নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বনধ্বংসৰ কুফল ভোগ কৰিবলগীয়া হৈছে আমচাং অভয়াৰণ্যৰ দাঁতি–কাষৰীয়া অঞ্চলৰ বাসিন্দাই৷ আমচাং অভয়াৰণ্যত দুষ্টচক্রই বন বিভাগৰ ছত্রছায়াত গছ–গছনি কাটি তহিলং কৰাৰ লগতে বনাঞ্চলত অবৈধভাৱে ৰিজ’ৰ্ট নির্মাণ কৰি চলাই আছে ব্যৱসায়৷ ইয়াৰ সমান্তৰালকৈ আমচাং অভয়াৰণ্যৰ গছ–গছনি কাটি একাংশই বসতি স্থাপন কৰিছে৷ ফলত খাদ্যৰ সন্ধানত আমচাঙৰ পৰা জনাঞ্চললৈ সঘনাই ওলাহ আহিছে বনৰীয়া হাতী৷ আমচাঙৰ পৰা অহা বন্যহস্তীৰ উপদ্রৱত দাঁতি–কাষৰীয়া বাসিন্দাই বিনিদ্র ৰজনী পাৰ কৰিবলগীয়া হৈছে৷ আনহাতে বনৰীয়া হাতীৰ আক্রমণত ইতিপূর্বে কেইবাজনো লোকে অকাল মৃত্যুক সাবটি লোৱাৰ লগতে শ শ বিঘা কৃষিভূমি তহিলং কৰিছে বনৰীয়া হাতীয়ে৷ কালি আমচাঙৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ বৃহৎ জাক এটাহ চন্দ্রপুৰৰ পাণবাৰীত মুক্ত বিচৰণ কৰাক কেন্দ্র কৰি আতংকিত হৈ পৰিছে অঞ্চলবাসী৷বন্যহস্তীৰ জাকটোৱে কালিৰে পৰা অঞ্চলটোত অৱস্থান কৰি থকাৰ ফলত একপ্রকাৰ বিনিদ্র ৰজনী কটাবলগীয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে পাণবাৰীৰ দাঁতিতে থকা আমচাং অভয়াৰণ্যৰ পৰা নিশা ৩০–৪০টা পোৱালিসহ হাতীৰ বৃহৎ জাক এটা জনাঞ্চলৈ নামি আহে৷ নামি অহাৰ পিছত জাকটোৱে নিশাহ ৰাতুল তুমুং নামৰ কৃষকজনৰ প্রায় তিনি বিঘাৰ বৰোধান খাহ তহিলং কৰে৷ তাৰ পিছত বৃহৎ জাকটো ৰে’ল আলি পাৰ হৈ গৰৈমাৰী বিলৰ পাৰত অৱস্থান কৰে৷ তেতিয়াৰে পৰা আজি ওৰেদিন বিলৰ পাৰতে মুক্ত বিচৰণ কৰিছে বন্যহস্তীৰ জাকটোৱে৷ হফালে বিলৰ পাৰতে থকা ৰে’ল আলিৰে অহৰহ ৰে’ল চলাচল হৈ থকাত ভয়ংকৰ দুর্ঘটনাৰ আশংকাত পুৱাৰ পৰা ৰে’লকর্মী আৰু বনকর্মীৰ দলে জাকটো ৰে’ল আলিত উঠিব নোৱাৰাকৈ পহৰা দি আছে৷ জানিব পৰা মতে, বন বিভাগৰ অনুৰোধত সেই স্থানত ৰে’লৰ গতিবেগ কমাই ৰে’ল চলাচল কৰিছে৷ বাতৰি লিখা পৰলৈকে বন বিভাগৰ লোকে বহু চেষ্টা কৰিও জাকটো অভয়াৰণ্যলৈ ওভতাই পঠিয়াব পৰা নাই৷ আমচাঙৰ ভূমিত জধে–মধে ৰিজ’ৰ্টৰ বেহা চলোৱাৰ বাবে অঞ্চলবাসীয়ে প্রতিক্রিয়া প্রকাশ কৰি বন বিভাগক ব্যৱস্থা গ্রহণৰ আহ্বান জনাইছে৷