নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত ডাম্পাৰৰ খুন্দাত মহিলাৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৭ অক্টোবৰ : মানকাচৰত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা নিহত হয়। আজি দুপৰীয়া মানকাচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰাঙাপানী গাঁৱৰ আমজাদ আলীয়ে আপাছী বাইকেৰে মানকাচৰৰ পৰা হাটশিঙিমাৰীলৈ গৈ থকাৰ সময়ত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা AS-16 AC-4685 নম্বৰৰ ডাম্পাৰৰ লগত সোণাপুৰত মুখামুখি সংঘৰ্ষত আমজাদ আলীৰ বাইকৰ পিছফালে বহি থকা তেওঁৰ পত্নী মল্লিকা খাতুন ছিটিকি পৰে। পকী পথৰ ওপৰত ছিটিকি পৰাত মল্লিকা খাতুনৰ মূৰত গুৰুতৰভাৱে আঘাত পায় আৰু ঘটনাস্থলীতে মহিলাগৰাকীৰ মৃত্যু হয়। এই ঘটনাত ঘটনাস্থলীত চেপা উত্তেজনা বিৰাজ কৰিছে। অৱশ্যে মানকাচৰ আৰক্ষী থানাৰ ট্ৰেফিক পুলিচে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহটো মানকাচৰ আৰক্ষী থানাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল হাস্পতাললৈ প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like