নিয়মীয়া বাৰ্তা, ১৬ আগষ্টঃ সাৱধান! ধুবুৰীত সক্ৰিয় বহিঃৰাজ্যত নাৰী সৰবৰাহৰ সৈতে জড়িত চক্ৰ। সুদূৰ ৰাজস্থানৰ পৰা আৰক্ষীয়ে ধুবুৰীৰ এগৰাকী বিবাহিত মহিলাক উদ্ধাৰ কৰাৰ পিছত উঠি আহিছে এই চাঞ্চল্যকৰ বিষয়। ধুবুৰী আৰক্ষীৰ এটি দলে কৰায়ত্ত কৰি ধুবুৰী লৈ আনিছে মহিলাগৰাকীক ক্ৰয় কৰাৰ অভিযোগ উঠা ৰাজস্থানৰ এজন ব্যক্তিকে। জানিব পৰা মতে, মহিলাগৰাকীৰ ভাতৃয়ে ধুবুৰী সদৰ থানাৰ অন্তৰ্গত ধৰ্মশালা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। এজাহাৰখনত জিলাখনৰ গোলকগঞ্জৰ চাপৰ বালাজান অঞ্চলৰ সাহিদূল হ’ক ওৰফে লাল নামৰ যুৱক এজনে তেওঁৰ ২৪ বছৰীয়া ভনীয়েকক ফুচুলাই অপহৰণ কৰাৰ সন্দেহ কৰা বুলি উল্লেখ কৰিছিল ভাতৃয়ে। কিছুদিন পিছত পৰিয়ালৰ সন্দেহ সত্যত পৰিণত কৰিমহিলাগৰাকীয়ে অচিনাকী মোবাইল নম্বৰেৰ যোগাযোগ কৰি সেই যুৱকজনেই এৰি থৈ যোৱা বুলি অৱগত কৰাৰ ল’গতে বৰ্তমান থকা ঠাইত মানসিক আৰু শাৰিৰীক অত্যাচাৰৰ বলী হ’বলগীয়া হোৱা বুলিও ভনীয়েকে উল্লেখ কৰা বুলিও আছে এজাহাৰখনত। সেই এজাহাৰৰ ভিত্তিত তদন্ত চলাই মহিলাগৰাকীৰ ভাতৃক ল’গত লৈ ধুবুৰী আৰক্ষীৰ এটি দলে সুদূৰ ৰাজস্থানত উপস্থিত হৈছিল আৰু অৱশেষত ৰাজ্যখনৰ পাপড়া কলান অঞ্চলৰ পৰা উদ্ধাৰ কৰিছিল মহিলাগৰাকীক। ইতিমধ্যে যোৱা নিশা আৰক্ষীৰ সেই দলটোৱে অপহৃতা সেই মহিলাগৰাকীকে সুকলমে উদ্ধাৰ কৰি ধুবুৰী সদৰ থানাত উপস্থিত হৈছেহি। জানিব পৰা মতে, মহিলাগৰাকী ক্ৰয় কৰাৰ অভিযোগ উঠা ৰাজস্থানৰ পাপড়া কলানৰ ভগীৰথ মলগুজাৰ নামৰ ব্যক্তি এজনকো কৰায়ত্ব কৰি ধুবুৰী আনিছে আৰক্ষীয়ে। আনহাতে সমগ্ৰ ঘটনাটোৰ মূল পাণ্ডাৰূপে অভিযোগ উঠা ছাইদুল হ’ক ওৰফে লাল নামৰ যুৱকজন এতিয়ালৈ পলাতক বুলিয়েই প্ৰকাশ।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী