নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিলাপথাৰ-ত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত মহিলা

নিয়মীয়া বাৰ্তা, ২৪ মে’ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত চিলাসুতিত শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৭.৩০ বজাত এক ভয়ংকৰ দুৰ্ঘটনাত এগৰাকী মহিলাৰ নিহত  হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ  পৰা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে চিলাসুতি কমলপুৰৰপৰা ডিমৌ দিপালৈ  দম্পত্তীসহ নিজ ঘৰলৈ ওততাৰ পথত অচিনাক্ত বাহনে খুন্দিয়াই থৈ যায়  কাঠভৰ্তি টমটমত থকা দম্পতীহালক। দম্পতীহালে  ঘৰ বনাবলৈ পাৰ্মা কাঠসমূহ  ঘৰলৈ লৈ  অহা পথত  দুৰ্ঘটনাটো সংঘটিত  হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

ইফালে দুৰ্ঘটনা ফলত মহিলাগৰাকীৰ নিঠৰ দেহৰ প্ৰায়  ৫০ মিটাৰ আঁতৰত পৰি থাকে মুণ্ড। লগে লগে স্থানীয় লোকৰ খৱৰৰ ভিত্তিত ঘটনা স্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখি গুৰুতৰ ভাবে আহত মহিলা গৰাকীৰ স্বামী বাবুলাল বসুমতাৰীক উন্নত চিকিৎসাৰ বাবে  চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত কৰা অচিনাক্ত বাহনখন বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

প্ৰেৰক কৰবী দলে

You might also like