ৰূপহীহাটৰ ভূৰবন্ধাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা
নিয়মীয়া বাৰ্তা, ৬ জুনঃ ৰূপহী হাটৰ ১ নং ভূৰবন্ধাত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ।এখন নাম্বাৰপ্লেট বিহীন দ্ৰুতবেগী ট্ৰেক্টৰৰ খুন্দাত থিতাতে নিহত স্কুটী আৰোহী এগৰাকী মহিলা। দুৰ্ঘটনাগ্ৰস্ত স্কুটী খনৰ নম্বৰ এএছ ০২ এজি ৮২৪৬ ৷ নিহত মহিলাগৰাকী ৰূপহীহাটৰ লাওগাঁৱৰ নাজমা বেগম বুলি জানিব পৰা গৈছে।নিহত মহিলাগৰাকীৰ লগত আছিল দুই পুত্ৰ-কন্যা। ভয়ংকৰ পথ দুৰ্ঘটনাটোত মহিলাগৰাকীৰ পুত্ৰ-কন্যা গুৰুতৰ ভাৱে আহত হয়।আহত দুই ভাতৃ-ভগ্নীক নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত প্ৰেৰণ।ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।
প্ৰেৰক জহিৰুল ইছলাম