়া হাতীক উপযুক্তভাৱে ৰক্ষণাবেক্ষণ দিব পাৰিলেহে হাতীৰ সন্ত্ৰাসৰ পৰা ৰাইজে সকাহ পাব বুলি ভবাৰ থল আছে ৷ এনে কৰিলে অসমৰ বন্য সম্পদ হাতীয়েও মানুহৰ আক্ৰোশৰ পৰা পৰিত্ৰাণ পোৱাৰ সুযোগ পাব ৷
প্ৰেৰক পৱন নাথ