শিৱসাগৰত ক’ৰোনা আতংকৰ মাজতেই সন্তান প্রসৱ কৰিলে আফ্রিকা মহাদেশৰ মহিলাই
চৌদিশে এক ৰুদ্ধশ্বাস পৰিৱেশ৷ দেশজুৰি কাল ক’ৰোনাৰ আতংক৷ নিশা হ’লেই সান্ধ্য আইন৷ মানি চলিব লাগিব ক’ভিড প্রট’কল৷ সকলো বন্ধ৷ ধর্মীয় অনুষ্ঠান, বিবাহ, ৰাজহুৱা সভা, ক্রীডা, অনুশীলন, সাংস্কৃতিক অনুষ্ঠানত কঠোৰ বাধ্যবাধকতা৷ অবিৰত ভাহি উঠিছে মৃত্যুৰ কিৰীলি৷ কিন্তু তাৰ মাজতো হাজাৰ প্রতিকূলতাক নেওচি আই মাতৃৰ গর্ভত থিতাপি লোৱা এটি দেৱ শিশুৱে স্বদেশ এৰি বিদেশৰ ভূমিত নিৰাপদে ভূমিস্থ হোৱাৰ বতৰাই ৰাইজক উৎফুল্লিত কৰি তুলিছে৷ একপ্রকাৰৰ জন্ম, মৃত্যু আৰু বিবাহ মানুহৰ ইচ্ছাৰ দ্বাৰা নহয়, কিন্তু ভাগ্যৰ লিখনৰ দ্বাৰা বাস্তৱ হয়৷ এনে এক বিদেশত জন্মৰ ঘটনা সংঘটিত হ’ল ঐতিহাসিক শিৱসাগৰত৷ আফ্রিকা মহাদেশৰ নামিবিয়াৰ পৰা আহি অসম ৰাজ্যৰ শিৱসাগৰত সন্তান প্রসৱ কৰা আফ্রিকান যুৱতীগৰাকীৰ নাম লীনা৷ শিৱসাগৰ নগৰৰ আদিত্য নার্ছিংহোম নামৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়খনত যোৱা বৃহস্পতিবাৰে নামিবিয়া দেশৰ নাগৰিক লীনা ডাপাণ্ডুলা আছিনু নামৰ এগৰাকী ৩২ বছৰীয়া যুৱতীয়ে এক পুত্র সন্তান প্রসৱ কৰাৰবতৰাই ৰাইজৰ লগতে চিকিৎসক মহলকো আনন্দিত কৰি তুলিছে৷ বৃহস্পতিবাৰে বিয়লি ছিজাৰিয়ান পদ্ধতিৰে উক্ত প্রসৱ সম্ভৱ কৰে চিকিৎসক প্রসূতি বিশেষজ্ঞ প্রশান্ত প্রতিম শর্মা, ললিত বৰা,বন্দনা গুপ্তা, শিশু বিশেষজ্ঞ শ্রীমন্ত লাহন, ফণীন্দ্র গগৈ আৰু এনাস্থেছিয়াছ সুৰজিত গিৰীৰ দলে৷ পৰিয়ালৰ কোনো সদস্য উপস্থিত নথকাৰ অৱস্থাত এগৰাকী বিদেশী লোকৰ ছিজাৰিয়ান প্রসৱ কৰা কাম যথেষ্ট প্রত্যাহ্বানমূলক যদিও সফলতাৰে সম্পন্ন হ’ল বুলি চিকিৎসক প্রশান্ত প্রতিম শর্মাই সাংবাদিকক জানিবলৈ দিয়ে৷ উল্লেখ্য যে ভাৰত চৰকাৰৰ শিক্ষা আৰু সাংস্কৃতিক পৰিক্রমাৰ অন্তর্গত এক জলপানি লৈ আফ্রিকা মহাদেশৰ লীনা ডাপাণ্ডুলা আছিনু নামৰ যুৱতী গৰাকী শিৱসাগৰৰ শিৱসাগৰ সমবায় বিশ্ববিদ্যালয়ত এবছৰীয়া এম বি এ ডিপ্ল’মাৰ শিক্ষা গ্রহণ কৰি আছিল৷ বিগত বছৰত নামভর্তি কৰা কিন্তু ক’ৰোনা অতিমাৰীৰ বাবে শ্রেণী শিক্ষা নোহোৱাৰ ফলত অন্তঃসত্ত্বা হোৱা সত্ত্বেও চলিত বছৰৰ ফেব্রুৱাৰী মাহত শিক্ষাগ্রহণৰ বাবে শিৱসাগৰত উপস্থিত হয়৷ কিন্তু শেহতীয়াকৈ ক’ৰোনা অতিমাৰীয়ে ভাৰতৰ পৰিস্থিতি বিকল কৰি তোলাত অৱশেষত শিৱসাগৰতে সন্তান প্রসৱ কৰে আফ্রিকাৰ লীনাই৷ বর্তমান সুস্থ প্রসূতি আৰু সন্তানক লৈ সন্তুষ্টি ব্যক্ত কৰিছে লীনাৰ সহপাঠী তথা বন্ধু৷ শিৱসাগৰত সম্পন্ন হোৱা চিকিৎসা, অস্ত্রোপচাৰ আৰু মেডিকেল দলৰ কামত সন্তুষ্টি প্রকাশ কৰি চিকিৎসা ব্যৱস্থাৰ শলাগ লৈ লীনাই শিৱসাগৰৰ সকলো চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ শলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে নামিবীয়াৰ যুৱতীগৰাকীয়ে ভাৰতত সন্তান জন্ম দিয়াৰ লগে লগেই ভাৰতৰ আইন অনুসৰি জন্মসূত্রে এগৰাকী আফ্রিকান মূলৰ লোকে ভাৰতৰ নাগৰিকত্ব লাভ কৰিলে বুলি সৰৱ আলোচনা চলিছে৷ উল্লেখ্য যে অবিবাহিত লীনাৰ এইটো দ্বিতীয় সন্তান৷ যি সময়ত সমগ্র দেশত সর্বনাশী ক’ৰোনাই মানুহৰ জীৱন দুর্বিষহ কৰি তুলিছে, চৌদিশে ব্যাপক ৰূপত চিকিৎসাৰ অভাৱ ঘটাৰ লগতে আন ৰোগত আক্রান্ত ৰোগীয়ে প্রতিদিনেই ব্যাপক সমস্যাৰ সন্মুখীন হৈছে সেই সময়তেই ক’ৰোনা মহামাৰীৰ সকলো প্রতিকূলতাক নেওচি অসমৰ চিকিৎসকৰ নিৰাপদ শুশ্রূষাৰ মাজেৰেই এগৰাকী আফ্রিকাৰ যুৱতীয়ে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ শিৱসাগৰত সন্তান জন্ম দিয়াৰ ঘটনা নিশ্চিতভাৱে এই মুহূর্তত এক আশাব্যঞ্জক খবৰ হিচাপে পৰিগণিত হৈছে৷