গোলাঘাটৰ বালিজানৰ প্ৰচাৰ বিমুখ মহিলা ঢুলীয়া শিল্পী মীৰা বৰুৱা
নিয়মীয়া বাৰ্তা,ঘিলাধাৰী ,১৬মাৰ্চঃ এগৰাকী প্ৰচাৰ বিমুখ মহিলা ঢুলীয়া শিল্পী। ঢোলৰ যাদুৰে শিল্পীগৰাকীয়ে হাজাৰ-হাজাৰ ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁৰ নাম মীৰা বৰুৱা। বৰ্তমান শিল্পীগৰাকী গোলাঘাট জিলা ঘিলাধাৰী মৌজাৰ বালিজান পঞ্চায়তৰ অন্তৰ্গত দ’ বালিজান গাঁৱৰ বাসিন্দা। তেওঁ গোলাঘাট জিলা আঠগাঁও পঞ্চায়তৰ গুৱাল গাঁৱত ১৯৮২ চনত জন্ম হৈছিল। দেউতাকৰ নাম প্ৰয়াত হিতেশ্বৰ বৰা আৰু মাকৰ নাম সৰুমাই বৰা। মীৰা বৰাই পখিলা খেদাৰ বয়সতে ঢোলৰ প্ৰতি আকৰ্ষিত হয় আৰু ব’হাগ বিহুত হুঁচৰি গাওঁতে ঢোল বজায় ৰাইজৰ পৰা সমাদৰ লাভ কৰে। প্ৰথমে তেওঁৰ দেউতাক প্ৰবীন ঢুলীয়া শিল্পী হিতেশ্বৰ বৰাৰ পৰা ঢোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু পাছত শালিকীহাটৰ ঢুলীয়া শিল্পী পানীৰাম শইকীয়াক গুৰু হিচাপে লৈ ঢোলৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। এনেদৰেই শিল্পী গৰাকী ঢোলৰ জয়যাত্ৰা আৰম্ভ হয় আৰু ৰাইজৰ মাজত ঢুলীয়া শিল্পী হিচাপে পৰিচিত হৈ পৰে। তেওঁ গোলাঘাট জিলাৰ বিভিন্ন ঠাইত ঢোল বাদন পৰিৱেশন কৰাৰ লগতে ২০০৩ চনত যোৰহাট অনাতাঁৰ কেন্দ্ৰটো ঢোল পৰিৱেশন কৰি অনাতাঁৰ শিল্পী হিচাপেও পৰিচিত হয়। তেওঁ লক্ষীমপুৰ, বঙাইগাঁও আদি জিলাত ঢোল বজাই আৰু ১৯৯৮ চনত ক’হিমাত অনুষ্ঠিত উত্তৰ পূৰ্বাঞ্চল সমন্বয়ৰ ‘সাতভনী’ৰ অনুষ্ঠানত অসমৰ হৈ ঢোল বজায় বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। ঢুলীয়া শিল্পীগৰাকীয়ে অসমীয়া জনজীৱনৰ পৰা ক্ৰমাত হেৰাই যাবলৈ ধৰা ‘মাননী’ ‘ঘিনখিতা’ ‘তেলটুপী’ ‘টংলতী’ ‘ডুবি টেলেঙনা’ আদি ঢুলীয়াৰ “হাত” সমূহ সাৱলীত ৰূপত পৰিৱেশন কৰি এই সমূহ জীয়াই ৰখাৰ আহোপূৰুষাৰ্থ চেষ্টা কৰি আহিছে।পাছত তেওঁ বালিজানৰ শিৱ বৰুৱাৰ লগত বিবাহপাশত আবদ্ধ হয়।স্বামী শাহু-শহুৰৰ লগতে দুটা সন্তানৰ মাতৃ মীৰা বৰুৱাই বৰ্তমান সাংসাৰিক বান্ধোনত পৰি ঢোল বজাবলৈ আহৰি নোহোৱা বুলি অৱগত কৰিছে।হ’লেও সময় পালেই তেওঁ ঢোলটো কান্ধত তুলি লৈ ঢোলৰ যাদুৰে পৰিৱেশ মুখৰিত কৰি তোলে।এই গৰাকী প্ৰচাৰ বিমুখ শিল্পীয়ে উপযুক্ত সা-সুবিধা পৰি যথোপযুক্ত পৰিৱেশ পোৱা হ’লে বহু দুৰ আগুৱাই গ’ল হেঁতেন!শিল্পী গৰাকীয়ে বিভিন্ন ঠাইত ঢোল পৰিৱেশন কৰি সামান্য মাননী,মানপত্ৰ আৰু সম্বধৰ্ণাৰ বাহিৰে চৰকাৰৰ পৰা উপযুক্ত সা-সুবিধা সাহাৰ্য বা কোনো আঁচনি লাভ কৰা নাই। ৰাইজে এই গৰাকী নীৰৱ ঢোলৰ সাধক, প্ৰচাৰ বিমুখ শিল্পীক উপযুক্ত সন্মান জনাবলৈ চৰকাৰক আহ্বান জনাইছে।