নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ প্রতিজন লোকে লাভ কৰিব ভেকচিন

২ শতাংশৰ তললৈ নামিল আক্রান্তৰ হাৰঃ মুখ্যমন্ত্রীৰ ঘোষণা

নিয়মীয়া বাৰ্তা ২৩ জুনঃ ৰাজ্যৰ প্রতিদিনে তিনি লাখ লোকক ক’ভিড ভেকচিন প্রদানৰ লক্ষ্যৰে আৰম্ভ কৰা বর্ধিত টিকাকৰণ অভিযানে আনিছে সন্তুষ্টিৰ বতৰা৷ সুখবৰ কঢ়িয়াই বিগত ৮০ দিনৰ পিছত ক’ৰোনা আক্রান্তৰ হাৰ দুই শতাংশৰ তললৈ হ্রাস পাইছে৷ এনে অৱস্থাত অচিৰেই আক্রান্তৰ সংখ্যা হ্রাস পোৱা জিলাত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনাও বৃদ্ধি পাইছে৷ উল্লেখ্য যে সোমবাৰৰ দিনটোত আক্রান্তৰ হাৰ ১.৬৪লৈ হ্রাস পায়৷ কালিৰ দিনটোত ১,৭০,৮৫৬জন লোকৰ ক’ভিড টেষ্ট সম্পন্ন কৰা হৈছে৷ ইয়াৰে ২,৮০৫গৰাকী লোক ক’ভিড আক্রান্ত বুলি চিনাক্ত হয়৷

ইতিবাচক দিশটো হ’ল যে কালিৰ দিনটোতেই আক্রান্তৰ হাৰ দুই শতাংশৰ তললৈ অহাৰ লগতে পজিটিভ চিনাক্ত হোৱা লোকৰ সংখ্যাও তিনি হাজাৰৰ তললৈ হ্রাস পায়৷ আনহাতে মঙলবাৰৰ দিনটোতো আক্রান্তৰ হাৰ ১.৮৮ শতাংশ হোৱাৰ বিপৰীতে পজিটিভ চিনাক্ত হৈছে ২,৮৬৯গৰাকী লোক৷ উল্লেখ্য যে যোৱা ৬ এপ্রিলত ক’ৰোনাৰ সংক্রমণে ভয়ংকৰ ৰূপ লৈ প্রায় প্রতিদিনে ঊর্ধ্বগামী হৈ আছিল আক্রান্তৰ হাৰ৷ বিগত ৮০টা দিনত প্রতিদিনেই তিনি হাজাৰতকৈ অধিক লোক পজিটিভ চিনাক্ত হৈ থকাৰ লগতে আক্রান্তৰ হাৰো তিনি শতাংশৰ ওপৰত আছিল৷ কিন্তু শেহতীয়াকৈ ক্রমাৎ যেন হাৰ মানিছে ক’ৰোনাই৷

আক্রান্তৰ সংখ্যা কমি অহাৰ লগে লগে কালিৰ দিনটোত এই হাৰ দুই শতাংশৰ তললৈ নামে৷ ইফালে বর্ধিত টিকাকৰণ অভিযানে প্রথম দুটা দিনতে অভিলেখ সৃষ্টি কৰিছে৷ কালিৰে পৰা আৰম্ভ হোৱা এই অভিযানৰ প্রথম দিনটোতে লক্ষ্য অতিক্রম কৰি ৩,৭১,০৮০গৰাকী লোকক ভেকচিন প্রদান কৰা হয়৷  এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– অহা ১৫ আগষ্টৰ ভিতৰত ৰাজ্যৰ প্রতিজন লোকক প্রথমটো ড’জ হ’লেও ভেকচিন প্রদান কৰা হ’ব৷ ইতিমধ্যে আৰম্ভ কৰা বর্ধিত টিকাকৰণ অভিযানে যথেষ্ট সঁহাৰি পাইছে৷ আমাৰ লক্ষ্য– প্রতিদিনে ২ লাখ ৬০ হাজাৰ যদিও প্রথম দিনটোত তিনি লাখতকৈ অধিক লোকক ভেকচিন প্রদান কৰাৰ পিছত আজিৰ দিনটোতো এই লক্ষ্যত উপনীত হ’ব পৰা যাব৷ ভেকচিন পাই থাকিলে এই অভিযান যথেষ্ট উৎসাহেৰে চলি থাকিব৷ ইফালে নতুন সংক্রমণৰ হাৰ হ্রাস হোৱা হেতুকে ক’ভিড নীতি–নিয়ম সলনি কৰা প্রসংগত চলি থকা চর্চাৰ সন্দর্ভত মুখ্যমন্ত্রীয়ে কয়– ক’ভিড প্রট’কল শিথিল কৰা অথবা অন্য নীতি–নিয়মৰ বিষয়সমূহ বুধবাৰে অনুষ্ঠিত হ’ব লগা কেবিনেটত আলোচনা কৰা হ’ব আৰু কাইলৈ প্রকাশ পাব নতুন এছ অ’ পি৷
তৃতীয়া লহৰৰ বাবে সাজু চৰকাৰ  বোকাখাতত কেশৱ মহন্ত
ক’ভিডৰ তৃতীয় জোৱাৰৰ বাবে স্বাস্থ্য বিভাগ সম্পূর্ণৰূপে সাজু হৈ আছে৷ ইয়াৰ বাবে প্রয়োজনীয় আন্তঃগাঁথনি গঢ়ি তোলা হৈছে৷ আজি এই মন্তব্য কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ বোকাখাতৰ নাট্য মন্দিৰত ক’ভিড প্রতিষেধক টিকাকৰণ কেন্দ্র পর্যবেক্ষণ কৰি সংবাদ মাধ্যমক স্বাস্থ্যমন্ত্রীগৰাকীয়্ চৰকাৰৰ প্রস্তুতি সম্পর্কে বিস্তৃত ব্যাখ্যা দাঙি ধৰি কয়– ৰাজ্যৰ প্রতিখন চিকিৎসা মহাবিদ্যালয় হাস্পতালত পেডিয়েট্রিক ইনচেণ্টিভ কেয়াৰ ইউনিট (পি আই চি ইউ) নির্মাণৰ কাম আৰম্ভ হৈছে৷ তদুপৰি প্রতিখন জিলা চিকিৎসালয়তো পেডিয়েট্রিক ইনচেণ্টিভ কেয়াৰ ইউনিট নির্মাণৰ কাম আৰম্ভ কৰা হৈছে৷ তৃতীয় লহৰে শিশুৰ ওপৰত কেনেদৰে প্রভাৱ পেলাব, সেয়া নিশ্চিত হোৱা নাই যদিও স্বাস্থ্য বিভাগে এইক্ষেত্রত যাৱতীয় প্রস্তুতি প্রায় সম্পূর্ণ কৰি তুলিছে৷ মন কৰিবলগীয়া যে সম্ভাব্য তৃতীয় ঢ়ৌৰ বাবে ইতিমধ্যে কেন্দ্রীয় চৰকাৰে প্রতিখন ৰাজ্যক প্রস্তুতি চলাবলৈ নির্দেশ দিছে৷ সেই নির্দেশ অনুসৰিয়েই ৰাজ্যৰ স্বাস্থ্য বিভাগে এহাজাৰখন পেডিয়েট্রিক ইনচেণ্টিভ কেয়াৰ ইউনিট নির্মাণৰ প্রস্তুতি আৰম্ভ কৰিছে৷ প্রতিখন জিলা চিকিৎসালয়ত ১০টাকৈ পি আই চি ইউ নির্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে৷ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব অনুৰাগ গোৱেলে প্রকাশ কৰা মতে, অহা ৬ৰ পৰা ৮ সপ্তাহৰ ভিতৰত অসমত বহুকেইখন পেডিয়েট্রিক ইনচেণ্টিভ কেয়াৰ ইউনিট সাজু হৈ উঠিব৷ ইফালে, আজি স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ইয়াকো উল্লেখ কৰে যে ক’ৰোনাত আক্রান্ত হৈ যিসকল মহিলাৰ স্বামীৰ মৃত্যু হৈছে, সেইসকল মহিলাক পূর্বে ঘোষণা কৰা অনুসৰি মুখ্যমন্ত্রী বিশেষ আঁচনিৰ জৰিয়তে আঢ়ৈ লাখ টকাৰ সাহায্য দিয়া হ’ব৷
লখিমপুৰত মাধৱদেৱ কলাক্ষেত্রৰ নির্মাণ কার্য পৰিদর্শন মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত নির্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্র অহা ৯ মাহৰ পৰা এবছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব বুলি মঙলবাৰে ঘোষণা কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ এই মাধৱদেৱ কলাক্ষেত্র পৰিদর্শনকালত মুখ্যমন্ত্রীগৰাকীয়ে লোকনির্মাণ বিভাগক নির্মাণকার্য খৰতকীয়াকৈ সম্পন্ন কৰিবলৈ নির্দেশ দিয়ে৷ উল্লেখ্য যে প্রায় ৫০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হৈ থকা মাধৱদেৱ কলাক্ষেত্রৰ কাম বিগত চৰকাৰৰ দিনতে আৰম্ভ হৈছিল৷ কিন্তু ক’ভিড পৰিস্থিতিৰ বাবে নির্মাণকার্য লেহেমীয়া হৈ পৰৱর্তী সময়ত বন্ধ হৈ পৰে৷ দ্বিতীয়বাৰৰ বাবে ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ গঠনৰ পিছত আজি প্রায় দিনৰ ১২ বজাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কলাক্ষেত্রখনৰ নির্মাণকার্য পৰিদর্শন কৰি সকলো দিশৰ বুজ লয়৷

মুখ্যমন্ত্রীগৰাকীয়ে  এই সন্দর্ভত কয়– কলাক্ষেত্রখন নির্মাণৰ ক্ষেত্রত চৰকাৰে ষ্টেট প্রায়’ৰিটী হিচাপে কাম আগবঢ়াই নিছে৷ সেয়েহে এই নির্মাণৰ ক্ষেত্রত পুঁজি আবণ্টন, ঠিকাদাৰৰ ৱর্ক অর্ডাৰ আদি কাম যথেষ্ট সহজ হৈ পৰিব৷ যাৰ বাবে নির্ধাৰিত সময়তেই কলাক্ষেত্রখন মুকলি কৰিব পৰা যাব৷ তদুপৰি এই কলাক্ষেত্রখন পৰিচালনা কৰাৰ বাবে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ পৰিচালনা সমিতিক দায়িত্ব দিয়া হৈছে৷ সমিতিয়ে শংকৰদেৱ কলাক্ষেত্র যি নীতি–নিয়মেৰে পৰিচালনা কৰিছে, সেই নীতি–নিয়ম অনুসৰিয়েই মাধৱদেৱ কলাক্ষেত্র পৰিচালনা কৰিব৷ উল্লেখ্য যে বদলা পদ্মআতা সত্রৰ প্রয়াত সত্রাধিকাৰ শ্রীকান্ত গোস্বামীয়ে দানসূত্রে আগবঢ়োৱা সত্রৰ ৪৪ বিঘা ভূমিত প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে মাধৱদেৱ কলাক্ষেত্রৰ আনুষ্ঠানিক আধাৰশিলা স্থাপন কৰিছিল৷ কংগ্রেছ চৰকাৰে আবণ্টন দিয়া ৫ কোটি টকাৰে অতি লেহেমীয়া গতিৰে মাত্র ২০ শতাংশহে নির্মাণকার্য সম্পূর্ণ হৈছিল৷ ২০১৬ চনত বিজেপিৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছত ২০১৯ চনৰ ১৬ আগষ্টত তেতিয়াৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উক্ত কলাক্ষেত্রৰ কাম পৰিদর্শন কৰি মাধৱদেৱ কলাক্ষেত্রৰ বাবে ৩৪ কোটি টকাৰ আবণ্টন দিয়ে৷ এই পুঁজি আবণ্টনৰ পিছতেই কলাক্ষেত্রখনৰ এখন আর্হি প্রস্তুত কৰি ৰাইজৰ আগত প্রদর্শন কৰাৰ পিছত ২০২০ চনৰ ৪ জুনত ইয়াৰ নির্মাণৰ কাম আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়৷

 মুখ্যমন্ত্রী ড০ শর্মাই নির্মীয়মাণ কলাক্ষেত্রখনত উপস্থিত হৈ কামৰ বুজ লোৱাৰ লগতে অহা ৯ মাহৰ পৰা এবছৰৰ ভিতৰত ইয়াৰ নির্মাণকার্য সম্পূর্ণ হ’ব বুলি ঘোষণা কৰে৷ মন কৰিবলগীয়া যে আজিৰ এই পৰিদর্শনৰ সময়তে এখন ৰাজহুৱা সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রীৰ নির্দেশত ক’ভিড প্রট’কলৰ বাবে সভাখন বাতিল কৰা হয়৷ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রীয়ে সংবাদ মাধ্যমক স্পষ্ট কৰে যে কলাক্ষেত্রখনৰ প্রতি থকা সাধাৰণ ৰাইজৰ আৱেগ–নুভূতিৰ বাবে বহু লোক আজি উপস্থিত হৈছিল৷ শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ প্রতি ৰাইজৰ ভক্তি আৰু অনুপ্রেৰণাৰ বাবেই ক’ভিড প্রট’কল আওকাণ কৰা হৈছিল যদিও জিলা উপায়ুক্তক এই সম্পর্কে আঙুলিয়াই সভাখন বাতিল কৰিবলৈ নির্দেশ দিয়ে৷ এই পৰিদর্শনকালতেই মুখ্যমন্ত্রীগৰাকীক বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞাই আনুষ্ঠানিকভাৱে সম্বর্ধনা জনোৱাৰ লগতে মধুপুৰ জৈৱিক চাহ খেতিয়ক গোবিন হাজৰিকাই মুখ্যমন্ত্রী সাহায্য পুঁজিলৈ ২০ হাজাৰ টকাৰ আর্থিক অনুদান আগবঢ়ায়৷ আজিৰ এই পৰিদর্শনকালত মুখ্যমন্ত্রীক সংগ দিয়ে বিহপুৰীয়া সমষ্টিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, লখিমপুৰৰ বিধায়ক মানৱ ডেকা, গহপুৰৰ বিধায়ক উৎপল বৰা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীৰ লগতে ৰাজ্যিক বিজেপিৰ স্থানীয় কেইবাজনো নেতাই৷
সাংসদ গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্রীৰ
চাৰি হাজাৰ কোটি টকা ঋণ কমাই অনাটো বেয়া কাম নেকি
তিনিটা শিতানৰ জৰিয়তে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাই দিবলৈ শেহতীয়াকৈ ৰাজ্য চৰকাৰে কৰা ঘোষণাক লৈ কংগ্রেছী সাংসদ গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্রতিক্রিয়া প্রকাশ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আজি নাৰায়ণপুৰত মাধৱদেৱ কলাক্ষেত্রৰ নির্মাণকার্য পৰিদর্শনৰ সময়তে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত সাংসদ গৌৰৱ গগৈৰ মাইক্র’ফাইনেঞ্চক লৈ কৰা মন্তব্যক তীব্র কটাক্ষ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ তেওঁ কয়– মাইক্র’ফাইনেঞ্চৰ ১২ হাজাৰ কোটি টকাৰ ঋণ ৮ হাজাৰ কোটি টকালৈ কমাই অনাটো ভাল কাম হৈছে নে বেয়া কাম, সেয়া প্রথমে বিচাৰ কৰি চাওক৷ চাৰি হাজাৰ কোটি টকা মাইক্র’ফাইনেঞ্চ কোম্পানীক লোকচান কৰাই দিয়াটো বেয়া কাম হ’ল নেকি? গৌৰৱ গগৈয়ে অংক নাজানে৷ কংগ্রেছৰ একাংশ নেতাই যদি মহিলাসকলক মুখ্যমন্ত্রীয়ে মাইক্র’ফাইনেঞ্চৰ ঋণ ওভতাই নিদিয়ে বুলি উচটাই থাকে, তেন্তে সকলো দিশ বুজি নোপোৱাকৈ মহিলাসকলে প্রতিবাদ কৰিবই৷ কিন্তু তেওঁলোকে বুজি উঠিলে গম পাব আমি তেওঁলোকৰ বাবে কি ভাল কাম কৰিছোঁ৷ দৰাচলতে কংগ্রেছে এই ধৰণৰ চিন্তা–চর্চা কৰিবই নোৱাৰে৷ গৌৰৱ গগৈৰ পিতৃ প্রয়াত তৰুণ গগৈৰ মুখ্যমন্ত্রিত্বৰ কার্যকালত ২২ লাখ লোকৰ জীৱন স্পর্শ কৰা আঁচনি ল’বলৈ সাহস গোটাব নোৱাৰিলে৷ অৰুণোদয়ৰ দৰে সাধাৰণ লোকক চুই যোৱা আঁচনিৰ কথা চিন্তা কৰিবই নোৱাৰিলে৷ তেওঁলোকে কওক মই কি ভুল কৰিছোঁ৷ চিঠি লিখি জনাওক৷

You might also like