নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলফাৰ চোৰাংচোৱাৰ তালিকাত ডিব্ৰুগড়ৰ অংকুৰ দিহিঙীয়া! মৃত্যুদণ্ডৰ সন্মুখীন হব নেকি অংকুৰ?

বিশেষ বাৰ্তা, ১২মেঃ আলফা স্বাধীনৰ দুজনকৈ সদস্যক চোৰাংচোৱাৰ সন্দেহত মৃত্যুদণ্ড দিয়াৰ লগতে আন এজন সদস্যকো মৃত্যুদণ্ড দিয়াৰ গুৰুতৰ অভিযোগ উৎথাপিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ।সঞ্জীৱ শৰ্মা আৰু ধনজিৎ দাসক মৃত্যুদণ্ড দিয়াৰ পাছত পুনৰ পেঙেৰীৰ বিজু গগৈ ওৰফে ভাগ্য অসমকো আলফা (স্বাঃ)য়ে মৃত্যুদণ্ড দিয়া বুলি বাতৰি বিয়পি পৰাৰ পাছতে শংকিত হৈ পৰিছে আলফাৰ চোৰাংচোৱা তালিকাত নাম সন্নিবিষ্ট হোৱা আন একাংশ যুৱকৰ পৰিয়াল।আলফাৰ চোৰাংচোৱা তালিকাত ডিব্ৰুগড় জিলাৰ বাম কলাখোৱাৰ প্ৰবীণ দিহিঙীয়াৰ পুত্ৰ অংকুৰ দিহিঙীয়াৰ নাম সাঙোৰ খাই পৰাত এতিয়া ভীতিগ্ৰস্ত হৈ পৰিছে পৰিয়ালটো।অতিকৈ দৰিদ্ৰ পৰিয়ালৰ একমাত্ৰ সন্তানৰ নাম কেনেকৈ নিষিদ্ধ সংগঠনটোৰ আৰক্ষীৰ চোৱাংচোৱাৰ তালিকাত নাম সন্নিবিষ্ট হল তাকে লৈ পৰিয়ালটোৰ মাজত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য আৰু উৎকন্ঠা।দৰিদ্ৰতাৰ বাবে মেট্ৰিক পৰীক্ষা দিয়াবলৈয়ো সক্ষম নোহোৱা পৰিয়ালটোৰ মূল ব্যক্তি প্ৰবীণ দিহিঙীয়াই দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো চলিছিল। অংকুৰ দিহিঙীয়া কোনো প্ৰকাৰেই এনে কাম কৰিব নোৱাৰে বুলি পিতৃ-মাতৃয়ে দাবী কৰি আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ কাকুতি-মিনতী কৰি নিজ সন্তানক দোষমুক্ত কৰিবলৈকো অনুৰোধ জনায়।পিতৃ প্ৰবীণ দিহিঙীয়াই ‘নিয়মীয়া বাৰ্তা’ৰ এই সংবাদদাতাৰ আগত ব্যক্ত কৰা মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত থকা নিজ বায়েকৰ কন্যাৰ তুলনি বিবাহৰ বাবে যোৱা মাৰ্চ মাহত ঘৰৰ পৰা যোৱা অংকুৰ দিহিঙীয়াক দুজন যুৱকে চাকৰি দিয়াৰ প্ৰলোভনৰে মাৰ্ঘেৰিটাৰ ঘৰৰ পৰা লৈ গৈছিল।কিন্তু পৰৱৰ্তী সময়ত কেইবাদিনো ডিগবৈত সেনা শিবিৰত বন্দী কৰি ৰাখিছিল যদিও বহু পলমকৈ পৰিয়ালৰ লোকে জানিব পাৰি নিজ বাম কলাখোৱাৰ ঘৰলৈ লৈ অহা বুলি কৈ তেতিয়াৰ পৰা ঘৰতে থকা বুলি পিতৃয়ে দাবী কৰে।অৱশ্যে ঘৰত আমি উপস্থিত হোৱাৰ সময়ত অংকুৰ ডিব্ৰুগড়লৈ যোৱাত সাক্ষাৎ কৰিব পৰা নগল।উল্লেখ্য যে আলফাৰ অভিজিৎ অসমে সামাজিক মাধ্যমৰ জৰিয়তে জনাইছিল—“আপোনালোকৰ সন্তানৰ দীৰ্ঘায়ু বিচাৰে যদি চোৰাংচোৱাগিৰি কৰিবলৈ বন্ধ কৰাওক।অন্যথা অতি কম সময়ৰ ভিতৰত মৰমৰ পুত্ৰক হেৰুৱাব লাগিব”।এনে সাৱধানবাণী প্ৰকাশ কৰাৰ পাছতো অংকুৰে বা পৰিয়াল ভয়-ভীত নহৈ নিজ সন্তানক মুকলিকৈ ঘুৰা-ফুৰা কৰিবলৈ দিয়াতোও যথেষ্ট তাৎপৰ্য বিষয় বুলিও ব্যাপক চৰ্চা লভিছে।আনহাতেদি আলফাৰ শেহতীয়া তালিকাত নিজ সন্তানৰ নাম সন্নিবিষ্ট হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মুৰত সৰগ ভাগি পৰিছে।গাওৰ প্ৰতিবেশীৰ পৰা এনে কথা জানিব পাৰি–কোনো প্ৰকাৰে পুত্ৰই তেনে কাম কৰিব নোৱাৰে বুলি কৈ আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈয়ো কাকুতি-মিনতি কৰিছে পৰিয়ালটোৱে।ইফালে অংকুৰ দিহিঙীয়াই সাংবাদিকৰ পৰা আঁতৰি থকাৰ লগতে কোনো মন্তব্য প্ৰদান নকৰাত সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।সচাকৈয়ে অংকুৰ দিহিঙীয়া আলফাৰ মৃত্যুদণ্ডৰ সন্মুখীন হব লাগিব নেকি,সেয়া এতিয়া সৰ্ব্বত্ৰে চলিছে ব্যাপক চৰ্চা।

প্ৰেৰক বিভাস দুৱৰা।

You might also like