নিয়মীয়া বাৰ্তা, ২১ মাৰ্চ : যোৱাকালি কথমপি বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে ধুবুৰী পৰা বৰলুইতৰে দক্ষিণ পাৰৰ চালবান্ধা অভিমুখী এখন লেছিচালিত এখন লঞ্চৰ যাত্ৰী। জানিব পৰা মতে, ধুবুৰী জিলা পৰিষদৰ নিয়ন্ত্ৰণাধীন তথা চহৰখন মেলা ঘাটৰ পাৰধাটৰ পৰা যাত্ৰা কৰা সেই লঞ্চখনৰ অকষ্মাতে তলি ফাটি পানী শুমাবলৈ ধৰে। অৱশ্য চালকে কাষৰ এটা চৰাঞ্চলৰ পাৰ কাষলৈ লঞ্চখন নিবলৈ সক্ষম হয় আৰু ফলত সৌভাগ্যক্ৰমে ৰখা পৰে সেইখনত থকা ৪০/৫০ গৰাকী যাত্ৰী। উল্লেখ্য যে, যাত্ৰীবাহী সেই লঞ্চখনত যাত্ৰীৰ উপৰিও বুজন পৰিমাণৰ গেলামালৰ সামগ্ৰীও পঠোৱা হৈছিল।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী