নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰত পৰিত্যক্ত গৃহত মহিলাক বলাৎকাৰ!

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃ শিৱসাগৰ চহৰৰ সমীপত নিৰ্মীয়মাণ গৃহত পৰিত্যক্ত অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ অৱিন্যস্ত অৱস্থাত উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ শিৱসাগৰ জিলাৰ জয়সাগৰ আৰক্ষী চকীৰ অন্তৰ্গত দিছিয়াল গাঁও-জয়সাগৰ এ টি ৰোড সংযোগী বৰগোহাই আলিৰ কাষত নিৰ্মিয়মাণ বাসগৃহত অচিনাক্ত মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য সৃষ্টি হৈছে। মুখত কাপোৰৰ বেণ্ডেজৰ সোপা দিয়া, শৰীৰৰ নিম্নাংশ উন্মুক্ত, তেজ বিৰিঙি থকা মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীৰ শীৰ্ষ বিষয়া- দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ৷ লগতে মহিলাগৰাকীয়ে পৰিধান কৰা অন্তৰ্বাস আৰু পাইজামা সমীপতেই পৰি থকালৈ চাই এয়া বলাৎকাৰ বুলিয়েই সন্দেহ ৰাইজৰ ৷ দিছিয়াল গাঁও নিবাসী তুলসী থাপা ওৰফে কাঞ্চাই লাভ কৰা প্ৰধানমন্ত্ৰী বিনামূলীয়া আৱাস যোজনাৰ গৃহটিত প্ৰৱেশৰ বাবে দৰিদ্ৰ তুলসী থাপাৰ পৰিয়ালটোৱে সকলো প্ৰস্তুতি প্ৰায় সম্পুৰ্ণ কৰি তুলিছিল৷ পিছে আজি গৰু খেদিবলৈ যোৱাৰ সময়তেই তুলসী থাপাৰ ঘৰটোৰ ভিতৰত এগৰাকী মহিলাৰ মৃতদেহ পৰি থকা প্ৰতক্ষ্য কৰে৷ ঘটনাটো ৰাইজে গাঁওৰক্ষী বাহিনীৰ লগতে জয়সাগৰ আৰক্ষী চকীক অৱগত কৰে৷ মহিলাগৰাকীৰ আনুমানিক বয়স ২৫ৰ পৰা ২৮ বছৰ৷  মহিলাগৰাকীক পৈশাষিকভাৱে ধৰ্ষণ কৰি অতি বৰ্বৰভাৱে মূৰত গধুৰ অস্ত্ৰৰে কোবাই মুখত বেণ্ডেজৰ কাপোৰেৰে হেচি ধৰি হত্যা কৰাটো দেখাতেই প্ৰায় স্পষ্ট ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like