নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ দখলেৰে গৌৰৱ কঢ়িয়ালে হাৰমতীৰ টুলুমণিয়ে

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ হাৰমতীৰ সমীপৰ শান্তিপুৰ গাঁৱৰ জীয়ৰী তথা পথালিপাহাৰৰ বোৱাৰী টুলুমণি তামলীয়ে অসমৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত সৌন্দৰ্য  প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বিভিন্ন খিতাপ দখল কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ তেওঁ  উজনি অসমৰ গ্লেমাৰ মিছেছ কুইন, গুৱাহাটীৰ ৰুক্মিণী নগৰ প্ৰেক্ষাগৃহত হোৱা অসম ডিভাইনত নেছনেল ডিভাইন উইনাৰ, উত্তৰ লখিমপুৰত মিষ্টাৰ কিং এণ্ড মিছেছ কুইনত প্ৰথম উইনাৰ আৰু গুৱাহাটীৰ শিল্পগ্ৰামত হোৱা অল আছাম বিউটী পাজেনট্  কামৰূপা ২০২২ৰ প্ৰতিযোগিতাত অংশ লৈ উইনাৰ হিচাপে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে লখিমপুৰৰ পথালিপাহাৰৰ টুলুমণি তামুলীয়ে। লখিমপুৰৰ পথালিপাহাৰৰ প্ৰাঞ্জল তামুলীৰ পত্নী টুলুমণি তামুলীয়ে সৌন্দৰ্য প্ৰতিযোগিতাৰ জৰিয়তে অসমৰ বিভিন্ন ঠাইত উইনাৰ, শ্ৰেষ্ঠ উইনাৰ হিচাপে খিতাপ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে এক মাত্ৰ তেওঁৰ স্বামী আৰু শাহু মাৰ বাবে বুলি উল্লেখ কৰে। লগতে কয় যে সৌন্দৰ্য চৰ্চাৰ সমান্তৰালভাৱে মই নৃত্য আৰু গীত গাই ভাল পাওঁ। শংকৰদেৱ মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী টুলুমণি তামুলীৰ সফলতাত স্বামী প্ৰাঞ্জল তামুলীৰ লগতে শাহু তথা স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
প্ৰেৰক মুকুল ভূঞা
You might also like