নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ সংগ্ৰহ সহস্ৰাধিক মহিলাৰ

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰী : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে মহিলা সবলীকৰণৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ৰাজ্যখনত আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান শীৰ্ষক এক অভিলাষী আঁচনি । আঁচনিখনৰ অধীনত মহিলাসকলে লাভ কৰিব আৰ্থিক সাহায্য । সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰৰ বালিপৰা, চাৰিদুৱাৰ, ৰঙাপৰা অঞ্চলৰ গাঁও পঞ্চায়তসমূহত কালি এই আঁচনিৰ প্ৰ-পত্ৰ মহিলাসকলৰ মাজত বিতৰণ কৰা হয়। পুৱাৰে পৰা পঞ্চায়তসমূহৰ লগতে পঞ্চায়তে নিৰ্ধাৰণ কৰি দিয়া স্থানত হাজাৰ হাজাৰ মহিলা উপস্থিত হৈ বিভাগীয়ভাৱে উদ্যমিতা আঁচনিৰ প্ৰ-পত্ৰ সংগ্ৰহ কৰা পৰিলক্ষিত হয় । কাৰ্যসূচীৰ সফল ৰূপায়ণত পৰ্যবেক্ষকৰ ভূমিকাত ঠায়ে ঠায়ে নিৰ্দিষ্ট সমষ্টিৰ বিধায়কো উপস্থিত থাকে । প্ৰাপ্ত তথ্য মতে, বালিপৰা-চাৰিদুৱাৰ অঞ্চলৰ ক্ৰমে মানশিৰি গাঁও পঞ্চায়তত ১৪৪৬গৰাকী, ফুলবাৰী গাঁও পঞ্চায়তত ১১৪৫গৰাকী, লোক্ৰা গাঁও পঞ্চায়তত ১৩৬১গৰাকীয়ে প্ৰ-পত্ৰ সংগ্ৰহ কৰে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like