নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শালকোছা সংৰক্ষিত বনাঞ্চলত মহিলা বনকৰ্মীৰ সফল অভিযান

🔹 গছ কাটি থকা অৱস্থাত চোৰাং ব্যৱসায়ীক আটক

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : বিলাসীপাৰা সমজিলা শালকোছা প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত আজি এদল মহিলা বনকৰ্মীয়ে দু:সাহসিক অভিযান চলায়। অভিযানটোত অপৈণত  মূল্যৱান গছ কাটি থকা অৱস্থাত এজন চোৰাং ব্যৱসায়ীক হাতে-লোটে আটক কৰি সাহসিকতাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। শালকোছা আঞ্চলিক বন বিষয়া কবিন বৰাই জানিবলৈ দিয়া মতে, প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলত এদল দুষ্টচক্ৰই অপৈণত গছ কাটি তহিলং কৰাৰ চেষ্টা চলাই আহিছে। বিভাগটোৰ বিষয়া-কৰ্মীৰ অহৰহ প্ৰচেষ্টাত গছসমূহক ৰক্ষা কৰাৰ প্ৰয়াস কৰি আহিছে। তৎসত্ত্বেও বনাঞ্চলৰ ভিতৰৰ পৰা ছেগ বুজি অপৈণত গছ কাটি চোৰাং ব্যৱসায় চলাই আহিছে। এনে সন্ধিক্ষণত আজি বিষয়া বৰাই ফৰেষ্টাৰ ক্ৰমে বিউটি দাস আৰু কৰিস্মা দেউৰী, বনকৰ্মী বৰ্লিনা মউট আৰু পূৰ্ণিমা লোইঙক প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলখনত টহল দিয়াৰ বাবে নিৰ্দেশ দিয়ে। এই নিৰ্দেশ পাই মহিলা বনকৰ্মীৰ দলটোৱে এক অভিযান চলায়। অভিযানকাৰী দলটোৱে বনাঞ্চলটোত যুৱক এজনে গছ কাটি থকা প্ৰত্যক্ষ কৰে। পিছত যুৱকজনক হাতে-লোটে আটক কৰি কাৰ্যালয়লৈ আনে। আটকাধীন যুৱকজন শ্ৰীগ্ৰাম পঞ্চম খণ্ড গাঁৱৰ আলাউদ্দিন সেখ বুলি চিনাক্ত কৰিছে। যুৱকজনৰ পৰা এখন গছ কটা কৰত আৰু কুঠাৰ জব্দ কৰিবলৈ সক্ষম হৈছে। বিভাগীয় বিষয়াই আটকাধীন যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰজু  কৰি আজি আদালতত হাজিৰ কৰোৱায়।

প্ৰেৰক সমৰেশ শীল শৰ্মা

You might also like