🔹 চৰাইদেউত এসপ্তাহত চাৰিটাকৈ হত্যাকাণ্ড
বিশেষ বাৰ্তা, ১৬ ফেব্ৰুৱাৰী : আইন-শৃংখলা ক্ৰমাৎ অৱনতি হৈছে নেকি চৰাইদেউ জিলাত ? এই প্ৰশ্নই এতিয়া চৰাইদেউ জিলাবাসীক চিন্তিত কৰি তুলিছে । কিয়নো বিগত এটা সপ্তাহৰ ভিতৰত চাৰিটাকৈ হত্যাকাণ্ড আৰু মৃতদেহ উদ্ধাৰ হৈছে চৰাইদেউ জিলাত। উল্লেখযোগ্য যে যোৱা ১০ ফেব্ৰুৱাৰীত জিলাখনৰ চফ্ৰাইত দিপু দাস নামৰ এজন যুৱকৰ মৃতদেহ সন্দেহজনক অৱস্থাত উদ্ধাৰ হোৱাৰ পাছত যোৱা ১১ ফেব্ৰুৱাৰীত জিলাখনৰ সদৰ সোণাৰি নগৰৰ থুকুবিলত চৌধুৰী নামৰ যুৱকজনৰ মৃতদেহ ঘৰৰ সমীপতে সন্দেহজনকভাৱে উদ্ধাৰ হৈছিল । ইয়াৰ পাছত যোৱা ১৪ ফেব্ৰুৱাৰীত জিলাখনৰ ডুৰিবাম চাহ বাগিচাত অমল খোদাল নামৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত যোৱানিশা জিলাখনৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত টীয়ক চাহ বাগিচাৰ ১ নম্বৰ লাইনত সংঘটিত হয় এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । জানিব পৰা মতে, টীয়ক বাগিচাৰ ১ নম্বৰ লাইনৰ দিনহাজিৰা কৰি সাত সন্তানৰ সৈতে বাস কৰা স্বামীহাৰা ৰেখা গোৱালা নামৰ মহিলাগৰাকীক এজন যুৱকে অতি নিৰ্মমভাৱে হত্যা কৰে। প্ৰতিবেশী যুৱক চাজন বণিক দাস নামৰ যুৱকজনৰ মতানৈক্য হয় মহিলাগৰাকীৰে । ইয়াতে যুৱকজনে খঙত অগ্নিশৰ্মা হৈ ঘৰৰ পৰা এখন চোকা দা লৈ মহিলাগৰাকীক আক্ৰমণ কৰে । দাৰ ঘাপত মূৰ-ডিঙি-বুকুত আঘাতপ্ৰাপ্ত হোৱা মহিলাগৰাকী ঘটনাস্থলীতে নিহত হয় । পাছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে । স্থানীয় ৰাইজৰ সহযোগত হত্যাকাৰী চাজন বণিক দাসক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । স্বামীহাৰা মহিলাগৰাকীয়ে সাত সন্তানক দিনহাজিৰা কৰি পোহপাল দি আহিছিল ।
প্ৰেৰক দীপাংকৰ পাল