নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০–১৫ দিনৰ ভিতৰত কমিব সামগ্রীৰ দাম

মূল্যবৃদ্ধিত অতিষ্ঠ ৰাজ্যবাসীলৈ মুখ্যমন্ত্রীৰ সুখবৰ

নিয়মীয়া বাৰ্তা ২৯ অক্টোবৰঃ ৰাজ্যখনত পেট্র’লৰ দামে শতকৰ ঘৰ পাৰ কৰাৰ সমান্তৰালভাৱে ডিজেলৰ দামো শতকৰ ঘৰ স্পর্শ কৰিছে৷ ৰন্ধন গেছৰ দাম বৃদ্ধিয়েও ৰাইজক জুৰুলা কৰিছে৷ একে সময়তে শাক–পাচলিৰ পৰা আৰম্ভ কৰি মাছ–মাংস–দাইল–মিঠ্ দামে ৰাইজক জলাকলা খুৱাইছে৷ সমান্তৰালভাৱে ৰড, চিমেণ্টকে ধৰি নির্মাণ সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মূৰত ৰাম–টাঙোন শোধাইছে৷ মানুহৰ উপার্জন হ্রাস পোৱাৰ সময়তে প্রতিটো সামগ্রীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণক ত্রস্তমান কৰি তুলিছে৷ সেই সময়তে ৰাজ্যবাসীলৈ আশাৰ খবৰ কঢ়িয়াই আনিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অহা ১০–১৫ দিনৰ ভিতৰত মূল্যবৃদ্ধি সম্পর্কীয় পৰিস্থিতি স্বাভাৱিক হোৱাৰ আশা কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷

বৃহস্পতিবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মূল্যবৃদ্ধিৰ বোজা এটা ৰাইজৰ মূৰত আছে৷ মই ভাবোঁ আৰু কেইটামান দিনৰ ভিতৰত পৰিৱেশ স্বাভাৱিক হৈ যাব৷ ইমানদিনে অর্থনীতি খুব বেয়া হৈ আছিল৷ এতিয়া ঘৰত জমা হৈ থকা বস্তু বিক্রী কৰিব ওলাইছে৷ যোৱা তিনি মাহৰ ক্ষতি পূৰণ কৰিব খুজিছে৷ এইটো এটা পর্যায়৷ অহা ১০–১৫ দিনৰ ভিতৰত এই পর্যায় অতিক্রম কৰিব পৰা যাব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷

You might also like