🔹 ভূপেন বৰালৈ পত্র মন্ত্রী পীয়ূষ হাজৰিকাৰ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ অক্টোবৰ : অমৃত কলহ যাত্রাত কংগ্রেছী বিধায়কৰ অংশগ্রহণক লৈ প্রদেশ কংগ্রেছত উদ্ভৱ হোৱা বিতর্কৰ পিছত এতিয়া চৰকাৰী কার্যসূচীলৈ কংগ্রেছী বিধায়কসকলক মাতিব নে নাই, সেই সম্পর্কত স্পষ্ট উত্তৰ বিচাৰি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰালৈ পত্র প্রেৰণ কৰিছে জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশ অনুসৰি মন্ত্রী হাজৰিকাই প্রদেশ কংগ্রেছৰ সভাপতি বৰালৈ পত্রখন প্রেৰণ কৰিছে ৷ পত্রখনত মন্ত্রী হাজৰিকাই কয় যে বিগত কেইটামান দিনত ভাৰত চৰকাৰৰ কার্যসূচী অমৃত কলহ যাত্রাত অসমৰ কংগ্রেছ দলৰ একাংশ বিধায়কৰ অংশগ্রহণক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হৈছে৷ এই কার্যসূচীত অংশ লোৱা বিধায়কসকলক জবাবদিহি কৰাৰ লগতে প্রদেশ কংগ্রেছে দলীয় বিধায়কসকলক ভৱিষ্যতে এনে কার্যসূচীত অংশ নল’বলৈ নির্দেশ দিয়া বুলি প্রকাশ পাইছে৷ কিন্তু প্রদেশ কংগ্রেছৰ এনে স্থিতিয়ে চৰকাৰক যথেষ্ট বিভ্রান্ত কৰাৰ কথা উল্লেখ কৰি পত্রখনত মন্ত্রী হাজৰিকাই কয় যে বিগত সময়ছোৱাত বিৰোধী দলপতিকে ধৰি একাংশ কংগ্রেছ বিধায়কে বিধানসভাৰ ভিতৰে-বাহিৰে তেওঁলোকক বিভিন্ন চৰকাৰী কার্যসূচীলৈ আমন্ত্রণ নজনোৱা বুলি আপত্তি দর্শাই আহিছে৷ কিন্তু কংগ্রেছ দলৰ বিধায়কসকলক অমৃত কলহ যাত্রাকে ধৰি এনে চৰকাৰী কার্যসূচীত অংশ নল’বলৈ নির্দেশ দিয়া বুলি প্রকাশিত তথ্যই যথেষ্ট বিভ্রান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ আগন্তুক সময়ছোৱাত ৰাজ্য চৰকাৰৰ খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্রাম আদি কার্যসূচী তথা এছডিএলএচি, দিশা আদি বৈঠকলৈ কংগ্রেছ দলৰ বিধায়কসকলক আমন্ত্রণ জনাব লাগিব নে নালাগে, সেয়া চৰকাৰে থিৰাং কৰিব পৰা নাই৷ যদি দলটোৰ বিধায়কসকলে চৰকাৰী কার্যসূচীত অংশগ্রহণ কৰাটো নিবিচাৰে, তেতিয়াহ’লে প্রদেশ কংগ্রেছৰ সভাপতি তথা দলৰ তৰফৰ পৰা স্পষ্ট কৰি দিয়া উচিত৷ ভৱিষ্যতে যিকোনো চৰকাৰী কার্যসূচীলৈ কংগ্রেছ দলৰ বিধায়কসকলক আমন্ত্রণ জনাব লাগিব নে নালাগে, সেই বিষয়টো ৰাজহুৱাভাৱে স্পষ্ট কৰি দিবলৈ মন্ত্রী হাজৰিকাই পত্রখনত সভাপতি বৰাক আহ্বান জনায়৷ ইপিনে, আজি নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই কয় যে প্রতিটো চৰকাৰী কার্যসূচীত আমাৰ প্রতিগৰাকী বিধায়কক মাতিবলৈ চৰকাৰ বাধ্য৷ পিছে কার্যসূচীত আমি অংশ ল’ও নে নলওঁ, সেয়া আমাৰ সিদ্ধান্ত হ’ব ৷