নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ দিনৰ ভিতৰত ৰাজনৈতিক দল ঘোষণা কৰিব আছু–যুৱ ছাত্র পৰিষদে

পৰামর্শদাতা সমিতিৰ ৪৫ পৃষ্ঠাৰ প্রতিবেদন দাখিল

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ  সদৌ অসম ছাত্র সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ (এ জে ৱাই চি পি)ৰ উদ্যোগত গঠন হ’বলগীয়া বহু চর্চিত নতুন আঞ্চলিক ৰাজনৈতিক দল গঠন সন্দর্ভত পৰামর্শ দিয়াৰ বাবে গঠন কৰি দিয়া পৰামর্শদাতা সমিতিয়ে বুধবাৰে ছাত্র সংগঠন দুটাৰ নেতৃত্বৰ হাতত প্রতিবেদন দাখিল কৰে৷ বুধবাৰে গুৱাহাটীত এখন সংবাদ মেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই কথা সদৰী কৰে৷ সংবাদ মেলত গগৈয়ে কয়– ‘প্রস্তাৱিত আঞ্চলিক ৰাজনৈতিক দল গঠন কৰা সন্দর্ভত মার্গদর্শন বা পৰামর্শ দিবলৈ আমি আছু আৰু এজেৱাইচিপিৰ উদ্যোগত এখন পৰামর্শদাতা সমিতি গঠন কৰি দিছিলোঁ৷ বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়া আৰু পদ্মশ্রী ড০ অৰূপ কুমাৰ দত্তৰ নেতৃত্বত গঠন কৰা সমিতিখনে ইতিমধ্যে ৪৫ পৃষ্ঠাৰ এখন প্রতিবেদন দাখিল কৰিছে৷ বিশেষকৈ আর্থ–সামাজিক–ৰাজনৈতিক আদি প্রেক্ষাপটত অসমবাসীয়ে সন্মুখীন হৈ অহা সংকট কিম্বা প্রত্যাহ্বান নিৰসনৰ উপায় কি, কেনেকৈ সমাধান কৰিব পাৰি সেই সন্দর্ভত সমিতিখনৰ পৰা পৰামর্শ বিচৰা হৈছিল৷ সমিতিখনে পৰামর্শসম্বলিত প্রতিবেদনখন দাখিল কৰাৰ বাবে উপদেষ্টা ড০ নগেন শইকীয়া, ড০ অৰূপ কুমাৰ দত্ত ছাৰকে ধৰি সমিতিৰ আটাইকেইজন সদস্যক ধন্যবাদ জনাইছোঁ৷ আমি আছু আৰু যুৱ–ছাত্র পৰিষদৰ নেতৃত্বই সমিতিৰ পৰামর্শসমূহ পর্যালোচনা কৰিম আৰু পৰামর্শসমূহৰ আধাৰত পৰৱর্তী পদক্ষেপ গ্রহণ কৰিম৷ লগতে আমি পৰামর্শসমূহ ৰাজহুৱা কৰিম৷’ ইফালে, সমিতিৰ পৰামর্শসমূহ অসমৰ ৰাইজে বিচৰা ধৰণে হ’ব আৰু অসমবাসীয়ে সন্মুখীন হৈ অহা সমস্যাসমূহৰ সমাধান সূত্র উলিয়াব পৰা যাব বুলি লুৰিণজ্যোতি গগৈয়ে আশা প্রকাশ কৰে৷ সংবাদ মেলত যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয়– সমিতিৰ পৰামর্শসমূহ আমি পর্যালোচনা কৰিম আৰু শীঘ্রেই পৰামর্শসমূহ ৰাজহুৱা কৰিম৷ আশা কৰিছোঁ সমিতিৰ পৰামর্শসমূহে নিশ্চয় অসমৰ আর্থ–সামাজিক–ৰাজনৈ বিকাশৰ লগতে আন আন বিষয়সমূহক লৈ আগবাঢ়ি গ’লে অসমখন সুৰক্ষিত হ’ব৷ উল্লেখ্য যে সমিতিৰ পৰামর্শসমূহ অহা ১০ দিনৰ ভিতৰত পর্যালোচনা কৰি নতুন আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে পদক্ষেপ গ্রহণ কৰিব বুলি আছুৰ এক সূত্রই সদৰী কৰে৷ সেই অনুসৰি দুয়োটা সংগঠনৰ নেতৃত্বই অহা ১০ দিনৰ ভিতৰত নতুন আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম–প্রতীক আদি ঘোষণা কৰাৰ লগতে দলৰ জিলা–বুথ সমিতিৰ উপৰি প্রতিদ্বন্দ্বিতা কৰিবলগীয়া সমষ্টিসমূহৰ নাম ঘোষণা কৰিব৷ সংবাদ মেলত আছুৰ সভাপতি দীপাংক কুমাৰ নাথো উপস্থিত থাকে৷

You might also like