নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনিমুৱা চিফুং এক্সপ্ৰেছত মহিলাক ধৰ্ষণ দুই পাষণ্ডৰ

নিয়মীয়া বাৰ্তা,  ৭ আগষ্ট : চলন্ত ৰে’লত নিশা এগৰাকী মহিলাক ধৰ্ষণ কৰাৰ এক ৰোমহৰ্ষক ঘটনা পোহৰলৈ আহিছে। নাৰকীয় কাণ্ডটো সংঘটিত কৰা গোসাঁইগাঁৱৰ জয়পুৰ গাঁৱৰ দুজন যুৱকক ইতিমধ্যে ৰেল আৰক্ষীয়ে আটক কৰিছে৷ ঘটনাৰ সবিশেষ জানিৱ পৰা মতে যোৱা শনিবাৰে গুৱাহাটীৰ পৰা আলিপুৰ জংচন অভিমুখী ১৫৭৫৪ নং নামনিমুৱা চিফুং এক্সপ্ৰেছ ৰে’লখনত সংঘটিত হৈছে এই দুস্কাৰ্য্য। ৰে’লখনৰ এটি দবাত এগৰাকী বিবাহিতা মহিলাই তেওঁৰ শিশুটিৰ সৈতে গন্তব্য স্থান আলিপুৰ অভিমুখে আহি আছিল। যাত্ৰীবিহীন দবাটোত মাতৃ আৰু সন্তানটিৰ বাহিৰে আন কোনো নথকাৰ সুযোগ লৈ আৰু সন্তানটিক বাহিৰলৈ দলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰি দুই দুৰ্বৃত্তই মিলি মহিলাগৰাকীক ধৰ্ষণ কৰে। এই দুষ্কাৰ্য্য সংঘটিত হয় শ্ৰীৰামপুৰ ষ্টেচন অতিক্ৰম কৰাৰ পিছত। ৰে’লখন আলিপুৰ দুৱাৰ ষ্টেচন আহি পোৱাত মহিলাগৰাকীয়ে সমগ্ৰ ঘটনা ৰে’ল আৰক্ষীৰ লগতে ষ্টেচন কৰ্তৃপক্ষক অৱগত কৰে।  তাৎক্ষণিক ৰে’ল আৰক্ষীয়ে উক্ত ৰে’লখনৰ পৰাই দুই ধৰ্ষণকাৰীক আটক কৰিবলৈ সক্ষম হয়। ধৰ্ষণকাৰী দুজন কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ তুলসীবিল আৰক্ষী চকীৰ অন্তৰ্গত জয়পুৰ গাঁৱৰ আবিদুল হুছেইনৰ পুত্ৰ জয়নাল আবেদিন (২৪) আৰু একেখন গাঁৱৰে জামাল শেখৰ পুত্ৰ মইনুল হ’ক (২৭) বুলি ৰেল আৰক্ষী সূত্ৰই অৱগত কৰিছে। উল্লেখ্য যে জয়নাল আবেদিন এটা দাগী আচামী আৰু ইয়াৰ পূৰ্বেও বহু অপৰাধমূলক কামত জড়িত হৈ থকাৰ বাবে ৰে’ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ফাটেকলৈ প্ৰেৰণ কৰা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। স্মতৰ্ৱ্য যে কোনো নিৰ্দিষ্ট কাৰণ অবিহনে ৰে’ল বিভাগে চিফুং ৰেলগাড়ীখনৰ বহু ষ্ট’পেজ বিলুপ্ত কৰাৰ ফলত নিশাৰ ভাগত উক্ত ৰে’লখনত যাত্ৰী সেৰেঙা হোৱাৰ সুৰুঙা লৈ আৰু ৰে’লত নিয়োজিত নিৰাপত্তাৰ নিস্ক্ৰিয়তাৰ সুযোগ লৈয়েই এনে ঘটনা সংঘটিত হোৱা বুলি সচেতন মহলৰ ধাৰণা  কৰিছে ৷
প্ৰেৰক ৰুবুল পাঠক
You might also like