নিয়মীয়া বাৰ্তা, ২৭ মেʼ : নগাঁও জিলাৰ বৈঠালাংছʼ-কামপুৰ সংযোগী ৰাজপথত আজি পুৱাই এটা বনৰীয়া হাতীয়ে প্ৰাতঃভ্ৰমণ কৰা পৰিলক্ষিত হয়। কামপুৰ আঞ্চলিক বন কাৰ্য্যালয়ৰ অন্তৰ্গত তথা বৰপথাৰ উপ খণ্ড বন কাৰ্য্যালয়ৰ অধীনস্থ নিঃচিহ্নপ্ৰায় বৰপানী সংৰক্ষিত বনাঞ্চলত বিচৰণ কৰি থকা বনৰীয়া হাতীয়ে খাদ্যৰ সন্ধানত নিশা প্ৰায়ে বনাঞ্চলৰ দাঁতিকাষৰীয়া গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলাই আহিছে। যোৱানিশাও চবিন মাৰ্কেট, হাবাইগাঁও, বৰবিলত বনৰীয়া হাতী প্ৰৱেশ কৰি বাৰীৰ তামোল নাৰিকল কলগছ ভাঙি ক্ষতি কৰে। ইফালে বনৰীয়া হাতীয়ে গাঁৱত ওৰেনিশা উপদ্ৰৱ চলোৱাৰ পাছত পুৱাৰ ভাগত বৈঠালাংছʼ-কামপুৰ সংযোগী পথত অৱস্থান কৰে। ইয়াৰ ফলত পথৰ দুয়ো কাষে বহু সময়লৈ যান বাহন আবদ্ধ হৈ পৰে।
প্ৰেৰক হেমন্ত কুমাৰ নাথ