নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰীয়েই সবল কৰি তুলিব পাৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি : ৰঞ্জিত কুমাৰ দাস

🔹 সপোনৰ পৰা বাস্তৱলৈ লাখপতি বাইদেউৰ পৰিক্ৰমা

নিয়মীয়া বাৰ্তা,  ১০ মাৰ্চ : “ভাৰতৰ গ্ৰামাঞ্চলৰ মহিলাসকলৰ জীৱিকা উত্তৰণৰ লক্ষ্যৰে আৰম্ভ হৈছিল গ্রামীণ জীৱিকা অভিযান৷ এই অভিযানৰ জৰিয়তে গাঁৱত বসবাস কৰা আর্থিকভাৱে দুৰ্বল পৰিয়ালৰ মহিলাসকলক স্বাৱলম্বিতাৰ জৰিয়তে আয়ৰ পথ প্রশস্ত কৰিবলৈ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে লৈছে কেইবাটাও সুদূৰপ্ৰসাৰী পদক্ষেপ। কেন্দ্ৰীয় চৰকাৰৰ আৰ্থিক অনুদান তথা পুঁজিৰ জৰিয়তে ৰূপায়ণ হৈ থকা এই গ্রামীণ জীৱিকা অভিযানত অসম চৰকাৰেও হাত উজান দি সর্বতোপ্ৰকাৰে অংশগ্রহণ কৰিছে। ভাৰতবৰ্ষৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ মাৰ্গদর্শন আৰু অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত অসমতো গ্রামীণ জীৱিকা অভিযানে সফলতাৰ বাট বুলিছে।”- এই মন্তব্য অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ৷ আজি এক বিজ্ঞপ্তিযোগে পাটাছাৰকুছি সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী দাসে কয়- “নাৰীয়েই শক্তি, নাৰীয়েই পৃথিৱী, নাৰীয়েই সবল, শক্তিশালী কৰি তুলিব পাৰে গ্ৰাম্য অৰ্থনীতিৰ ভেটি। এই আদৰ্শক আগত লৈ বিগত সময়ছোৱাত গাঁৱৰ মহিলাসকলক একগোট কৰি আত্মসহায়ক গোটৰ অন্তৰ্ভুক্ত কৰা হয় আৰু তাৰ পিছত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পৰা ঘূর্ণীয়মান পুঁজি যোগান ধৰি জীৱিকা উত্তৰণৰ দিশত এটা খোজ আগবঢ়াই দিয়া হয়৷” তেওঁ কয়- “আমাৰ চৰকাৰে ৰূপায়ণ কৰা কনকলতা মহিলা সবলীকৰণ আঁচনিখনে এইক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে। পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ নেতৃত্বত অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যা মহিলাসকলক বিভিন্ন দিশত জীৱিকা অৰ্জনৰ প্ৰশিক্ষণ দিয়া হয়। যোৱা দহটা বছৰত গ্ৰামীণ জীৱিকা অভিযানত কেন্দ্ৰীয় চৰকাৰে কেবাটাও দূৰদৰ্শী পদক্ষেপ গ্রহণ কৰিছে। অসমত বসবাস কৰা লোক কথা বিভিন্ন জনগোষ্ঠীৰ জীৱিকাৰ পথ ভিন্ন ভিন্ন। ৰাজ্য আৰু জিলাসমূহৰ বিভিন্নতাক সমল হিচাপে লৈ সকলোৰে বাবে সুবিধা হোৱাকৈ বিভিন্ন ধৰণৰ জীৱিকা উপাৰ্জনৰ পথ নিৰ্বাচন কৰা হৈছে। কৃষি-পশুপালনকে আদি কৰি ক্ষুদ্ৰ ব্যৱসায় আদিৰ বাবে মহিলাসকলক উদগনি যোগোৱাৰ লগতে চৰকাৰীভাৱে তেওঁলোকৰ বাবে বজাৰ সৃষ্টি কৰা, তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ সময়ৰ লগত খাপ খাব পৰাকৈ পেকেজিং, মার্কেটিঙৰ লগতে প্রয়োজনীয় বেংকৰ লোন আদিৰ ব্যৱস্থা কৰি দিয়া হয়। লক্ষ্য এটাই- মহিলাসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ আয় বৃদ্ধি কৰি জীৱিকাৰ উত্তৰণ ঘটোৱা। বর্তমান ‘লাখপতি বাইদেউ’, বিষয়টো ৰাইজৰ মাজত চৰ্চালৈ আহিছে। অসমৰ বাহিৰত ই ‘লাখপতি দিদি’ বুলি পৰিচিত। এইবাৰ সদনত ভাৰতবৰ্ষৰ বিত্তমন্ত্রী নির্মলা সীতাৰমণে উপস্থাপন কৰা অন্তৰ্ৱর্তী বাজেটখনত ‘লাখপতি বাইদেউ’-এ সকলোৰে দৃষ্টি আকর্ষণ কৰিছে, ইয়ে প্রধানমন্ত্রীৰ গ্ৰাম্য অৰ্থনীতি তথা মহিলা সবলীকৰণৰ যি সপোন, সেয়া বাস্তৱৰ পিনে ধাৱমান হোৱাৰ দিশত আগবঢ়াইছে। এই বাজেটত বৰ্তমানৰ ‘লাখপতি বাইদেউ’ৰ সংখ্যা দুই কোটিৰ পৰা তিনি কোটিলৈ লৈ যোৱাৰ কথা উল্লেখ কৰিছে। ‘লাখপতি বাইদেউ’ এতিয়া এটা সপোন নহয়, এতিয়া ই বাস্তৱ। দৰিদ্ৰতাৰ পৰা মুক্ত কৰি আৰ্থিক স্বাধীনতা প্ৰদান কৰাৰ দিশত ‘লাখপতি বাইদেউ’সকলে এক নতুন দৃষ্টান্ত দাঙি ধৰিছে। গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে জীৱিকা উত্তৰণৰ বাবে কৰি থকা কামৰ মূল্যায়ন কৰিবলৈ বার্ষিক আয়ক আধাৰ হিচাপে লোৱা হৈছে আৰু গ্রামীণ জীৱিকা অভিযানৰ সফলতাৰ এক অন্যতম মাইলৰ খুঁটি হ’ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাৰ্ষিক আয় ১ লাখ টকা কৰা। যিসকল মহিলাই নিজৰ বাৰ্ষিক আয় ১ লাখ টকা কৰিব পাৰিছে, তেওঁলোক আজি ‘লাখপতি বাইদেউ’ বুলি পৰিচিত হৈছে। লাখপতি বাইদেউসকলৰ সফলতাৰ আঁৰত আছে তেওঁলোকৰ অদম্য কর্মস্পৃহা আৰু চেষ্টা। নিজৰ ঘৰ-পৰিয়ালৰ সাধাৰণ দায়িত্ব পালন কৰাৰ উপৰি পৰিয়ালটোক আর্থিকভাৱে সকাহ দিবৰ বাবে তেওঁলোকে আত্মসহায়ক গোটৰ জৰিয়তে আৰম্ভ কৰিছে ‘লাখপতি’ হোৱাৰ আন্দোলন। এগৰাকী মহিলাৰ সফলতাৰ কাহিনীয়ে প্ৰেৰণা দিছে আন দহগৰাকী মহিলাক। গাঁৱৰ মহিলাসকলক একগোট কৰি আত্মসহায়ক গোটত অন্তর্ভুক্ত কৰি পৰৱৰ্তী পৰ্যায়ত গ্রাম্য সংগঠন আৰু মণ্ডল পৰ্যায়ৰ সংগঠন গঠন কৰি তেওঁলোকৰ এক শক্তিশালী ভেটি গঠন কৰা হয়, যিয়ে আর্থিক আৰু সামাজিক দিশত অগ্ৰসৰ হ’বলৈ মহিলাগৰাকীক সাহস দিয়ে। জীৱিকা উত্তৰণৰ বাবে ঢাপে ঢাপে আগুৱাই নি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাৰ্ষিক আয় ন্যূনতম ১ লাখ টকা কৰিবলৈ অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানে লক্ষ্য স্থিৰ কৰিছিল আৰু আজি অসমত প্রায় ৭ লাখ মহিলাই নিজকে লাখপতি হিচাপে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। আত্মসহায়ক গোটৰ মহিলাসকলক গ্রামীণ জীৱিকা অভিযানৰ জৰিয়তে সময়ে সময়ে মূল্যায়নৰ ব্যৱস্থা কৰি থকা হৈছে আৰু মহিলাসকলে নিজেই লাখপতি হোৱা বুলি ঘোষণা কৰিছে।” মন্ত্ৰী দাসে বিজ্ঞপ্তিযোগে কয় যে অসমতো মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ‘মুখ্যমন্ত্রী উদ্যমিতা অভিযান’ তথা ‘লাখপতি বাইদেউ’ আঁচনিৰ বাবে ইতিমধ্যে আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে প্ৰ-পত্ৰৰ জৰিয়তে আবেদন আহ্বান কৰিছে। এই আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ সদস্যাসকলক প্রথম পর্যায়ত দহ হাজাৰ টকাকৈ উদ্যমিতা পুঁজি দিয়া হ’ব আৰু পিছত ২৫ হাজাৰ টকাৰ বেংকৰ ঋণ আগবঢ়োৱা হ’ব। এই ২৫ হাজাৰ টকাৰ ৫০% ধন ঘূৰাব নালাগে। সৰ্বমুঠ ৩৫ হাজাৰ টকাৰ আর্থিক সাহায্যই প্রায় ৪০ লাখ মহিলাক সামৰি ল’ব আৰু এই আঁচনিয়ে লাখপতি হ’ব বিচৰা বাইদেউসকলক উৎসাহ যোগাব। ইয়ে গ্রামাঞ্চলৰ লগতে সামগ্রিকভাৱে ৰাজ্যৰ অৰ্থনীতিত এক যোগাত্মক প্রভার পেলাব। অতি সোনকালেই অসমৰ আত্মসহায়ক গোটৰ সকলো মহিলাই ‘লাখপতি বাইদেউ’ হোৱাৰ গৌৰৱ অর্জন কৰিব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সন্তোষেৰে ব্যক্ত কৰে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like