নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অতুলনীয় প্রাকৃতিক সৌন্দৰ্যৰ সাক্ষ্য বহনকাৰী ‘পবা’ৰ কথাৰে

কৰবী দলেৰ প্ৰতিবেদনঃ উত্তৰ অসম তথা চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পাহাৰৰ নামনিত অৱস্থিত ধেমাজি জিলা জোনাই সম জিলা প্রাকৃতিক সৌন্দৰ্যৰে মনোৰম। ধেমাজি জিলা জোনাই মহকুমাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা এক মাত্ৰ বৰ্ষাৰণ্য পবা বনাঞ্চলখন জৈৱ-বৈচিত্ৰ্যৰে ভৰপুৰ। ১৯২৪ চনত ব্ৰিটিছৰ শাসন কালতে সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰা পবা বনাঞ্চলত চৰকাৰী তথ্য মতে ১০,২২১ হেক্টৰ বনভূমি আগুৰি আছে।

ভ্ৰমণকাৰীৰ পছন্দৰ তালিকাত পবা:
ধেমাজি জিলাৰ ভিতৰতে একমাত্র বাচি থকা বনাঞ্চল পবাত বিভিন্ন মূল্যৱান গছ-লতা, দুষ্প্রাপ্য জীৱ-জন্তু, চৰাই-চিৰিকটি, অর্কিড আৰু ঔষধি গছ-লতাৰে সমৃদ্ধিশালী। চিয়াং নদীৰ সমীপতে অৱস্থিত বনাঞ্চলখন বিগত দুটা দশক আগৰ পৰাই পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্ৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। তদুপৰি সম্প্ৰতি পবা বনাঞ্চললৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা দেখা গৈছে। উল্লেখ্য, বর্তমান বিদ্যালয় আৰু মহাবিদ্যালয়সমূহত পৰিৱেশ অধ্যয়নক এক বিষয় হিচাপে অন্তর্ভুক্ত কৰি পৰিৱেশ বিজ্ঞানৰ ক্ষেত্ৰ অধ্যয়ন কৰাটো বাধ্যতামুলক হোৱাৰ পৰিপ্ৰেক্ষিতত বৰ্ষাৰণ্য পবা বিভিন্ন ছাত্র-ছাত্রীৰ পৰিৱেশ অধ্যয়নৰ এক আদর্শ ক্ষেত্ৰ হৈ পৰিছে। এই বছৰত পবা বনাঞ্চলৰ তিনিমাইল খণ্ডত পৰিৱেশ অধ্যয়ন কৰিবলৈ অহা ছাত্ৰ-ছাত্ৰীৰ দল অধিক দেখা গৈছে। আনহাতে বিভিন্ন গাঁও আৰু অনুষ্ঠানৰ পৰ্যটকৰ দলে ইয়াত বনভোজ খাবলৈ আহে। বিশেষকৈ চিয়াঙৰ নৈসর্গিক সৌন্দর্যই পৰ্যটকক আকৰ্ষণৰ আন এক কাৰণ হৈ পৰিছে। বনাঞ্চলখনৰ তিনিমাইল খণ্ডটো চিয়াং নদীৰ সমীপতে হোৱাৰ বাবে ইয়াত বনভোজ খাবলৈ অধিক সুবিধা আছে। তিনিমাইল বনখণ্ড কার্যালয়খন জোনাই সদৰৰ পৰা প্ৰায় ছয় কিলোমিটাৰ দক্ষিণ-পূব দিশত অৱস্থিত।

কেনেকৈ যাব পাৰি পবালৈ ?
জোনাই সদৰৰ পৰা চিয়াং নদীলৈ যাবলৈ বাহিৰ জোনাই গড়কাপ্তানি পথেৰে দক্ষিণ দিশে তিনি কিলোমিটাৰ যোৱাৰ পিছত বাহিৰ জোনাই চাৰিআলি পাব। ইয়াৰ পৰা পুনৰ দক্ষিণ-পূব দিশে চিলে গাঁৱলৈ যোৱা পথেদি প্রায় তিনি কিলোমিটাৰ গ’লে তিনিমাইল বনখণ্ড কার্যালয়খন পাব পাৰি। ইয়াৰ দাঁতিতেই চিয়াং নদীখন বৈ গৈছে। চিয়াক অৱশ্যে স্থানীয় ৰাইজে লালী বুলিও কয়। পবা বনাঞ্চলৰ দাঁতিতেই চিয়াং নদীখন বৈ যোৱাত পৰিৱেশটো অধিক মনোৰম হৈ উঠে।

কি কি সুবিধা উপলব্ধ পৰ্যটকৰ বাবে?
পবা ভ্ৰমণ কৰিবলৈ অহা পৰ্যটকে চিয়াঙৰ বুকুত নৌকা বিহাৰ কৰিব পাৰে। পবা বনাঞ্চলৰ অভ্যন্তৰত ভ্ৰমণ কৰিবলৈ বন বিভাগৰ দ্বাৰা নিৰ্মাণ কৰা পথেদি সোমাই যোৱাৰ সুবিধা আছে। আনহাতে পবা ভ্ৰমণ কৰিবলৈ লেকু খণ্ডতো তদ্রূপ সুবিধা আছে। অৰুণাচল প্ৰদেশৰ গাতে লাগি থকা লেকু খণ্ডটো জনাইৰ পৰা পাছিঘাট যোৱাৰ পথত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে অৱস্থিত। ইয়াতো লেকু নদীৰ সৌন্দৰ্য উপভোগ কৰাৰ সুবিধা আছে।

জৈৱ-বৈচিত্ৰ্যৰে ভৰা পবাৰ বুকু::
এই বনাঞ্চলৰ আন এক বৈশিষ্ট্য হ’ল ইয়াত বিলুপ্তপ্রায় লাজুকী বান্দৰ আছে। লাজুকী বান্দৰ পৰাৰ অন্যতম সম্পদ বুলি ক’ব পাৰি। তদুপৰি পৰাত থকা অন্যান্য জীৱ-জন্তুসমূহৰ ভিতৰত হুগৰি পহু, বন গাহৰি, বন কুকুৰা, বান্দৰ, নেউল, সাপ, কেৰ্কেটুৱা, উদ, জ’হামাল, বনৰৌ, শিয়াল, ভেকুলি, জেঠী, ওই কেটেলা পহু আৰু সৰীসৃপ জাতীয় জীৱ আছে। এই বনাঞ্চলৰ আন এক বৈশিষ্ট হ’ল ইয়াত মাটিত গজা এবিধ কপৌফুল দেখিবলৈ পোৱা যায়। বসন্তকালত পৰাত নানান বঙী অর্কিদেৰে ভৰি পৰে।

মূল্যবান গছ-গছনিৰ সেউজ আৱৰণেৰে আদৃত পবা::

এই বনাঞ্চলত থকা গছ-গছনিসমূহৰ ভিতৰত শিলিখা, শিমলু, উনিয়াম, ঔটেঙা, শিলিখা, ভোমোৰা, এজাৰ, নাহৰ, বৰপাত, ভোলা, পাবলি, গমাৰী আদি আছে । ইয়াত ঔষধি গুণযুক্ত বনৰীয়া শাক পোৱা যায়। ইয়াৰ ভিতৰত নেফাফু, বিহলঙনি, মেছাকী, মেজেঙা, ডিমক, টিকনি বৰুৱা, চেংমৰা ইত্যাদি।ইফালে, চিয়াং নদীৰ দক্ষিণ দিশত অৱস্থিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু পৰাৰ পূব দিশত থকা দায়িং ইৰিং বন্যপ্রাণী উদ্যানৰ পৰা অহা বন্যহস্তীৰ দলে প্ৰায়ে পবা বনাঞ্চলত বিচৰণ কৰে।

শীতকালত পৰিভ্ৰমী চৰাইৰ বিচৰণথলী:

আনহাতে চিয়াঙৰ পাৰত পৰিভ্ৰমী পক্ষীও দেখিবলৈ পোৱা যায়। বছৰৰ অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ চিয়াঙৰ পাৰত বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত বৰটোকোলা, চিলনী, মাছৰোকা, ডাউক, হেটুলুকা, বালিমাহী, শগুণ ইত্যাদি পক্ষীদেখা যায়। পবাৰ গুৰুত্বপূৰ্ণ অংশবোৰৰ ভিতৰত প্ৰাকৃতিকভাৱে সৃষ্ট আৰ্দ্ৰভূমিসমূহ অন্যতম। পবাত থকা বিল, জলাশয়, ডোবা, পিতনি, জলাশয় আদিত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়।

পবাক পৰ্যটন মানচিত্ৰত তুলি ধৰাৰ প্ৰয়াস:

প্ৰস্তাৱিত পবা বন্যপ্ৰাণী অভয়াৰণ্যৰ সুৰক্ষা-সংৰক্ষণ তথা বন্যপ্ৰাণী অভয়াৰণ্য স্বীকৃতিৰ দাবীৰ প্ৰতি অধিক জনমত গঠন আৰু পৰ্যটন উদ্যোগ বিকাশৰ উদ্দেশ্যে পবা বনাঞ্চলেত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত দ্বিতীয় সংখ্যক পবা মহোৎসৱ।

You might also like