নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰৰ লোক্ৰাৰ ভানুচ’কত সুদখোৰ মহিলাৰ দৌৰাত্ম্য

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰ : ৰাজ্যত সুদখোৰৰ বিৰুদ্ধে অভিযান অব্যাহত থকাৰ মাজতে শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ লোক্ৰাৰ লবৰঘাৰী ভানুচ’কৰ এগৰাকী মহিলাই সুদৰ নামত একাংশ লোকক মানসিকভাৱে হাৰাশাস্তি কৰি আহিছে। অভিযোগ অনুসৰি, ভানুচ’কৰ বাসিন্দা ৰেখা প্ৰধান নামৰ নেপালী সম্প্ৰদায়ৰ মহিলাগৰাকীয়ে কাবুলীৱালা আৰু অন্যান্য ব্যক্তিৰ ধন গ্ৰাহকৰ মাজত নিজে এজেন্ট তথা মধ্যভোগীৰ ভূমিকা পালন কৰি প্ৰতিমাহত গ্ৰাহকসকলক মানসিকভাৱে হাৰাশাস্তি কৰে। উক্ত মহিলাগৰাকীৰ দোকানত বহে সুদখোৰৰ আড্ডা। এই আড্ডাত চামিল হয় একাংশ কাবুলীৱালা আৰু টকা ধাৰলৈ দিয়া কিছুমান বিশেষ ব্যক্তি। মহিলাগৰাকীয়ে বিভিন্ন প্ৰলোভন দি ১০ শতাংশ সুদত টকা ধাৰলৈ দিয়ে গ্ৰাহকক। সুদ নিদিলে আৰম্ভ কৰে বিভিন্ন ভাবুকি। মহিলাগৰাকীয়ে বৰ্তমান সময়ত কেইবাগৰাকীও লোকক সুদৰ নামত ফোনযোগে ভাবুকি প্ৰদান কৰি অহাত অতীষ্ঠ হৈ আজি একাংশ ভুক্তভোগীয়ে জিলা আয়ুক্ত আৰু চাৰিদুৱাৰ থানাত মহিলাগৰাকীৰ গ্ৰেপ্তাৰৰ দাবী জনাই অভিযোগ দাখিল কৰাৰ যো-জা কৰা বুলি এই প্ৰতিবেদকক জানিবলৈ দিছে। উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৰাইজক সুদখোৰক সুদ নিদিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশকো কেৰেপ নকৰি ৰাইজক হাৰাশাস্তি কৰি অহা প্ৰধান উপাধিৰ মহিলাগৰাকীৰ বিৰূদ্ধে অনতিপলমে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like