নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শীত : দেশী-বিদেশী পক্ষীৰে ভৰিছে তিনিচুকীয়াক পক্ষীবিল মতাপুং মাগুৰি বিল

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰ : শীতৰ আগমনৰ লগে লগেই পক্ষীবিল মটাপুং মাগুৰীবিললৈ জাকেজাকে আগমন ঘটিছে দেশীবিদেশী আলহী পক্ষীৰ ৷ বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰা প্ৰায় ৯ কিলোমিটাৰ নিলগত অৱস্থিত আলহী পক্ষীৰ স্বৰ্গভূমি বিশ্ববিখ্যাত মটাপুং মাগুৰি বিল৷ বাৰেকুৰি, বাঘজান আৰু নতুনগাঁৱৰ মাজভাগত অৱস্থিত মটাপুং মাগুৰীবিলে পৰ্যটনৰ ক্ষেত্ৰত তিনিচুকীয়া জিলাক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে। জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা প্ৰায় ১০ কিল’মিটাৰ ব্যাসাৰ্ধৰ এই বৃহৎ বিলখনলৈ সম্প্ৰতি চাইবেৰিয়া, ৰাছিয়া, নৰ’ৱে, ইংলেণ্ড, জাপান, টুন্দ্ৰা, লে-লাডাশ ইত্যাদি ঠাইৰ পৰা Baikal Teal, Eastem Spot Billed Duck, Mallard, Tufted Duck ইত্যাদি ৩০১ বিধৰো অধিক দেশী-বিদেশী পক্ষীৰ আগমন ঘটিছে। অজস্ৰ পক্ষীৰ কোৰ্হালত প্ৰাণচঞ্চল হৈ পৰিছে  মাগুৰি বিলখন। বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্তেম্বৰ- অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে। স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ হয়। বিগত দুটাকৈ বৰ্ষত পৃথিৱীৰ বিখ্যাত পৰিভ্ৰমী চৰাই ‘মেণ্ডাৰিন ডাক’ অথবা সুন্দৰী পক্ষীও বিলখনত দেখা পোৱা গৈছিল। এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক আহি উপস্থিত হয় মাগুৰি বিলত। বিলখনক শেহতীয়াকৈ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ সংমণ্ডলৰ পৰিৱেশ সংবেদনশীল অঞ্চল (Eco Sensitive Zone) হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছে। মাৰ্শ বাবলাৰ, ছোৱাম্প প্ৰিনিয়া, ব্লেক ব্ৰেষ্টটেড পেৰটবিল, জেৰ্ডন’ছ বাবলাৰ, ছোৱাম্প ফ্ৰিনকলিন বিলখনৰ কাষৰ ঘাঁহনিত পোৱা এই পাঁচবিধ বিপদাপন্ন প্ৰজাতিৰ চৰাইৰ চাবলৈ দেশী-বিদেশী পয্যটকৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ উপৰিও জাৰ্মান, জাপান, ইংলেণ্ড, আমেৰিকা, ফ্ৰান্সৰ পৰা পক্ষী নিৰিক্ষকসকল আহি বিভিন্ন সময়ত ইয়াত উপস্থিত হয়। এতিয়া গাঁৱখনৰ কিছুসংখ্যক সচেতন লোক তথা প্ৰকৃতিপ্ৰমীয়ে নিঃস্বাৰ্থভাৱে বিলখনৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত নিজৰ অৱদান আগবঢ়াই আহিছে যদিও বহু কৰণীয় আছে চৰকাৰ তথা পয্যটন বিভাগৰ । সমগ্ৰ বিলখন মেটেকা, পদুমফুল, ভেটফুলকে আদি কৰি বিভিন্ন জলজ উদ্ভিদেৰে পৰিপূৰ্ণ হৈ এক অন্য পৰিবেশৰ সৃষ্টি কৰে৷ সমান্তৰালভাৱে বৃহত্তৰ বাৰেকুৰি অঞ্চলত বাস কৰা ২৩ টাকৈ বিলুপ্তপ্ৰায় হলৌ বান্দৰেও আকৰ্ষণ কৰিছে দেশী-বিদেশী পয্যটকক। বনৰীয়া হলৌ বান্দৰ বাৰেকুৰিত মানুহৰ বাৰিত ঘৰুৱা জীৱ-জন্তুৰ দৰে সহবাস কৰা দৃশ্যই মন মুহিছে পয্যটকসকলক। বাৰেকুৰিলৈ হলৌ বান্দৰৰ লগতে কমলা তথা জৈৱ বৈচিত্ৰ্যৰ ওপৰত অধ্যয়ন কৰিবলৈও বিভিন্ন প্ৰান্তৰ পৰা অধ্যয়ন তথা গৱেষণা কৰিবলৈ ছাত্ৰছাত্ৰীয়ে শিৱিৰ পতা পৰিলক্ষিত হয়। শেহতীয়াকৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয় অনুষ্ঠান “মন কী বাত”ত বাৰেকুৰিৰ হলৌ বান্দৰ তথা বাৰেকুৰিবাসীক প্ৰশংসা কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। গতিকে চৰকাৰ তথা পয্যটন বিভাগে যদি গুৰুত্বসহকাৰে পদক্ষেপ গ্ৰহণ কৰে তেন্তে বাৰেকুৰিৰ হলৌ বান্দৰ,  মটাপুং মাগুৰীবিলে বিশ্বৰ পয্যটনৰ মানচিত্ৰত এক অন্য মাত্ৰা প্ৰদান কৰাৰ লগতে বহু স্থানীয় নিবনুৱা হৈ পৰিব বিভিন্ন দিশত জড়িত ৷
প্ৰেৰক বিবেক বড়া
You might also like