বিশেষ বাৰ্তা, বিশ্বনাথ, ৬ এপ্ৰিলঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান খণ্ড অভিযান পৰিচালনা শাখা, বাঘমৰা উন্নয়ন খণ্ডৰ উদ্যোগত ৰতোৱা চেন্টাৰৰ সমীপত গঢ় লৈ উঠা আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা উৎপাদিত থলুৱা সামগ্ৰীৰে সমৃদ্ধ “অসমী মহিলা বজাৰ”খন কালি বিহালীৰ বিধায়ক ৰনজিৎ দত্তই শুভাৰম্ভ কৰে৷ বিধায়ক দত্তই সমাজৰ প্ৰগতিত ব্যৱসায়িক মনোবৃত্তিৰে আগবাঢ়ি গৈ একোগৰাকী মহিলাৰ স্বাৱলম্বিতাৰ কাহিনীয়ে শেহতীয়াকৈ উৎসাহিত কৰিছে বুলি অভিহিত কৰে। আত্মনিৰ্ভৰশীলতাৰ দিশত এখোজ আগুৱাই সফলতাৰ শিখৰত আৰোহণ কৰাৰ ক্ষেত্ৰত মহিলাসকলে যি বাট নিশ্চিত কৰিছে সেয়া সঁচাকৈ প্ৰশংসনীয় বুলিও বিধায়ক দত্তই মন্তব্য কৰে। অনুষ্ঠানটোত উপস্থিত থাকে বিশ্বনাথ জিলাৰ মুখ্য কাৰ্য্যবাহী বিষয়া প্ৰদীপ সূত্ৰধৰ, বাঘমৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ কুমাৰ বৰা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান বাঘমৰা উন্নয়ন খণ্ডৰ বিষয়া যোৱাকিম হাচদা প্ৰমুখ্যে বিভাগীয় বিষয়াসকল৷